সাধুৰ সাতসৰী

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
সাধুৰ সাতসৰী (page 1 crop).jpg

সাধুৰ সাতসৰী

জ্যোৎস্না দেৱী

[  ]

সাধুৰ সাতসৰী

 

লিখা আৰু সংগ্ৰহ
শ্ৰীজ্যোৎস্না দেৱী

[  ]

সাধুৰ সাতসৰী : শিশুৰ উপযোগী সাধুকথাৰ কিতাপ।
লিখা আৰু সংগ্ৰহ : শ্ৰীজ্যোৎস্না দেৱী।


 


প্ৰকাশক :
দেৱৰাজ



অলংকৰন:
বেনচন আৰু হেজেচ



বেটুপাত:
ও’চিন প্ৰিন্টাৰ্চ, এ.টি.ৰ'ড,যোৰহাট



মুদ্ৰক:
ও’চিন প্ৰিন্টাৰ্চ, এ.টি.ৰ'ড,যোৰহাট



মূল্য: ৩০.০০ টকা

 
[  ]

উচৰ্গা

 

 অতি মৰমৰ নাতি আৰু নাতিনী,যিশুৰাজ, লাভলি, ব্ৰীজ আৰু জেচিকাৰ ফুলকুমলীয়া হাতত সাধুৰ সাতসৰী অৰ্পণ কৰিলোঁ।

আইতা
"প্ৰশ্যতি নিলয়"
গুৱাহাটী

[  ]

বাটচ'ৰা

 সময়ৰ যাদুকৰী প্ৰভাৱে মানুহৰ দৃষ্টিভঙ্গী সলনি কৰি পেলাইছে। নতুন দিনৰ নন আৱিস্কাৰে পুৰণি ৰীতি-নীতিক দূৰলৈ ঠেলি পঠালেও পুৰণিক বিসৰ্জন দিয়াৰ মানসিকতা সকলোৰে বাবে প্ৰযোজ্য নহয়। অসমীয়া জন-জীৱনৰ লগত সাধুকথাৰ অনবদ্য প্ৰভাৱ নুই কৰিব নোৱাৰি। পুৰণিকালত আকাশবাণী, দূৰদৰ্শন আদিৰ প্ৰভাৱ নথকা বাবে আইতা- ককাৰ মুখৰ মনোমোহা সাধুকথাবোৰ কণ কণ মইনাহঁতৰ মনত পৰীৰ দেশৰ ৰম্যপুৰী নাইবা সপোনপুৰৰ মনোৰম কাহিনীয়ে অতুলনীয় প্ৰভাৱ পেলাইছিল। তাহানি ককা আইতাৰ মুখে শুনা সাধুকথা বোৰৰ জৰিয়তে নাতি নাতিনীহতে নানা ধৰণৰ উপদেশ মূলক কথাৰ শিক্ষাও লাভ কৰিছিল। মুখে মুখে প্ৰচলিত এই মনোমুগ্ধকৰ সাধুকথাবোৰ মইনাহঁতৰ মনত অভূতপূৰ্ব প্ৰভাৱ বিস্তাৰ কৰিছিল।

 আজিৰ এই ইন্টাৰনেট, টেলিভিশ্বনৰ যুগতো আমাৰ নাতি নাতিনী হতে সদায় সাধু কবলৈ আমাক ব্যতিব্যস্ত কৰি তোলে। পৰীক্ষা শেষ হলেই আমাৰ ঘৰলৈ আহিবলৈ মাক দেউতাকক তত নোহোৱা কৰে। ককাকৰ মুখত নানা ধৰণৰ মনোমোহা সাধু শুনি আপ্লুত হৈ পৰে। সেয়েহে আমাৰ ককা-আইতাৰ মুখে শুনা তেনেধৰণৰ কেইটিমান সাধু সংগ্ৰহ কৰি পুথি আকাৰে ছপাই নাতি নাতিনী হঁতৰ কুমলীয়া হাতত আলফুলে দিবলৈ প্ৰয়াস কৰিছো মাত্ৰ। তাৰোপৰি পৌৰানিক বহুতো কাহিনী সংগ্ৰহ কৰি লগতে অন্যান্য কিতাপৰ যোগে প্ৰকাশিত সাধুও ইয়াত সন্নিবিষ্ট কৰা হৈছে।

 “সাধুৰ সাতসৰীয়ে” পঢ়ুৱৈ সমাজত সমাদৰলাভ কৰিলে নাইবা মইনাহঁত উপকৃত হলে লিখনিৰ সাৰ্থকতা অনুভৱ কৰিম।

 বৰপুত্ৰ শ্ৰীমান পলাশে (ৰাজা) আৰু বোৱাৰী শ্ৰীমতী নিবেদিতাই (অকনি) কিতাপখনি যত্ন কৰি প্ৰকাশ কৰি উলিওৱা বাবে তেওঁলোকলৈ মোৰ আন্তৰিক শুভাশীষ ৰ'ল। “সাধুৰ সাতসৰী”ৰ ছবিবোৰ আঁকি কিতাপৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে শ্ৰীমান বেনচন আৰু শ্ৰীমান হেজেচলৈ ধন্যবাদ সহ হিয়াভৰা মৰম ও কৃতজ্ঞতা জ্ঞাপন কৰিলো। ‘ওচিন প্ৰিন্টাৰ্ছ’ৰ সমূহ কৰ্মকৰ্তা লৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

 সদৌ শেষত ভুল ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনাৰে⸺

বিনয়াবনত
জ্যোৎস্না দেৱী
‘প্ৰশান্তি নিলয়’
গুৱাহাটী - ৫,

১৬/৮/০৬

[  ]

ঈশ্বৰে যি কৰে মঙ্গলেই কৰে


 অতি পুৰণি কালত এখন দেশত এজন বৰ পৰাক্ৰমী ৰজা আছিল। সেই ৰাজ্যৰ মন্ত্ৰীজনো এজন সুদক্ষ আৰু বিচক্ষণ লোক আছিল। উপযুক্ত মন্ত্ৰীৰ হাতত ৰাজকাৰ্য চলাবলৈ দি ৰজা নিচিন্ত হৈ পৰিছিল। ৰজা আৰু মন্ত্ৰী দুয়োৰে দুটি পুত্ৰ সন্তান আছিল। ওচৰা ওচৰিকৈ থকা বাবে ৰাজপুত্ৰ আৰু মন্ত্ৰীপুত্ৰ দুয়ো নলে গলে লগা বন্ধু আছিল। দুয়ো একেলগে বিদ্যা শিক্ষা লাভ কৰিছিল। দুয়ো ধনুৰ বিদ্যা, অস্ত্ৰ চালনাৰ শিক্ষা একেলগে সমাপ্ত কৰিছিল। সৰুৰে পৰা দুয়ো নানা বিদ্যাত পাৰ্গত হোৱা বাবে ৰজা আৰু মন্ত্ৰী দুয়োৰে তেওঁলোক বৰ মৰমৰ পাত্ৰ হৈ পৰিছিল। এদিনাখন অস্ত্ৰ শিক্ষা কৰি থাকোতে ৰাজপুত্ৰৰ হাতত মন্ত্ৰীপুত্ৰৰ তৰোৱালখন লাগি হাতখন কাটিলে আৰু তেজ ববলৈ ধৰিলে। মন্ত্ৰীপুত্ৰই আথেবেথে ৰাজপুত্ৰৰ হাতখনত ঔষধ-পাতি লগাই বান্ধি দিলে আৰু ক'লে -“ঈশ্বৰে যি কৰে মঙ্গলেই কৰে।” এই কথা শুনি ৰাজপুত্ৰৰ বৰ দুখ লাগিল। তেওঁ মনতে ভাবিলে মন্ত্ৰীপুত্ৰ মোৰ পৰম বন্ধু হৈও মোৰ হাতখন কটাত ভালহে পালে। ইয়াৰ প্ৰতিশোধ মই নিশ্চয় লম বুলি ৰাজপুত্ৰই উপায় চিন্তিবলৈ ধৰিলে।
[  ]  দুদিনমান পিচত এদিন ৰাজপুত্ৰই মন্ত্ৰী পুত্ৰক চিকাৰলৈ যাবলৈ লগ ধৰিলে। মন্ত্ৰীপুত্ৰই ক’লে “বন্ধু তোমাৰ হাতৰ ঘা ভালদৰে শুকালেহে চিকাৰলৈ যোৱা ভাল হ’ব বুলি মই ভাবো।” ৰাজপুত্ৰই ক’লে - নহয় বন্ধু চিকাৰ তুমি কৰিবা মই লগতেহে যাম। ইতিমধ্য়ে মই পিতাৰ অনুমতি লৈয়ে থৈছো।

