পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/৩১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা

তাৰ কথামতেই মই তাক নৈৰ সিপাৰৰ পৰা বোকোচাত তুলি আনিলোঁ।

উৰি অহা দেখিলোঁ। আমি য'ৰে বস্তু ত’তে এৰি ততাতৈয়াকৈ জাহাজত উঠি পাল তৰি দিলোঁ। আমি সৰহ দূৰ নৌ পাওঁতেই চৰাই হালে আমাক পিছে পিছে খেদি অহা দেখা পালোঁ। অলপ পৰ অনাই- বনাই ফুৰি সিহঁতৰ এটাই পোনতে আমাৰ জাহাজৰ ওপৰত এটা বৰ শিল পেলাই দিলে। কিন্তু সি জাহাজৰ ওপৰত নপৰি দাঁতিৰ পানীত পৰিল। তাৰ পাছত সিটো চৰায়ে আন এটা শিল পেলাই জাহাজখন