পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/২৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা
মই পাগুৰিটো নিচান কৰি দেখুৱালোঁ

মই বাহিৰত কিবা-কিবি অলপ খাই সেই গাতটোলৈ আকৌ সোমাই গ'লোঁ আৰু আন্ধাৰত জিলিকি থকা যিমানখিনি মণি-মুকুতা পালোঁ সকলোখিনি মোৰ পাগুৰিটোৰ কাপোৰেৰে মেৰাই লৈ সেই মৰা মানুহ ভৰোৱা পেৰাবোৰ ওলোমাই দিয়া জৰীৰে বান্ধিলোঁ, আৰু সেই টোপোলাটো লৈ গৈ সাগৰৰ পাৰত সেইপিনে যোৱা জাহাজৰ কাৰণে বাট চাই ৰ'লোঁ।