 ৰাজপুত্ৰৰ কথা পেলাব নোৱাৰি এটি শুভ ক্ষণত দুয়ো ঘোঁৰা লৈ চিকাৰলৈ বুলি যাত্ৰা কৰিলে। হাবি বননি গছ-গছনি পিচ পেলাই থৈ ৰাজপুত্ৰ মন্ত্ৰীপুত্ৰৰ ঘোঁৰা চিকাৰৰ উদ্দেশ্যে অটব্য অৰণ্যৰমাজ পালেগৈ। বেলি লহিয়ালে চিকাৰ কিন্তু একো নাপালে। ভাগৰত দুয়ো বিমৰ্ষ হৈ পৰিল। ৰাজপুত্ৰৰ পিয়াহত অণ্ঠ কণ্ঠ শুকাই গ’ল। অৰণ্যৰ মাজত পানী বিচাৰি দুয়ো হাবাথুৰি খালে। মন্ত্ৰীপুত্ৰই গছৰ ডালৰ ওপৰলৈ উঠি দূৰত ক’ৰবাত পানী দেখে নেকি চাবলৈ ধৰিলে৷ এনেতে দূৰত এটি খালত পানী জিলিকি থকা দেখিলে। মন্ত্ৰীপুত্ৰ গছৰ পৰা নামি ঘোঁৰা লৈ দুয়ো পানী থকা খালটোৰ পিনে যাবলৈ ধৰিলে। খালৰ ওচৰ পাই ঘোঁৰাৰ পৰা নামি দুয়ো পানী খাবলৈ খালৰ ওচৰলৈ গ’ল। খালত পানী নাছিল। বোকাৰে খালটো পূৰ্ণ হৈ আছিল। মন্ত্ৰীপুত্ৰই হালি এটুপি পানী পোৱাৰ আশাৰে খালৰ নিচেই ওচৰ পালেগৈ। ৰাজপুত্ৰই এয়ে সুযোগ বুলি ভাবি মন্ত্ৰীপুত্ৰক ঠেলা মাৰি খালত পেলাই দিলে। বোকাত লুতুৰি পুতুৰি হৈ মন্ত্ৰীপুত্ৰ ওপৰলৈ উঠিবলৈ যত্ন কৰিলে আৰু ৰাজপুত্ৰৰ সহায় ভিক্ষা মাগিলে। কিন্তু ৰাজপুত্ৰই ক’লে “বন্ধু মোৰ হাতখন কাটোতে যে কৈছিলা-“ঈশ্ৱৰে যি কৰে মঙ্গলেই কৰে” সেইদিনা তুমিতো মোৰ হাতখন কটাবাবে দুখ কৰা নাছিলা। এতিয়া ময়ো তোমাৰ এই দুৰ্ভাগ্য়ৰ বাবে দুখ নকৰোঁ। তুমি খালত পৰি মৰি থাকা। মই ৰাজ্য়লৈ উভতি যাওঁগৈ। তুমি মোৰ বন্ধু নহয় শত্ৰুহে। মন্ত্ৰী পুত্ৰই তেতিয়াও হাঁহি মাৰি ৰাজপুত্ৰক ক’লে – “ঈশ্ৱৰে যি কৰে মঙ্গলেই কৰে।”

 ৰাজপুত্ৰ নিজৰ ঘোঁৰাত উঠি গুচি গ’ল। সেই অৰণ্য়ত এদল অঘৰী ডকাইতে বাস কৰিছিল। ৰাজপুত্ৰক অকলশৰে পাই ডকাইতে ধৰি লৈ গ’ল আৰু ডকাইতৰ চৰ্দ্দাৰৰ ওচৰত হাজিৰ কৰালে গৈ। ডকাইতৰ চৰ্দ্দাৰে সুঠাম দেহৰ বিতোপন ল’ৰা এজন ধৰি অনা দেখি বৰ আনন্দিত হ’ল। সেই ৰাতিয়ে [  ] তেওঁলোকৰ আৰাধ্য়া দেৱীৰ আগত ৰাজপুত্ৰক বলি দিবলৈ স্থিৰ কৰিলে।

 চৰ্দ্দাৰে ল’ৰাজনক গা-পা ধুৱাই সাজু কৰি দেৱীৰ আগলৈ লৈ যাবলৈ আদেশ দিলে। যেনে আদেশ তেনে কাম। যথা নিয়মে গা-পা ধুৱাই দেৱীৰ আগলৈ লৈ যোৱা হ’ল কিন্তু তেওঁৰ হাতত থকা কটা ঘাঁ ডোখৰ দেখি ৰাজপুত্ৰক বলি দিয়া নহ’ব বুলি চৰ্দ্দাৰে ঘোষণা কৰিলে। কিয়নো দেৱীৰ আগত গাত ক’তো কোনো ঘূণ নথকা লোকক বলি দিয়াৰ বিধান আছে। গতিকে এওঁ বলিৰ অযোগ্য়, এওঁক এৰি দিয়া বুলি চৰ্দ্দাৰে হুকুম দিলে। বন্ধনমুক্ত হৈ ৰাজ্য়পুত্ৰই মন্ত্ৰী পুত্ৰৰ অমোঘ বানী “ঈশ্ৱৰে যি কৰে মঙ্গলেই কৰে।” কথাষাৰৰ গুৰুত্ৱ উপলব্ধি কৰি ঘোঁৰা লৈ মন্ত্ৰীপুত্ৰক পেলাই থৈ যোৱা খালটো বিচাৰি ওলাল। বিচাৰোঁতে বিচাৰোঁতে ৰাতি পুৱাল। পুৱতিৰ পোহৰত অলপ দূৰত খালটো দেখা পালে।

 ৰাজপুত্ৰ ঘোঁৰাৰ পৰা নামি বন্ধুৰ ওচৰলৈ উধাতু খাই লৰি গ’ল। নানা যত্ন কৰি বোকাপূৰ্ণ খালটোৰ পৰা মন্ত্ৰীপুত্ৰক তুলি আনিলে। মন্ত্ৰীপুত্ৰই আচৰিত হৈ সুধিলে “বন্ধু যোৱা কালি তুমি মোক শত্ৰুজ্ঞান কৰি ইয়াত পেলাই থৈ গ’লা, আজি কিয় তুমি তুলি আনিলা।” ৰাজপুত্ৰি আবেগেৰে বন্ধুক পেলাই থৈ যোৱাৰ পিচৰ পৰা ঘটা ঘটনাবোৰ সবিশেষ বিৱৰি ক’লে। বন্ধু এতিয়াহে মই তোমাৰ কথাৰ তাৎৰ্পয্য় উপলব্ধি কৰিব পাৰিছোঁ।” ৰাজপুত্ৰৰ কথা শুনি মন্ত্ৰীপুত্ৰই আনন্দেৰে ক’বলৈ ধৰিলে “বন্ধু তুমিও মোক এই খালত পেলাই থৈ নোযোৱা হ’লে মোৰ এই সৰ্বসুঠাম দেহটো দেৱীৰ আগত নিশ্চয় বলি গ’লহেতেন কেয়নো মোৰ গাত ক’তো কোনো ঘূণ নাই মই বলিৰ যোগ্য়, কিন্তু ঈশ্ৱৰে মোক বচালে। সেয়েহে বন্ধু কৈছোঁ ঈশ্ৱৰে যি কৰে মঙ্গলেই কৰে। ব’লা বন্ধু ইয়াত ৰোৱাৰ সকাম নাই। এই অৰণ্য়ৰ পৰা যি মান সোনকালে পাৰি বিদায় লোৱাহে আমাৰ প্ৰথম কৰ্ত্তব্য়।” এই বুলি দুয়ো বন্ধু ঘোঁৰাত উঠি নিজ ৰাজ্য় অভিমুখে ৰাওনা হ’ল।


