পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা


এৰাই সি-মাটিত পৰি মূৰ্চ্ছা গ'ল আৰু অলপ পাছতে মৰি থাকিল।

 তাৰ পাছত মই লৰালৰিকৈ সাগৰৰ পাৰলৈ গ'লোঁ, আৰু তাতে কেইজনমান নাৱিক দেখিলোঁ। তেওঁলোকে মোক মৰম কৰি তেওঁলোকৰ জাহাজত তুলি ল'লে। তেওঁলোকে ক'লে, মই সাগৰৰ বুঢ়া মানুহটোৰ হাতত পৰিছিলোঁ আৰু হেনো ময়েই প্ৰথমে তাৰ হাতৰ পৰা সাৰি আহিছোঁ। তেওঁলোকৰ লগত আহি এখন ঠাইত নমাত অধ্যক্ষজনে মোক কিছুমান মানুহৰ গুৰিলৈ লৈ গ'ল। সেই মানুহবোৰক গছৰ পৰা নাৰিকল পৰা কামত লগোৱা হৈছিল। বৰ ওখ এই নাৰিকল গছবোৰৰ ওপৰত বান্দৰ উঠি আছিল। আমি বুদ্ধি কৰি শিলগুটি দলিয়াই জোকাই ললোঁ আৰু সিহঁতে খঙত আমালৈ সেই নাৰিকলবোৰকে গছৰ পৰা ছিঙি ছিঙি আমালৈ দলিয়াবলৈ ধৰিলে। এইদৰে আমি গাইপতি যিমান পাৰিলোঁ নাৰিকল কঢ়িয়াই নি জাহাজত তুলিলোঁ আৰু সেইবোৰ আন নগৰত বেচি ভালেখিনি ধন পালোঁ। সেই ধন লৈ মই আকৌ মোৰ নিজৰ দেশলৈ উলটিলোঁ।

ষষ্ঠ জলযাত্ৰা

 এবছৰৰ অন্তত মই আকৌ যষ্ঠবাৰ জল-যাত্ৰাৰ কাৰণে সাজু হ'লোঁ। আমাৰ এইবাৰৰ যাত্ৰা বহুত বিপদ-আপদেৰে পৰিপূৰ্ণ হ'ল। কাৰণ জাহাজৰ গুৰিয়ালজনে বাট হেৰুৱালে আৰু জাহাজ কেনি পোনাব লাগে তাক নাজানিলে। অৱশেষত গুৰিয়ালজনে আমাক ক’লে বোলে অলপতে জাহাজখনে এটা শিলত খুন্দা খাই ভাগি ডোখৰ ডোখৰ হ'ব আৰু এতিয়া মৰণৰ কাৰণে আটায়ে সাজু হ'ব লাগিব। গুৰীয়ালে এইবুলি কওঁতে-কওঁতেই সঁচাকৈয়ে জাহাজখন আহি এটা শিলত খুন্দা খাই ভাগি থাকিল। মইহে দৈৱক্ৰমে কেনেবাকৈ প্ৰাণ ৰক্ষা কৰিব পৰিলো। কিন্তু তাত ৰক্ষা পৰিলে কি হ’ব? মই এটা পৰ্বতৰ তলত ৰ'লোঁগৈ; পৰ্বতটো ইমান ঠিয় আছিল