পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা


চুৰমাৰ কৰিলে। মই সেই ভগা জাহাজৰে খোলা এডোখৰত ধৰি সোঁত আৰু সাগৰৰ জোৱাৰৰ সহায়ত কোনোমতে এটা দ্বীপত নামিলোঁগৈ। তাৰ ওখ পাৰেদি বগুৱা বাই উঠি শুকান মাটি পালোঁগৈ। তাতে অলপ নিৰ্মল পানী আৰু গছৰ গুটি খাই যেনিবা মোৰ ধাতু আহিল। অলপ সুস্থ হৈ মই দ্বীপটোৰ আৰু ভিতৰলৈ গ'লোঁ। গৈ গৈ মই এখন নৈ আৰু তাৰ সিপাৰে এটা আলৰ-আথৰ বুঢ়া বহি থকা দেখা পালোঁ। সিনো কোন আৰু সেইখিনি কেনেকৈ পালেহি বুলি সোধাত সি মাথোন মোক ঠাৰে-চিয়াৰে বুজালে, মই তাক নৈখন পাৰ কৰি আনিব লাগে।

 তাৰ কথামতেই মই তাক নৈৰ সিপাৰৰ পৰা বোকোচাত তুলি আনিলোঁ। কিন্তু ইপাৰ পাই যেতিয়া তাক নমাব খোজোঁ, কি আপদ! সি কোনোমতে মোৰ বোকোচাৰ পৰা নানামে। সি তাৰ হাত আৰু ভৰিৰে মোৰ ডিঙিয়ে-কঁকালে এনেদৰে টেপা মাৰি ধৰিলে যে মই উশাহ ল’ব নোৱৰা যেন হ'লোঁ। ভয় খাই আৰু কষ্ট ভুগি মই সেইপিনেই মূৰ্চ্ছা গ'লোঁ।

 বহুত পৰৰ পাছত চেতন পাই দেখোঁ, সি তেতিয়াও মোক টেপা মাৰি ধৰিয়ে আছে। চেতনা পোৱা দেখি সি মোক ঠিয় কৰাই ঘোঁৰা চলোৱাদি গছবোৰৰ তলেদি চলাই লৈ গ'ল। গুটি লগা গছ পালেই সি মোৰ পিঠিত উঠিয়ে গছৰ গুটি ছিঙি ছিঙি খায়, এইদৰে কেইবাদিনো গ'ল। এদিন এইদৰে তাক বোকোচাত লৈ ফুৰোতে এটা ডাঙৰ লাও পালোঁ। মই লাওটো খুলিলোঁ আৰু কিছুমান আঙুৰ ছিঙি তাতে ৰস চেপি ভৰাই থ'লোঁ! কেইবাদিনৰ মূৰত চালোঁ, সেইবোৰ বৰ সুন্দৰ ফটিকা হৈ আছে। তেতিয়া মই তাৰে এটোপা খালোঁ। লগে লগে মনত মোৰ বৰ স্ফূৰ্তি লাগিল আৰু মই মোৰ সকলো দুখ পাহৰি গান গাবলৈ ধৰিলোঁ। তেতিয়া মোক লাওটো খুজি লৈ সিও তাৰে অলপ চাকি চালে আৰু জুতি পাই আটাইখিনি ফটিকাৰ আধ্যা পেলালে। তেতিয়া সি মতলীয়া হ’ল। মোৰ ডিঙিৰ পৰা তাৰ হাত