ঈশ্বৰত বিশ্বাস ৰাখিবা।

(শিশু সাহিত্য সূৰুযমুখী সংঘৰ দ্বাৰা প্ৰকাশিত "সাধুৰ সঁফুৰাত" প্ৰকাশিত)

[  ]
 

“অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ”

 অতি পুৰণি কালত আমাৰ দেশত বহুতো সৰু সৰু ৰাজ্য আছিল। তেনে এক ৰাজ্যত এজন ৰজা আছিল। তেও নিপুণ চিকাৰী অছিল। ৰাজকাৰ্য চলোৱাৰ লগে লগে মাজে সময়ে ৰজা চিকাৰলৈও গৈছিল। এদিন ৰজা চিকাৰলৈ যাবলৈ ওলোৱাত ৰাণীও তেওঁৰ লগত যাবলৈ ওলাল। চিকাৰৰ সন্ধানত ৰজাৰ ৰথ অটব্য অৰণ্যত সোমালগৈ। সেই অৰণ্যত এজাক হৰিণা চৰি আছিল। ৰজাই কাড় মাৰিলে। এটা হৰিণাৰ এখন কানেৰে শৰপাত সোমাই আনখন কাণেৰে ওলাই গ’ল। হৰিণাটো তেজেৰে লুতুৰি পুতুৰি হৈ বননিত বাগৰি পৰিল।

 ৰজাই ৰাণীক গৌৰৱেৰে ক’লে – দেখিলানে মই কেনেকৈ শৰমাৰি এখন কাণেৰে সুমুৱাই আনখন কানেৰে উলিয়াই হৰিণা বধ কৰিলোঁ। ৰাণীয়ে তপৰাই উত্তৰ দিলে “অভ্যাশৰ নৰ কৰ্ণ পথে কৰে শৰ” ৰাণীয়ে ৰজাৰ কৃতিত্বৰ শলাগ নোলোৱাত ৰজা ক্ষুণ্ণ হ’ল আৰু ৰাণীক খং কৰি বনত এৰি থৈ গুচি গ’ল।
[ ১০ ]   সামান্য় কথাতে ৰজাই এনে দণ্ড দিয়া বাবে ৰাণী অভিমানতে ম্ৰিয়মান হ’ল। ৰজা গুচি যোৱাত ৰাণীয়ে তেওঁৰ দেহৰক্ষী দুজনক বনৰ মাজতে এটি চাংঘৰ সাজি দিবলৈ আদেশ দিলে। ৰাণীৰ ডিঙিত থকা সোণৰ হাড়ডাল সোলকাই দেহৰক্ষী দুজনক দিলে আৰু লগতে তেওঁৰ বাবে এটি গৰুৰ পোৱালী আনিবলৈ দেহৰক্ষী দুজনক আদেশ দিলে। যেনে আদেশ তেনে কাম৷ অতি কম সময়তে দেহৰক্ষী দুজনে এটি চাংঘৰ সাজি উলিয়ালে৷ আৰু এটি গৰুৰ পোৱালি আনি দিলে৷

  অটব্য় অৰণ্য়ৰ মাজত থকা গছৰ সুস্ৱাদু ফলমূল খাই তেওঁলোকে জীৱন ধাৰণ কৰিলে। দূৰৰ নিৰ্মল সৰোবৰৰ পৰা অনা পানীৰে পিয়াহ পলুৱাই জীৱন অতিবাহিত কৰিবলৈ ধৰিলে। ৰাণীয়ে সদায় গৰুৰ পোৱালীটো কোলাত লৈ চাংগৰৰ কাঠৰ চিৰিৰে তললৈ নামি অহে আৰু পোৱালিটোক ঘাঁহবন খাবলৈ দিয়ে। সন্ধিয়া আকৌ পোৱালিটো কোলাতলৈ ওপৰলৈ উঠি যায়। এনেকৈয়ে সদায় পোৱালিটো কোলাত লৈ ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা ওপৰলৈ উঠা নমা কৰিয়ে ৰাণীয়ে দিনবোৰ অতিবাহিত কৰিবলৈ ধৰিলে।

  ৰাণীৰো বয়স বাঢ়ি আহিল। গৰুৰ পোৱালি ও ডাঙৰ হৈ আহিল। তথাপি ৰাণীয়ে পোৱালিটি কোলাত লৈয়ে উঠা নমা কৰি থাকিল। দেহৰক্ষী দুজনে নীৰৱে ৰাণীৰকাৰ্য নিৰীক্ষণ কৰি থাকিল।

  বহু বছৰৰ মূৰত সেই ৰজাজন পুনৰ সেই অৰণ্য়লৈ চিকাৰ কৰিবলৈ আহিল। চিকাৰ বিচাৰি ঘূৰি ফুৰোঁতে হাবিৰ মাজত চাংঘৰটি দেখি ৰজা আচৰিত হ’ল। চাংঘৰৰপৰা গৰুটো কোলাত লৈ ৰাণী চিৰিৰে নামি অহা দেখি ৰজা বিস্ময়ত অবাক হৈ পৰিল। ৰজাই ৰাণীৰ জৰাজীৰ্ণ পোচাক আৰু পকা চুলিৰ বাবে চিনিব পৰা নাছিল। ওচৰলৈ আহি ৰজাই ক’লে – “হেৰা মানুহজনী, তুমি গৰুটো কোলাত লৈ উঠা নমা কৰি থাকোঁতে ভাগৰ নালাগেনে?“ [ ১১ ]   গৰুৰ পোৱালিটো তেতেয়া যথেষ্ট ডাঙৰ হৈছিল।

  ৰাণীয়ে উত্তৰ দিলে –“নালাগে সৰুৰে পৰা মই ইয়াক এনেকৈ কোলাত লৈয়ে উঠা নমা কৰি ডাঙৰ কৰিছোঁ। ই মোৰ অভ্য়াসত পৰিণত হৈছে। তাক লৈ উঠা নমা কৰাত মই অকনো কষ্ট নাপাওঁ।” ৰজাই প্ৰমাণ চাবলৈ গৰুটো কোলাত ল’বলৈ সাজু হ’ল। কিন্তু দাঙিব নোৱাৰিলে।

  ৰাণীয়ে অনায়াসে গৰুটো কোলাত লৈ চাংঘৰৰ ওপৰলৈ উঠি গ’ল। ওপৰৰ পৰা ৰাণীয়ে পুনৰ ক’লে – “অভ্য়াসৰ নৰ কৰ্ণ পথে কৰে শৰ।”

  তেতিয়াহে ৰজাই ৰাণীক চিনি পালে আৰু ৰাণীৰ কথাত পতিয়ন গ’ল। যে অভ্য়াসৰ নৰ কৰ্ণ পথে কৰে শৰ বোলা কথাষাৰ সত্য়। অভ্য়াস কৰিলে সকলো কাম কৰিব পাৰি।

  ৰজাই নিজৰ ভুল বুজিব পাৰি ৰাণীৰ ওচৰত ক্ষমা বিচাৰিলে আৰু ৰাণীক আদৰ সন্মান সহকাৰে ৰথত তুলি নিজ ৰাজ্য় লৈ গ’ল।



