পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা


 আকৌ গধূলি হ’ল, আৰু মই গছজোপাৰ গুৰিটো কেউফালে কাঠ, বাঁহ আৰু ডাঙৰ ডাঙৰ কাঁইটেৰে বেৰি দিলোঁ। আটাইতকৈ ওপৰৰ মুঠাবোৰ মই ওপৰৰ ডাঙৰ ডালত বান্ধি দিলো আৰু তলৰখিনিও এনেদৰে গা-গছত বান্ধি দিলোঁ যাতে সাপটোৱে সেইবোৰ খহাই পেলাই গছজোপা বগাই আহিব নোৱাৰে। মই নিজে গছজোপাৰ একেবাৰে আগত উঠি ললোঁ। নিশা সাপটো আকৌ আহিল, আৰু গছজোপাৰ ওপৰলৈ উঠিবলৈ প্ৰাণপনে চেষ্টা কৰিলে। বিফল মনোৰথ হৈ শেষত সি উলটি গুচি গ'ল।

 পিছদিনা মোৰ এনে ভয় লাগিল যে মই প্ৰাণৰ মায়া এৰি সাগৰত জাপ মাৰিয়েই মৰো বুলি থিৰ কৰিলোঁ। ঠিক এনেতে মোৰ পৰম সৌভাগ্যৰ হেতু সাগৰেদি এখন জাহাজ অহা দেখিলোঁ। ততালিকে মই মোৰ পাগুৰিটো মূৰৰপৰা সোলোকাই লৈ তাকে নিচান কৰি নাৱিকহঁতে নেদেখে মানে জোকাৰিবলৈ ধৰিলোঁ। তেওঁলোকে নিচান দেখি শেষত জাহাজখন ৰখালে আৰু তাতে মোক তুলি ল'লে। মই তেওঁলোকক মোৰ সকলো কাহিনী জনালোঁ। তেতিয়া তাৰ অধ্যক্ষজনৰ মোলৈ বৰ মৰম লাগিল, আৰু মোক ক'লে, “আমি এটা দ্বীপত কেতিয়াবাই এজন সদাগৰক পাহৰি এৰি থৈ আহিছিলোঁ। এতিয়া তেওঁ মৰিব পায়। তেওঁৰ মালবোৰ ইয়াতে আছে আৰু মই সেইবোৰ মাল বেচি ধনখিনি সেই সদাগৰজনৰ বন্ধু-বান্ধৱক ভগাই দিম। তুমিও অলপমান বেচি দিব পাৰিলে তাৰে অলপ ধন পাবা।”

 তেতিয়া মোৰ মনত পৰিল, “মই দ্বিতীয় ভ্ৰমণত এই জাহাজতে এই অধ্যক্ষৰ লগতে আহিছিলোঁ। তেতিয়া মই আগবাঢ়ি অধ্যক্ষজনক ক’লোঁ, “ডাঙৰীয়া, ময়ে সেই সিন্দবাদ।” পোনতে তেওঁ প্ৰত্যয় যাব নুখুজিছিল যদিও, পাছত মোক চিনি পাই মোৰ কথাত ৰং পালে আৰু তৎক্ষণাত মোৰ বস্তুখিনি দেখুৱাই ক'লে, “এয়া তোমাৰ