পৃষ্ঠা:Sindabad Aru Satoti Jaljatra.pdf/১১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সিন্দবাদ আৰু সাতোটি জলযাত্ৰা
ভাগৰ লাগি বাটৰ কাষৰ এজোপা বৰ গছৰ তলতে খৰিভাৰ নমাই সি জিৰণি ল'বলৈ বহিল।

লগুৱা আহি হিন্দবাদক ক’লে বোলে তাক সেই ঘৰৰ গিৰিহঁতে মাতি পঠাইছে। হিন্দবাদৰ ভয় লাগিল, জানোচা সেই ঘৰৰ গিৰিহঁতজনে সি নিজে নিজে কোৱা কথা শুনিলেই!’ এইবুলি সি নাযাবলৈ চেলু বিচাৰি মানুহটোক ক'লে, “মই তালৈ যাব নোৱাৰোঁ। মই মোৰ এই ভাৰখন বহুত দূৰলৈ লৈ যাব লাগিব।” তেতিয়া মানুহটোৱে ক'লে, “গিৰিহঁতে তোমাৰ এই ভাৰখন যলৈ নিব লাগে নিয়াই দিব, এতিয়া তুমি মোৰ পিছে পিছে আহাঁ।”