এটা বাট ল'লো। গৈ আছোঁ, গৈ আছোঁ; বাটৰ ওৰ নপৰেহে নপৰে!
ৰাতি হ’লত এজোপা গছত উঠি তাতে ৰাতিটো কটালোঁ। এইদৰে
সাদিন গ’লোঁ; সাদিনৰ মূৰত সাগৰৰ পাৰ দেখিবলৈ পাই মোৰ বৰ
ভাল লাগিল। তাতে কিছুমান বগা মানুহ দেখিলোঁ। ওচৰ পালত
সিহঁতে মোক দেখি আচৰিত হৈ মই ক'ৰ মানুহ, ক'ৰপৰা আহিছোঁ,
সকলো কথা মোক আৰবী ভাষাৰে সুধিলে। তাৰ পাছত মোৰ বৃত্তান্ত
শুনি সিহঁতে বৰ ৰং পালে, আৰু মোক বৰ মৰম কৰি সিহঁতৰ ৰজাৰ
ওচৰলৈ লৈ গ'ল। মোৰ সকলো কাহিনী শুনি ৰজায়ো মোক বৰ
আদৰ-সাদৰ কৰি তেওঁৰ লগত ৰখালে।
এদিন ৰজা আৰু মন্ত্ৰী দুয়ো দুটা ঘোঁৰাত উঠি মৃগয়ালৈ গৈছে। মই দেখি বিচূৰ্তি হ’লোঁ, দুইৰো ঘোঁৰাত লেকাম আৰু জিন্ নাই। পাছতহে জানিলোঁ, সেই দুটা বস্তুনো কি আৰু কেনেকুৱা, তাৰ মানুহে ক’বই নোৱাৰে। পিছদিনা মই তাৰে এটা বনুৱা লগত লৈ এখন জিন্ আৰু এডাল লেকাম তৈয়াৰ কৰি ঘোঁৰাত লগাই ৰজাক উঠিবলৈ দিলোঁ। তেওঁ তৎক্ষণাত ৰং মনে সেই ঘোঁৰাত উঠিল আৰু উঠিবৰ সুখ পাই ওৰে দিনটো ঘোঁৰাৰ পিঠিৰপৰা ননমাই হ’ল। তেতিয়া সেই ৰাজ্যৰ মন্ত্ৰী আৰু সভাসদ আদি ডাঙৰীয়াসকলে মোক ইমান জিন আৰু লেকাম কৰিবলৈ দিলে আৰু সেইবোৰ যোগাই মই ইমানখিনি বহুমূলীয়া উপহাৰ পালোঁ যে কেইদিনমানৰ ভিতৰতে মই বৰ ধনী হৈ পৰিলোঁ।
তাৰ পাছত ৰজাই জনালে বোলে মই সেই ঠাইতে চিৰস্থায়ী হৈ থাকি তাতে বিয়া-বাৰু কৰাই তেওঁলোকৰ জাতিৰে এজন হৈ পৰিলে তেওঁ বৰ প্ৰীতি লাভ কৰিব। ৰজাৰ অনুৰোধ কোনোমতে এৰাব নাৱাৰি সেই ৰাজ্যৰ সম্ভ্ৰান্ত সভাসদ এজনৰ জীয়েকক মই বিয়া কৰিলোঁ। সেই কন্যা গাভৰু, ৰূপহী, গুণী আৰু সজ চৰিত্ৰৰ আছিল। যৌতুকত তেওঁক অজস্ৰ ধন-সম্পত্তি আৰু ৰাজকাৰেঙৰ দৰে এটা