(সাহিত্য সংস্কৃতি চ'ৰাৰ মুখপত্ৰ ত্ৰিধাৰাত প্ৰকাশিত)

[ ১২ ]
 

দুখীৰাম


 এখন ৰাজ্যত এজন বৰ দুখীয়া ব্ৰাহ্মণ আছিল। তেওঁৰ নাম দুখীৰাম। সৰুতে পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হোৱা বাবেই হয়তো তেওঁক সকলোৱে দুখীৰাম বুলিছিল। সৰুৰে পৰা আনৰ ঘৰত থাকি লাচনি পাচনি কৰিয়ে তেওঁ দিন কটাইছিল। লাহে লাহে ডাঙৰ হৈ অহাত গাঁৱৰে খুড়াক এজনৰ বাৰীৰ চুকত ঘৰ এটি সাজি দুখীৰাম তাতে থাকিবলৈ ল’লে। বিশেষ কাম বন একো কৰিব নোৱাৰা বাবে প্ৰায়ে দুখীৰাম লঘোনে থকিব লগীয়া হৈছিল।

 কালক্ৰমত সি বিয়া বাৰু কৰালে যদিও তাৰ অৱস্থাৰ কোনো পৰিৱৰ্ত্তন নহ’ল। দুবেলা দুমুঠি খাবলৈকে নোজোৰে। জীৱন ধাৰণৰ কোনো উপায় নাপায় সি দিনে দিনে জীৱনৰ প্ৰতি উদাসীন হৈ পৰিল। কাম বিচাৰি ওলায় গলে কাম পালে কৰে নাপালে যতে ৰাতি ততে কাটি হৈ পৰি থাকে। ঘৰলৈ মনতে নপৰা হ’ল। তাৰ ঘৈণীয়েকেও ইঘৰে সিঘৰে কাম বন কৰিবলগীয়া হ’ল। তথাপি সিহঁতৰ সংসাৰ অচল হৈ পৰে।

 দুখীৰামৰ দুখ কুলাই পাচিয়ে নধৰা হ’ল। মনৰ বেজাৰত সি এদিন [ ১৩ ] ঘৰৰ পৰা ওলাই গৈ এখন অটব্য অৰণ্য পালেগৈ। অৰণ্যৰ শেষ প্ৰান্তত উপস্থিত হোৱাৰ মানসেৰে সি গৈ আছে। গৈ গৈ সি এখন খৰস্ৰোতা নদীৰ পাৰত উপস্থিত হ’ল। জীৱনৰ প্ৰতি সকলো মায়া মমতা ত্যাগ কৰি সি নদীৰ পানীত জাপ দি সংসাৰৰ সকলো দুখ যন্ত্ৰনাৰ পৰা মুক্তি পাবলৈ বিচাৰিলে।

 ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি দুখীৰামৰ অৱস্থাও তেনে হল।

 নদীৰ পানীত সি জাপ দিলে হয়, পানীৰ তলত তপস্যা কৰি থকা মুনি এজনে তাৰ জীৱন ৰক্ষা কৰিলে। কি দুখত সি প্ৰাণত্যাগ কৰিবলৈ ওলাইছে তাৰ কাৰণ সুধিলে। দুখ আৰু দৰিদ্ৰতাই জীৱন নাশৰ মূল কাৰণ বুলি মুনিৰ আগত অকপটে স্বীকাৰ কৰিলে। সিদ্ধমুনি জনে দয়া পৰবশ হৈ দুখীৰামক এটি মোনা উপহাৰ দিলে। যেতিয়াই প্ৰয়োজন হয় এই মোনা জোকাৰি দিলে সোণৰ বৰষুণ হ’ব আৰু তাৰে দুখীৰামৰ সকলো দুখ দূৰ হ'ব বুলি কলে। কিন্তু মোনাটো সি য’তেত’তে বা যিকোনো সময়তে জোকাৰিব নোৱাৰিব। তাৰ বাহিৰে আনে মোনা জোকাৰি ধন সোণ ল'ব নোৱাৰিব। আন মানুহে মোনা জোকাৰিলেও ফল নধৰিব। সিদ্ধ মুনি জনৰ কৃপাধন্য হৈ দুখীৰাম মোনা লৈ ঘৰমুৱা হ'ল। কিছু দূৰ অহাৰ পিচত অৰণ্যৰ শেষ প্ৰান্তত কতো কোনো নোহোৱা দেখি মোনাটো জোকাৰি সত্যতাৰ প্ৰমাণ চালে। সঁচাকৈয়ে তাৰসমুখত সোণৰ বৰষুণ হ’ল। সি সোনৰ মোহৰ বোৰ বুটলি মোনাটোতে ভৰাই আনন্দ মনে ঘৰলৈ বুলি খোজদিলে।

 অৰণ্য পাৰ হ'বলৈ লওঁতেই তাৰ সমুখত এদল ডকাইত উপস্থিত হ’ল। ডকাইতৰ দলটোৱে তাক আগুৰি ধৰিলে আৰু তোৰ মোনাত কি আছে আমাক দে বুলি তাক ধমকি দিলে। মোনাটো তাৰ পৰা কাঢ়ি লৈ ভিতৰত [ ১৪ ]

সোণৰ মুদ্ৰাবোৰ দেখি ৰজাঘৰৰ পৰা চুৰ কৰি অনা বুলি সন্দেহ কৰি তাক ৰজাৰ ওচৰলৈ লৈ গ'ল। দুখীৰামে ভয়ে ভয়ে ৰজাৰ আগত আঠু লৈ তাৰ জীৱন বৃত্তান্ত এফালৰ পৰা কৈ গ'ল। আৰু সিদ্ধ মুনিজনে দিয়া মোনাটো পুনৰ জোকাৰি দেখুৱালে। ৰাজসভাত সোণৰ বৰষুণ হোৱা মোনাটো দেখি সকলোৰে চকু ঠিয় হ’ল। ৰজাই মুদ্ৰাবোৰ চাই মনতে ভাবিলে দুখীৰামক এৰি দিলে এই মোনাৰ বলত সি ৰজাতকৈও ধনী হৈ পৰিব, সেয়ে ৰজাই মোনাটো আৰু মুদ্ৰাবোৰ ৰাখি দুখীৰামক কাৰাগাৰত বন্দী কৰি থলে। ৰজাৰ বিচাৰ দেখি ডকাইত বোৰ গুচি গ'ল। নিজৰ মূৰ্খামিৰ বাবে সকলো পায়ো দুখীৰামে সকলো হেৰুৱাব লগীয়া হ'ল। লগতে চিৰ দিনৰ বাবে কাৰাগাৰত থাকিব লগীয়া হ'ল।
 বহুত দিনৰ মূৰত ৰজাৰ সেই যাদুকৰী মোনাটোৰ কথা মনতপৰিল। আৰু ৰজাৰ আদেশত মোনাটো ৰাজসভালৈ আনি জোকৰি চোৱা হ'ল। কিন্তু তাৰ পৰা সোণৰ বৰষুণ নোহোৱা বাবে ৰজাৰ খং উঠিল আৰু দুখীৰাম মিছলীয়া বুলি বন্দীশালত থকা দুখীৰামক কটোৱালৰ হাতত তুলি দিলে।

[ ১৫ ]
 

