পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/৩৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা
এটা হাতীয়ে শুৰেৰে মোক তাৰ পিঠিলৈ তুলি ল'লে, আৰু মোক আনি এটা বহল পৰ্বতৰ ওপৰত এৰি থৈ গ'ল।

লাগে। মোৰ এতিয়া বয়স হোৱাত আৰু জল-যাত্ৰাবোৰৰ বিপদ- আপদত প্ৰায় জুৰুলা হৈ মই আকৌ জল-যাত্ৰা কৰিবলৈ ইচ্ছা নকৰিলোঁ। সেইমতে মই ৰজাক মোৰ আগৰ জল-যাত্ৰাবোৰৰ কথা ক'লোঁ আৰু মোক যাবলৈ পুনৰ নক’বলৈ অনুৰোধ কৰিলোঁ। কিন্তু এই কথাত কোনোমতে মই তেওঁক সন্মত কৰাব নোৱাৰিলোঁ। শেষত মই ছেৰিণ্ডিৱ পালোঁগৈ আৰু ৰজাৰ সাক্ষাত পাব খুজিলোঁ। ৰজাক সাক্ষাত কৰি আমাৰ খলিফাই দিয়া বিতোপন শিল্প কাৰ্যটি আৰু বহুত ধন-সোণৰ উপহাৰ অৰ্পণ কৰিলোঁ। ৰজাই এই উপহাৰ পাই অতি