পাছত মই আগতে কথা কৈ তেওঁৰ ভয় ভাঙি দিলোঁ। মোক তেওঁ সুধিলে, “তুমি কোন? ইয়ালৈ কেনেকৈ আহিলা?” তেতিয়া মই মোৰ সকলো কথা, সকলো কাহিনী জনালোঁ। আটাইকেইজন সদাগৰে মোৰ কাহিনী শুনি মোৰ সাহ আৰু বুদ্ধি দেখি আচৰিত হ'ল আৰু মোক বৰ শলাগিলে। মই তেওঁলোকক মোৰ টোপোলাটো মেলি দেখুৱালোঁ। তেতিয়া একেমুখে সকলোৱে সৈ কাঢ়িলে বোলে তেওঁলোকে জনমত তেনে ডাঙৰ আৰু উজ্জ্বল হীৰা দেখা নাই।
মই সদাগৰসকলৰ সৈতে সেই হীৰাবোৰো বুটলিলোঁ। পিছদিনা পুৱাই আমি সেই ঠাই এৰিলোঁ আৰু পৰ্বতবোৰ পাৰ হৈ এটা বন্দৰ পালোঁহি। তাৰপৰা জাহাজত উঠি আমি আকৌ ৰহা দ্বীপলৈ যাত্ৰা কৰিলোঁ। ৰহাত নামি মই মোৰ কিছুমান হীৰা বেচি আন বস্তু কিনিলোঁ, আৰু তাৰপৰা বেলসৰলৈ উলটিলোঁ। তাৰ পাছত মই আকৌ মোৰ জন্মভূমি এই বাগদাদ চহৰ পাই, অতুল সুখ-সম্পদেৰে কাল কটাবলৈ ধৰিলোঁ।
তৃতীয় জলযাত্ৰা
আকৌ বাগদাদ্ নগৰত সৰহ দিন সুখে-শান্তিৰে থাকি মোৰ ভাল নলগা হ'ল। ইজিপ্তৰ ভালেমান বহুমূলীয়া বস্তু কিনি লৈ মই পুনৰ বেলসৰৰ জাহাজত উঠিলোঁ। কেই সপ্তাহমান যোৱাৰ পাছত এটা আপদীয়া ধুমুহাই আমাক বেৰি ধৰিলে। বতাহে আমাৰ জাহাজখন ঠেলি নি এটা দ্বীপত লগালেগৈ। জাহাজৰ অধ্যক্ষজনে এই দ্বীপটোত জাহাজ যাতে নালাগে তাৰ বাবে বৰ যত্ন কৰিছিল, কিন্তু নোৱাৰিলে। অধ্যক্ষজনে জানিছিল যে এই দ্বীপত ডেৰ হাতমান ওখ আৰু বনৰীয়া জন্তুৰ দৰে নোমাল বহুত বন-মানুহ আছে, সিহঁতে আমাক পালে শুদাই নেৰিব। এই বুলি কথা-বতৰা হওঁতেই বহুত দূৰত এজাক বন-মানুহ আমাৰ ফাললৈ বেগাই অহা দেখিলোঁ।