বিপদৰ বন্ধু


 এখন অৰণ্যত এহাল কপৌ চৰায়ে বাহ সাজিছিল। বাহত সিহঁতৰ দুটা সৰু সৰু পোৱালী ও আছিল। এদিনাখন পোৱালীৰ বাবে আহাৰ সংগ্ৰহ কৰিবলৈ কপৌ চৰাইটি বহুত দূৰলৈ গ’ল। চৰাইটিয়ে হঠাৎ নিজৰাৰ পানীত মৌমাখি এটি পৰি ককবকাই থকা দেখিলে। এবাৰ মৌ মাখিটো পানীত তল যায় আকৌ ওপৰলৈ উঠে। কপৌচৰাইটিয়ে মৌমাখিৰ জীৱন বিপদাপন্ন দেখি উদ্ধাৰৰ উপায় চিন্তা কৰিলে। কপৌ চৰাইটিয়ে এটা গছৰ পাত ঠোঁটেৰে ছিঙি মৌমাখিটোৰ আগত পৰাকৈ পানীত পেলাই দিলে। ওপঙি থকা পাতটোৰ ওপৰত মৌমাখিটো বহিল। বহুতবেলি পাতটোৰ ওপৰত বহি ওপঙি ফুৰাৰ পিছত মৌমাখিটোৰ অৱশ দূৰ হ’ল আৰু কপৌ চৰাইটোৰ কাষ পালেগৈ। মৌ মাখিতোৱে তাৰ জীৱন ৰক্ষা কৰাৰ বাবে কপৌ চৰাইটিক ধন্যবাদ দি ক’লে – “বন্ধু তুমি আজি মোক নিশ্চিত মৰণৰ পৰা ৰক্ষা কৰিলা। কেতিয়াবা তোমাৰো কোনো বিপদ হ’লে মোৰ ক্ষুদ্ৰ শক্তিৰে তোমাক যেনে তেনে ৰক্ষা কৰিম। ” প্ৰতিশ্ৰুতি দি মৌ মাখি নিজ বাহলৈ উৰি গ’ল।

 মাজে মাজে বনত দুয়োৰো কেতিয়াবা দেখা দেখি হয়। দুয়ো নিজৰ নিজৰ সুখ দুখৰ বা বতৰা লয়। পোৱালিৰ বাবে আহাৰৰ গোটোৱাত ব্যস্ত বুলি [ ১৬ ] কপৌ চৰাইটিয়ে মৌ মাখিক কয়।

 এদিন মৌ মাখিয়ে কপৌ পৰিয়ালক মৌবাহলৈ মৌ খাবলৈ নিমন্ত্ৰন জনালে। মৌৰাণীৰ সন্মতি ক্ৰমে মৌবোৰ দূৰলৈ আঁতৰি গ’ল। কপৌ পৰিয়ালে আনন্দমনে মৌ খাই মৌ মাখিক ধন্যবাদ জনালে।

 তাৰ পিছত দিন গৈ আছে। এদিন এজন চিকাৰিয়ে চিকাৰ বিচাৰি বনত ভ্ৰমি ফুৰা মৌ মাখিটিয়ে দেখিবলৈ পালে। সি দূৰৈৰ পৰা চিকাৰীক দেখি কপৌ চৰাইৰ বিপদৰ আশঙ্কা কৰি চিকাৰীৰ ওচৰ চাপিল গৈ। চিকাৰীয়ে ধনুকাড়ৰে কপৌ চৰাই মাৰিবলৈ সাজু হোৱা দেখি মৌ মাখিয়ে ইঙ্গিতেৰে গোটেইজাক মৌ মাখিক চিকাৰীক আক্ৰমণ কৰিবলৈ আদেশ দিলে। মৌ মাখিয়ে চিকাৰীক চৌদিশৰ পৰা আগুৰি ধৰিলে। মৌ মাখিৰ কামোৰত তৎ নাপাই চিকৰৰী পলাবলৈ বাধ্য হ’ল। চিকৰৰীৰ পলায়নত কপৌ চৰাইৰ জীৱন ৰক্ষা পৰিল। তেতিইাৰ পৰা কপৌ যৰাই আৰু মৌ মাখিৰ বন্ধুত্ব প্ৰগাঢ় হ’ল। বিপদৰ বন্ধুহে পৰম বন্ধু।

(১৯৯৯ চনৰ ২৬ আগষ্টৰ দৈনিক অসমত প্ৰকাশিত)

[ ১৭ ]


ঢুলীয়া ককাই


 এখন দেশত এজন ঢুলীয়া আছিল। তেওঁ বৰ ভালকৈ ঢোল বজাব জানিছিল। বিশেষকৈ যিকোনো পূজাৰ আৰতি কৰিবৰ সময়ত তেওঁ ঢোল বজাই সকলোকে আনন্দ দিব পাৰিছিল। সকলো ঠাইৰ মানুহে তেওঁক ঢোল বজাবলৈ মাতিবলৈ আহে। এইদৰে প্ৰায়বোৰ ঠাইতে ঢোল বজাই তেওঁ সুনাম আৰ্জন কৰিলে। নানা ঠাইৰ মানুহে যেতিয়া তেওঁক ঢোল বজাবলৈ মাতিবলৈ অহা হল তেতিয়া তেওঁৰ মনতে গৌৰৱ বোধ কৰিলে। সৰুসুৰা পূজা বোৰলৈ মাতিবলৈ আহিলে তেওঁ গৰ্বেৰে নাযাওঁ বুলি কৈছিল। ঢোল বজাই তেওঁ বহুতো মাননি পাইছিল। তেনেকৈ তেওঁ সুন্দৰকৈ এটি ঘৰ সাজি বাস কৰিছিল।

 গাঁৱৰ মানুহে তেওঁৰ উন্নতিত ভাল পাইছিল আৰু তেওঁক বিয়া কৰাবলৈ পৰামৰ্শ দিছিল। [ ১৮ ]

 অকলশৰীয়া জীৱন সুখৰ নহয় বুলি নানাজনে তেওঁলৈ ছোৱালী দিবলৈ আহিছিল। কিন্তু তেওঁ অহঙ্কাৰেৰে তেনেবোৰ মানুহৰ ছোৱালী বিয়া নকৰাও বুলি প্ৰত্য়াখ্য়ান কৰিছিল। তেওঁ মনতে ভাবিছিল পৃথিৱীত সূৰ্য্যৰ সমান তেজ আৰু পৰাক্ৰমী কোনো হব নোৱাৰে। গতিকে তেওঁৰ দৰে সুবিখ্য়াত ঢুলীয়াই সূৰ্য্যৰ কন্য়াক হে বিয়া কৰাব। এইদৰি ভাবি তেওঁ এদিন সূৰ্য্যৰ কন্য়াক তেওঁ বিয়া কৰাব খোজে বুলি প্ৰাৰ্থনা জনালে। সূৰ্য্য়ই কাৰণ সোধাত ঢুলীয়া ক'লে যে সূৰ্য্য়ৰ সমান তেজস্ৱী বীৰ এই ব্ৰহ্মাণ্ডত কোনো নাই। সেইদৰে তেওঁৰ সমান পাকৈত ঢোল বাদক কোনো নাই এই সংসাৰত।

 ঢোলবাদকৰ কথা শুনি সূৰ্য্য়ই চিন্তা কৰি ক'লে যে "মোতকৈও ডাঙৰ বীৰ এজন আছে তেওঁ হৈছে ডাৱৰ। ডাৱৰে ঢাকি ধৰিলে গোটেই বিশ্বব্ৰহ্মাণ্ড অন্ধকাৰ হৈ যায়, গতিকে মোতকৈ ডাৱৰ হে বেচি বলী। তুমি ডাৱৰৰ ওচৰলৈ যোৱা। "

 ঢোল বাদক সূৰ্য্য়ৰ কথামতে ডাৱৰৰ ওচৰ পালেগৈ আৰু নিজৰ আকাংক্ষাৰ কথা ডাৱৰক জনালে। ঢোলীয়াৰ কথা শুনি ডাৱৰে কলে কথাটো সঁচা মই ইচ্ছা কৰিলে সূৰ্য্য়কো ঢাকি থব পাৰোঁ কিন্তু মোতকৈও ডাঙৰ এজন আছে তেওঁ হৈছে বতাহ। তেওঁ ইচ্ছা কৰিলে মোক উৰুৱাই নি কোনোবাখিনি পোৱাবগৈ পাৰে গতিকে তুমি বতাহৰ ওচৰলৈ যোৱা।

