দিনৰ মূৰত ভায়েকক দেখা পাই তেওঁৰ আনন্দ, আদৰ-সমাদৰ আৰু যতনৰ সীমা নোহোৱা হ'ল।
কিন্তু ইমানৰ মূৰতো যে ভায়েক গহীন আৰু চিন্তাযুক্ত, এই কথা চুলতানৰ চকুত ভালকৈয়ে পৰিছিল। তেওঁ তাৰ কাৰণ নিবিচাৰি ভায়েকৰ মনত ৰঙ লগাবৰ কাৰণে যতন কৰিবলৈ ধৰিলে। এদিন তেওঁ চিকাৰৰ দিহা কৰি ভায়েকক লগত নিবলৈ চেষ্টা কৰিলে, কিন্তু শৰীৰ অসুখ বুলি ককায়েকক পঠিয়াই এটা কোঠালিত নিজে দুৱাৰ মাৰি সোমাই থাকিল।
এই কুঠৰীৰ পৰা খিৰিকিয়েদি ৰজাৰ ফুলনি বাৰী দেখি। হঠাৎ তেওঁ ফুলনিৰ ফালে এখন গুপ্ত দুৱাৰ মেল খোৱা দেখা পালে। তাৰ পাছতে ৰাণীক মাজত লৈ সেইফালে বোৰ্খা পিন্ধা কুৰিজনী তিৰুতা ওলাই অহা তেওঁৰ চকুত পৰিল। ততালিকে সিহঁতে বোৰ্খা খহাই পেলালে। আৰু তেওঁ দেখি আচৰিত হ'ল, তাৰে দহোটা ক’লা গোলাম আৰু গাইপতি সিহঁতৰ একোজনী তিৰুতা। এনেতে চুলতানাই হাতেৰে এটা চাপৰি মাৰি মাত লগালে, ‘মছৌদ্, মছৌদ্! তৎক্ষণাৎ এটা ক’লা মানুহ তেওঁৰ ওচৰলৈ লৰি গ'ল, আৰু তাতে সকলোটি কথা-বতৰা পাতি থাকিল। শ্বাজেনানৰ মন আৰু মুখ একেলগে মুকলি হ’ল— তেনেহ'লে মই অনাহক ভাবিছিলোঁ বোলোঁ মোতকৈ দুৰ্ভগীয়া আৰু পৃথিবীত নাই! তেতিয়াৰে পৰা তেওঁৰ মনৰ গধূৰ ভাৰ খহি পৰিল, আৰু তেওঁ খাই- পিন্ধি ৰঙ-আনন্দত কাল কটাবলৈ ধৰিলে।
চুলতান আহি ভায়েকৰ এনে সুন্দৰ পৰিবৰ্তন দেখি অতি আনন্দিত হ’ল, আৰু তেওঁক এতিয়া আগৰ অৱস্থা আৰু এতিয়াৰ পৰিবৰ্তনৰ কাৰণ সুধিলে। ভায়েকে যথাক্ৰমে সকলো কথা নিসঙ্কোচে ককায়েকক বুজাই ক’লে। পোনতে ভাই-বোৱাৰীয়েকৰ সেই বিশ্বাসঘাতকতা আৰু তাৰ পৰিণামৰ কথা শুনি তেওঁ ভাবিছিল যে তেওঁৰ তিৰুতা নিশ্চয় তেনেকুৱা হ’ব নোৱাৰে; কিন্তু নিজ ককায়েকৰ মুখে যেতিয়া তেওঁৰ চুলতানাৰো এনে অসৎ চৰিত্ৰৰ কথা শুনিলে, তেওঁ বিস্মিত হোৱাৰ লগে লগে ভায়েকক তাৰ প্ৰমাণ খুজিলে। ভায়েকৰ নিৰ্দ্দেশমতে তেওঁ আকৌ এটা চিকাৰৰ দিহা কৰি চিকাৰলৈ নগৈ ভায়েকৰ লগত সেই কুঠৰীটোত লুকাই থাকিল। যেতিয়া অবিকল ভায়েকৰ কথামতে নিজ চকুৰে তেওঁ সকলো