ডাঙৰ ঘৰ দিছিল। সেই ঘৰতে আমি বৰ সুখে-সন্তোষে কাল
কটাবলৈ ধৰিলোঁ।
এদিন হঠাতে মোৰ সেই ঠাইৰ এজন বিশিষ্ট বন্ধুৰ পত্নী ঢুকুৱাৰ বাতৰি পালোঁ। মই ততালিকে তেওঁৰ কাষলৈ গৈ তেওঁক নানাভাৱে বুজনি দিলোঁ। মোৰ কথাৰ অন্তত তেওঁ মোক ভাঙি ক’লে বোলে তেওঁ ঘৈণীয়েকৰ মৰণত যে সিমান দুখ কৰিছে এনে নহয়, সেই দেশত এনে এটা নিয়ম আছে যে ঘৈণীয়েক মৰিলে গিৰিয়েকক জীয়াই জীয়াই লগতে পুতিব লাগে, আৰু সেইমতে তেওঁকো এঘণ্টাৰ পাছতে নি পুতিবগৈ। কথাটো শুনিয়েই মই উচপ খাই উঠিলোঁ।
তাৰ অলপ পাছতে সেই মৰা মানুহগৰাকীক গা-পা ধুৱাই বৰ জাক-জমক সাজ-পাৰ আৰু মণি-অলঙ্কাৰ পিন্ধাই এটা মুকলি পেৰাত ভৰাই পুতিবলৈ লৈ গ'ল। পিছে পিছে গিৰিয়েকো গৈছে। মই আৰু তেওঁৰ আন বন্ধু-বান্ধৱ সকলে লগতে যাত্ৰা কৰি এটা পৰ্বতৰ ওপৰলৈ গ’লোঁ। তেওঁলোকে এটা বৰ দ গাতৰ মুখৰ বৰ ডাঙৰ শিল এছটা গুচাই তাতে সেই পেৰাটোৰে সৈতে মৰা শৱটো পেলাই দিলে। আমাক সকলোকে মাত লগাই অঁতালত সেই বন্ধুজনক সাতোটা সৰু ৰুটি আৰু এলোটা পানী দি তেওঁলোকে আন এটা মুকলি পেৰাত ভৰালে। আৰু পেৰাটো সেই গাতলৈকে পেলাই দি এছটা ডাঙৰ শিলেৰে গাতটো ঢাকি পেলালে। তাৰ পাছত সকলো ঘৰাঘৰি গুচি আহিল।
এই দৃশ্য দেখি মোৰ মনত যি ভয় সোমাল, সেই ভয়ৰ ভিতৰতেই মোৰ ঘৰৰ ঘৈণী নৰিয়াত পৰিল আৰু সেই বেমাৰতে ঢুকাল। মোৰ প্ৰতি স্নেহ আৰু সহানুভূতি থকাৰ কাৰণে ৰজা আৰু ঘাই সভাসদসকলে মোকো সেইদৰেই সেই সমাধিৰ ঠাইলৈ নিবলৈ আহিল। মোৰ ঘৈণীগৰাকীক এটা মুকলি পেৰাত ভৰাই আগে আগে নিছে আৰু ময়ো পিছে পিছে গৈছোঁ। শেষত সেই পবৰ্তটো পালোঁগৈ আৰু সাতোটা ৰুটি আৰু এলোটা পানী থৈ মোক তাতে ভৰাবলৈ