 ঢুলীয়া গৈ বতাহৰ ওচৰ পালেগৈ। বতাহে কলে ডাৱৰে কোৱা কথা সঁচা, কিন্তু মই সকলো গছ গছনি ঘৰ দুৱাৰ ভাঙি নিব পাৰিলেও দুৱৰি বনখিনি ভাঙি নিব নোৱাৰো গতিকে মোতকৈ বনখিনিহে বেচিবলী। তুমি দুৱৰিৰ ওচৰলৈ যোৱা তেওঁহে তোমাৰ কাম সমাধা কৰিব পাৰিব। যেনে কথা তেনে কাম।

 এইবাৰ ঢুলীয়া ছোৱালী বিচাৰি দুৱৰিৰ ওচৰলৈ গ'ল। দুৱৰিয়ে ক'লে [ ১৯ ] বতাহে কোৱা কথা সম্পূৰ্ণ সঁচা। কিন্তু বতাহক ভয় নকৰিলেও মই শিং থকা গৰুক বৰ ভয় কৰোঁ। গৰুৱে শিঙৰে মাটি খান্দি দুৱৰিক পুলি পোখা সকলো উঘালি পেলায়। গতিকে শিং থকা গৰুহে মোৰ বাবে বেছি শক্তিশালী। গতিকে তুমি শিং থকা গৰুৰ ওচৰলৈ হে যোৱা। এইবাৰ ঢুলীয়া গৰুৰ ওচৰলৈ গ’ল আৰু সকলো কথা বিৱৰি ক’লে। শিং থকা গৰুৱে ঢুলীয়াৰ কথা শুনি ক’বলৈ ধৰিলে যে ময়ো এবিধ প্ৰণীলৈ বৰ ভয় কৰোঁ। সেই বিধ হৈছে ঢুলীয়া। ঢুলীয়াই যেতিয়া ঢোল বজায় তেতিয়া মই ভয়তে কলৈ যাওঁ কি কৰোঁ লাগে, সেয়ে মাটি খান্দি লুকাবলৈ চেষ্টা কৰোঁ।

 সকলোৰে কথাবোৰ শুনি শুনি ঢুলীয়া নিৰুপায় হ'ল। গৈ গৈ এতিয়া ঢুলীয়া হে সকলোতকৈ বলী হ'ল। সেয়ে তেওঁ ঢুলীয়াৰ ছোৱালীকে বিয়া কৰাবলৈ স্থিৰ কৰি ঘৰমুৱা হ'ল।

[ ২০ ]

ইও এক সিও এক

 এখন ৰাজ্যত এজন বৰ দুখীয়া ব্ৰাহ্মণ আছিল। তেওঁৰ নাম আছিল ভোলাৰাম। ঘৈনীয়েকৰ সৈতে দুটি প্ৰাণী মাত্ৰ ঘৰখনত। তথাপি তেওঁলোকৰ দুখতে দিন অতিবাহিত হৈছিল কিয়নো তেওঁলোকৰ উপাৰ্জনৰ কোনো পথ নাছিল। অভাৱত পৰি বহুত দিন তেওঁলোক উপবাসে থাকিব লগীয়া হৈছিল। এদিন ঘৈনীয়েকে ভোলাৰামক ক’লে আমি ইমান দুখত দিন কটাইছো কিজানি ৰজাৰ ওচৰলৈ গৈ আমাৰ দুখৰ কথা কলে ৰজাই আমাক কিছু ধন বিত দি সহায় কৰে। ঘৈনীয়েকৰ কথা মতে ভোলাৰাম ৰজাৰ ঘৰলৈ যাবলৈ ওলাল।

 ভোলাৰামৰ যাত্ৰা আৰম্ভ হ’ল। গৈ গৈ তেওঁ এটি জুৰি পাৰ হবলগীয়াত পৰিল। জুৰি পাৰ হওঁতে অচিন বাটত খলাবমা নমনি ভোলাৰাম তিতিবুৰি একাকাৰ হ’ল। তথাপি তেওঁ যাওঁ বুলি ওলায় আহিছে যেতিয়া যাবই। এই পণ লৈ তেওঁ ৰজাৰ ওচৰ পালে গৈ। ৰজাই তিতি বুৰি অহা [ ২১ ]  ভোলাৰামক দেখি কি লাগে কিয় এনে দূৰ্দশা হ'ল সুধিলে। ভোলাৰামে তেওঁৰ দুখৰ কাহিনী ক’লে। ৰজাই চন্তৰীক মাতি ১০০ স্বৰ্ণমুদ্ৰা দুখীয়া ব্ৰাহ্মণ ভোলাৰামক দিবলৈ ক’লে। স্বৰ্ণমুদ্ৰা লৈ ভোলাৰাম আনন্দমনে ঘৰমুৱা হ’ল। এনেতে ৰজাই ক’লে “ইও এক সিও এক।”

 হৰষিত মনে ভোলাৰাম ঘৰ পালেকি আৰু ঘৈণীয়েকৰ হাতত স্বৰ্ণমুদ্ৰাখিনি দিলে। ঘৈণীয়েকে ৰজাই স্বৰ্ণমুদ্ৰা খিনি দি কি ক’লে বাটত যাওঁতে কি হ’ল সকলো সুধিলে। ভোলাৰামে জুৰি পাৰ হৈ তিতি বুৰি গৈ ৰজাৰ ওচৰ পোৱাৰ কথা ক’লে আৰু মুদ্ৰাখিনি দি ৰজাই এটা কথা ক’লে বোলে “ইও এক সিও এক।”

 কিছুদিন যোৱাৰ পিচত ভোলাৰামক পুনৰ ৰজাৰ ওচৰলৈ যাবলৈ ঘৈণীয়েকে অনুৰোধ জনালে। ভোলাৰামৰ হাতত এইবাৰ এটা শিলগুটি দি পঠিয়াই ক'লে যে এই শিলগুটি পানীত ওপঙিব।

 শিলগুটি হাতত লৈ ভোলাৰাম পুনৰ ৰজাৰ ওচৰ পালেগৈ। ৰজাই ভোলাৰাম দেখি চিনি পাই পুনৰ কি প্ৰয়োজনত আহিলা বুলি সুধিলে। ভোলাৰামে শিলগুটিটো ৰজাৰ হাতত দি পানীত এইটো ওপঙিব বুলি ক'লে। ৰজাই চন্তৰীক মাতি ডাঙৰ চৰিয়া এটাত পানী আনিবলৈ হুকুম দিলে। পানী অনা হ’ল। শিলগুটিটো ৰজাই নিজ হাতেৰে পানীৰ চৰিয়াত দিলে কিন্তু শিলগুটিটো টুপুঙকৈ পানীত বুৰ গ'ল। ভোলাৰামে ঘৈণীয়েকে শিকাই দিয়া মতে তপৰাই মাত দিলে “ইও এক সিও এক”। ৰজাই কথাটো বুজি পাই চন্তৰীক মাতি ১০০ স্বৰ্ণমুদ্ৰা দিবলৈ কলে। ১০০ স্বৰ্ণমুদ্ৰা লৈ ভোলাৰাম ঘৰমুৱা হ'ল।

 ৰজাৰ মন্ত্ৰীয়ে এই কথাৰ একো অৰ্থ বুজিব নোৱাৰি ৰজাক সুধিলে [ ২২ ]

“মহাৰাজ এবাৰ আপুনি “ইও এক সিও এক” বুলি এই দৰিদ্ৰ ব্ৰাহ্মণ জনক ১০০ স্বৰ্ণমুদ্ৰা দিলে তাকে ব্ৰাহ্মণে ইও এক সিও এক বুলি কোৱাত পুনৰ এশ স্বৰ্ণমুদ্ৰা দিলে এই কথাৰ ৰহস্য কি?”

