একেলগে সেই দৈত্যটোৰ চকুটোত সুমুৱাই দিলোঁ। সি বজ্ৰতকৈয়ো
ডাঙৰ শব্দেৰে এটা চিঞৰ মাৰিলে। তাৰ পাছত উমানে উমানে
আমাক চাৰিওফালে খেপিয়াবলৈ ধৰিলে। আমাক নাপাই সি
দুৱাৰখন মেলিলে আৰু পোনচাটেই বাহিৰ ওলাই গুচি গ'ল। আমি
তেতিয়াই সি ঘূৰি নৌ আহোঁতেই যেনে তেনে প্ৰকাৰে সেই ঠাইৰপৰা
গুচি যাবৰ দিহা কৰিলোঁ।
আমি সাগৰৰ পাৰ পাইছোঁগৈ, এনেতে সেই বিকট দৈত্যটো আশে-পাশে তেনেকুৱা আৰু কেইটামান দৈত্য লগত লৈ আকৌ ওলালহি। সিহঁতক দেখি আমাৰ চুলিৰ আগে জীৱ গ'ল আৰু ভুৰখনত জাঁপ মাৰি উঠি তৎক্ষণাৎ আটায়ে প্ৰাণটাকি ভুৰখন দলৈ ঠেলা মাৰি দিলোঁ। তেতিয়া সিহঁতে পৰ্বতৰ পৰা ডাঙৰ ডাঙৰ শিলবোৰ খহাই আনিলে আৰু এককাল পানীলৈ নামি শিলবোৰ আমাৰ ভুৰলৈ দলিয়ালে। ফলত আমাৰখনৰ বাহিৰে আন আটাইবোৰ ভুৰ বুৰি সকলো লগৰীয়া মৰিল। মই আৰু দুজন বাকী ৰলোঁ। আমি বৰ বেগাই ভুৰ চলালোঁ আৰু সিহঁতৰ হাতৰপৰা কোনোমতে ৰক্ষা পৰিলোঁ।
গৈ গৈ আমি দুদিনৰ মূৰত এটা মনোৰম দ্বীপত ভুৰ ৰখালোঁ আৰু তাতে নামি গছৰ গুটি দুটামান খাই শুলোঁ। কিন্তু কিবা ডাঙৰ জন্তু এটাৰ ফোচফোচনিত আমি সোনকালে সাৰ পালোঁ। সাৰ পাই দেখোঁ, আমাৰ লগৰ এজনক এটা ডাঙৰ সাপে গিলি পেলাইছে। ভয়ত মই লৰালৰিকৈ এজোপা ওখ গছত উঠিলোঁ। মোক উঠা দেখি মোৰ পিছে পিছে ইজনো সেই গছতে উঠিল। কিন্তু সৰহ উঠিবলৈ নৌ পাওঁতেই সেই ভয়ঙ্কৰ সাপটোৱে গছজোপাত মেৰাই ধৰি মোৰ ইজন লগৰীয়াক গিলি পেলালে। তাৰ পাছত সাপটো লাহে লাহে আঁতৰি গ'ল। মই কিন্তু পিছদিনা পুৱালৈকে সেই গছৰ পৰা নানামিলোঁ।