পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/২১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা
সি পোনেই মোক মেকুৰী পোৱালিটো দঙাদি ওপৰলৈ দাঙি ল'লে।

আহিয়েই সিহঁতে আমাৰ জাহাজত উঠি পালবোৰ ছিঙি পেলালে, আৰু আটাইবোৰে বল দি জাহাজখন বামত লগালেগৈ। সিহঁতে আমাকো বামলৈ যাবলৈ তৎ নিদিলে।

 তাৰ পাছত গৰু খেদাৰ দৰে খেদি নি সিহঁতে আমাক এটা বৰ ডাঙৰ ঘৰত সুমুৱালেগৈ। দ্বীপটোৰ সোঁমাজতে এটা অতি ওখ কাৰেং আৰু তাৰ সমুখত কাঠৰ এখন ডাঙৰ দুৱাৰ! মই দুৱাৰখন ঠেলা