 মন্ত্ৰীৰ কথাতৰজাই প্ৰথমে “ইও এক সিও এক” বুলি কোৱাৰ অৰ্থ বুজাই দিলে যে তাহানি কালত অগস্ত্য নামে এজন ব্ৰাহ্মণ আছিল। তেওঁ এক অসুৰক বিচাৰি সাগৰৰ পানী মুখেৰে সুহি নাইকিয়া কৰিছিল আৰু আজিৰ এই দৰিদ্ৰব্ৰাহ্মণ এটি জুৰি পাৰ হৈ আহোঁতে তিতিবুৰি জুৰুলি জুপৰি হৈ আহি দৰবাৰত উপস্থিত হৈছিল। সেয়েহে মই “ইও এক সিও এক” বুলি কৈ এশ স্বৰ্ণমুদ্ৰা দান দিছিলো। এতিয়া বুজিলেনে ক'ত অগস্ত্য মুনি আৰু ক'ত আজিৰ ভোলাৰাম ব্ৰাহ্মণ।

 ভোলাৰামে মই কোৱা কথাৰ অৰ্থ বুজিব পাৰিছিল সেয়েহে তেওঁ পুনৰ শিলগুটি লৈ ৰাজ দৰবাৰ পাইছিলহি। কাৰণ তাহানিৰ ৰজাৰামচন্দ্ৰই শিলত ৰাম নাম লিখি সাগৰত ওপঙাইছিল আৰু তেনেকৈ সাগৰত সেতু বান্ধি লঙ্কাৰ ৰজা ৰাৱণে হৰণ কৰি নিয়া সীতাক উদ্ধাৰ কৰি নিজ ৰাজ্য লৈ লৈ আহিবলৈ সক্ষম হৈছিল। ময়ো তেনে এজন ৰজা হৈ আজি পানীত শিলগুটিটো ওপঙাব নোৱাৰিলোঁ সেয়েহে ভোলাৰাম ব্ৰাহ্মণে “ইও এক সিও এক” বুলি ক'লে।

 “ইও এক সিও এক” কথাৰ তাৎপৰ্য বুজি মন্ত্ৰী ৰজা আৰু ভোলাৰামৰ বুদ্ধিত আচৰিত হৈ মৌন হৈ ৰ’ল।

[ ২৩ ]
 

বুদ্ধিয়ক খেতিয়ক



 এখন গাঁৱত এজন বুদ্ধিয়ক খেতিয়ক আছিল। উপস্থিত বুদ্ধিৰ বলত তেওঁ নানা কাম কৰিছিল। এদিন তেওঁৰ বাৰীতে হোৱা কল কেই আখিমান লৈ বজাৰলৈ যাবলৈ ওলাল কিন্তু কলখিনি পকা নাছিল। তেওঁ ৰাতিয়ে এটা কলত চেনী পানী সুমুৱাই জুইৰ ওচৰত থৈ দিলে। বাকী আটাইখিনি কল জুইৰ ওচৰত থৈ পকা যেন কৰি লৈ বজাৰলৈ লৈ যাবলৈ স্থিৰ কৰিলে। পিচদিনা পুৱা সেই কল লৈ তেওঁ বজাৰ পালেগৈ। মানুহে কল কিনিবলৈ আহি কলত মিঠা আছে নে বুলি সুধিলে। তেওঁ চেনী পানী ভৰোৱা কলটোৰ পৰা এটুকুৰা কাটি খাবলৈ দিয়ে। মিঠা পায় গ্ৰাহকে কল কিনি লৈ যায়। এইদৰে গোটেই খিনি কল বেচি তেওঁ বহুতো ধন পালে আৰু তাৰে তেওঁ ঘৰৰ লাগতীয়াল বস্তু কিনি ললে লগতে এজোৰ বগা পাৰ কিনি লৈ আহিল।

 বুদ্ধিয়ক খেতিয়ক জনে বুজি পাইছিল কল কিনা মানুহবোৰে ঠগ খাই নিশ্চয় তেওঁক গালি শপনি পাৰিবহি। সেয়ে তেওঁ পিচদিনা পুৱা হালবাবলৈ যাবলৈ ওলায় ঘৈণীয়েককে কি কি আঞ্জা ৰান্ধিব লাগিব দিহা দি পাৰ এটা চোতালত বান্ধি থৈ এটা পাৰ লগত লৈ পথাৰলৈ গ'ল। ওচৰতে পাৰটো [ ২৪ ] বান্ধি থৈ খেতিয়কে হাল বাই আছে। হালবোৱা ঠাইতে দুজনমান মানুহে আহি বেয়া কল বেচি ঠগোৱা বুলি দোষাৰোপ কৰিলে। বুদ্ধিয়ক খেতিয়কজনে বৰ বিনয়েৰে ক'লে ডাঙৰীয়া সকল খং নকৰিব আপোনালোকক পইচা ঘূৰাই দিম। এতিয়া আপোনালোক খন্তেক ইয়াতে ৰওক মই পাৰটোৰ আগত ঘৈণীলৈ বতৰা পঠাও তেওঁ ভাত পানী ৰান্ধি থওক আপোনালোকে আমাৰ ঘৰত পদধূলি দি এসাজ খাই-বৈ পইচা লৈ উভতি যাব। এই বুলি কৈ খেতিয়কে ওচৰতে বান্ধি থোৱা পাৰটো হাতত লৈ কলে “আয়েৰক কগৈ মাটিমাহৰ আঞ্জা, চুকাটেঙ্গা মাছৰ জোল, আৰু বেঙেনা পোৰা আদি ৰান্ধি থ’ব। দুজন আলহীয়ে ভাত খাব। এই বুলি পাৰটো তেওঁ উৰুৱাই দিলে।

 কিছু সময় পিচত আলহী লৈ খেতিয়ক ঘৰ পালেগৈ। ঘৈণীয়েকে পানী গামোচা আদি যতনাই দিলে। আলহীয়ে হাত ভৰি ধুলে। খেতিয়ক জনেও গা ধুই আহিল। আটায়ে ভাত খাবলৈ বহিল। পাৰটোৰ আগত কৈ পঠোৱাৰ দৰে আঞ্জাবোৰ খাবলৈ পাই আলহী আচৰিত হ'ল।

 ভাতপানী খাই উঠি এটা পাৰ চোতালত বান্ধি থোৱা দেখি আলহীজনে ইমান বাধ্য পাৰটো কিনি নিবলৈ বিচাৰিলে। খেতিয়কে তেওঁৰ বাক্য আখৰে আখৰে পালন কৰা মৰমৰ পাৰটো বেচিবলৈ অমান্তি হল। আলহীয়ে যিমান মূল্য বিচাৰে দিবলৈ মান্তি হ'ল। শেষত অধিক মূল্যতে পাৰটো কিনি লৈ আলহী দুয়োজন ঘৰমুৱা হ'ল। দুয়ো বাটত আলোচনা কৰিলে। এই পাৰটোৰ দ্বাৰা তেওঁলোকে ইঘৰৰ বা বাতৰি সিঘৰলৈ দিব পাৰিব। এইদৰে গুণাগঠা কৰি তেওঁলোক ঘৰমুৱা হ'ল।

 এবাৰ উৰি যোৱা পাৰ যে পুনৰ ঘুৰি নাহে সেই কথা খেতিয়কে ভালকৈ জানে। সেয়ে তেওঁ মানুহজন পুনৰ তেওঁৰ ওচৰলৈ আহি গালি পাৰিব পাৰে বুলি ভাবি আকৌ এটা নতুন বুদ্ধি উলিয়াই ঘৈণীয়েকক ভনীয়েকক আনিবলৈ মাকৰ ঘৰলৈ পঠিয়ালে। ঘৈণীয়েক গৈ মাকৰ ঘৰৰ পৰা ভনীয়েকক লৈ আহিল। দুয়ো বাই ভনী দেখাত একে। খেতিয়কৰ ঘৈনীয়েক ক’লা আৰু [ ২৫ ] ভনীয়েক বগা। খেতিয়কে দুয়ো বাইভনীয়েকক পাৰ নিয়া মানুহ জন আকৌ আহিব পাৰে বুলি বুদ্ধি শিকাই থলে।

 দুদিনমান পিচতে পাৰ নিয়া মানুহজন আহি খেতিয়কক অকথ্য ভাষাৰে গালি-শপনি দিবলৈ ধৰিলে। পাৰটোৰ আগত ছোৱালীৰ ঘৰলৈ খবৰ পঠিয়াই দিওঁতেই পাৰ উৰি গ’ল যে গলেই আৰু উভতি নাহিল। এনেকৈ তেওঁ কিয় ঠগিলে। এইবাৰো খেতিয়কে মানুহজনক কাকূতি মিনতি কৰি ভাত খাবলৈ মান্তি কৰালে।

 ঘৈনীয়েকে ভাত ৰান্ধি দুয়োজনকে ভাত খাবলৈ মাতিলে। খেতিয়ক আৰু মানুহজনে পৰম তৃপ্তিৰে ভাত খাবলৈ আৰম্ভ কৰিলে। মাজতে এবাৰ ঘৈনীয়েকে ওৰণি লৈ অলপ আঞ্জা দিবলৈ আলহীৰ ওচৰলৈ আহিল। ঘৈনীয়েক ক’লা আছিল। সেয়ে খেতিয়কে ওচৰত থকা বেত ডালেৰে ঘৈণীয়েকক একোব মাৰি ক’লে কলীজনী হৈ আলহীৰ আগলৈ আহিবলৈ লাজ পোৱা নাই, যা বগী হৈ আহগৈ। যেনে কথা তেনে কাম। ঘৈণীয়েক ভিতৰলৈ গৈ ভনীয়েকক ওৰণি লৈ ভাত দিবলৈ পঠিয়ালে। মানুহজনী বগী হৈ অহা দেখি আলহীজন আচৰিত হ’ল। আৰু এই জাদু বেত ডাল তেওঁ কিনি নিবলৈ ইচ্ছা কৰিলে। কিয়নো মানুহজনৰ ঘৈণীয়েক কলা আছিল। বেত ডালেৰে একোব দিলেই যদি বগা হয় তেতিয়া তেওঁ অনায়াসে ঘৈণীয়েকক ইফালে সিফালে লৈ ফুৰিব পাৰিব। হেয়ে তেওঁ বুদ্ধিয়ক খেতিয়কৰ পৰা বহুতো চৰা দামত বেত ডাল কিনিলৈ গৈ ঘৈণীয়েকৰ গাত প্ৰয়োগ কৰিলে। মাৰৰ কোবত ঘৈণীয়েকে চিঞৰিবলৈ ধৰিলে। এইবাৰো তেওঁ খেতিয়কৰ বুদ্ধিত ঠগ খালে বুলি মূৰে কপালে হাত দি বহি পৰিল।

[ ২৬ ]
 

মূৰ্খ ৰজা স্বৰ্গযাত্ৰা

 এখন দেশত এজন বৰ দূৰ্দান্ত চোৰ আছিল। সি সদায় ৰাতি মানুহৰ ঘৰত সিন্ধি খান্দি চুৰ কৰি ধন বিত যি পায় লৈ আহে। সেই বস্তুবোৰ লৈ সি দিনত মহা সুখেৰে খাই বৈ শুই থাকে। ৰাতি হ'লে পুনৰ চোৰে চুৰ কৰিবলৈ ওলায়। এদিন সি এজন মানুহৰ ঘৰলৈ চুৰি কৰিবলৈ গৈ মানুহজনৰ বেচ ওখ ঘৰৰ ভেটিৰ পৰা পৰি চোৰৰ ভৰি এখন ভাগিল। বহুতো বেজ কবিৰাজ লগায় ভৰি ভাল হোৱাৰ লক্ষণ নেদেখি সি সেই ৰাজ্যৰ ৰজাৰ ওচৰলৈ ওখ ঘৰৰ ভেটি বন্ধা মানুহজনৰ বিপক্ষে গোচৰ দিলেগৈ। সেই ৰাজ্যৰ ৰজাজন হোজা আৰু মূৰ্খ আছিল। গোচৰ শুনি ৰজাই মানুহজনক মতাই আনিবলৈ চৰীয়া পঠাই দিলে। ৰাজ আজ্ঞা পাই মানুহজন আহি ৰজাৰ ওচৰত আঁঠুলৈ কিয় মাতিছে, তেওঁৰ কি অপৰাধ জানিবলৈ বিচাৰিলে। ৰজাই সুধিলে তেওঁ কিয় ঘৰৰ ভেটি ৰাজপ্ৰসাদত কৈ ওখকৈ বান্ধিছে যৰ পৰা পৰি এই চোৰজনৰ ভৰি ভাগিল। মানুহজনে অতি বিনয়বচনে ক'লে যে তেওঁ বনুৱাবোৰক ঘৰৰ [ ২৭ ] ভেটি বান্ধিবলৈ দিছিল সিহঁতে কিয় ইমান ওখকৈ বান্ধিলে তেওঁ নাজানে।

 মানুহজনৰ উত্তৰ শুনি ৰজাই বনুৱাবোৰক মাতি আনিবলৈ চৰীয়া পঠাই দিলে। বনুৱাবোৰ আহিল। ৰজাৰ ওচৰত আঁঠুলৈ তেওঁলোকক কিয় মাতিছে কাৰণ সুধিলে। ৰজাই ঘৰৰ ভেটি ওখ কৰাৰ কাৰণ জানিব বিচাৰিলে। বনুৱাবোৰে কোদালখন ডাঙৰ আছিল সেয়ে মাটি বেচি উঠিছিল বাবে ঘৰৰ ভেটি ওখ হ’ল বুলি জনালে। ৰজাই তেতিয়া কোদাল গঢ়া কমাৰজনক মাতি আনিবলৈ মানুহ পঠিয়ালে। কমাৰজনে ভয়ে ভয়ে আহি ৰজাৰ আগত আঁঠুলৈ কোদালগঢ়াৰ দিনা হোৱা ঘটনাৰ বিৱৰণ দিলে। মহাৰাজ সেইদিনা কোদালগঢ়াৰ সময়ত আপোনাৰ ৰাণীৰ লিগিৰিবোৰ দৌৰা দৌৰি কৰি ৰাজমহলৰ ফালে অহা দেখিছিলোঁ। কিয় ইমানকৈ লিগিৰিবোৰ দৌৰিছে চাই চাই কোদালত কোব দিওঁতে কোদাল বহল হৈ গ'ল গতিকে মোৰ গাত দোষ নাই। ৰজাই আচৰিত হৈ ভাবিলে কিয় বাৰু সেইদিনা লিগিৰিবোৰ সেইবাটেৰে ইমানকৈ দৌৰিছিল কাৰণ জানিবলৈ ৰজাই লিগিৰিবোৰক ৰাজদৰবাৰলৈ মাতি পঠালে।

 ৰাজ আদেশ পাই লিগিৰিবোৰ আহি ৰাজসভাত উপস্থিত হ'ল। ৰজাই কিয় সেই দিনা সেই নিৰ্দিষ্ট বাটেৰে ইমানকৈ দৌৰি আহিছিল তাৰ কাৰণ জানিব বিচাৰিলে। লিগিৰিবোৰে ভয়ে ভয়ে ৰজাৰ ওচৰত আঠুলৈ বিনয় বচনে ক’বলৈ ধৰিলে “মহাৰাজ আমাৰ কোনো দোষ নাই আমি সেইদিনা মহাৰাণীৰ ল’ৰা জন্ম হোৱাৰ খবৰ পাই আনন্দৰে দৌৰি আহিছিলো।

 লিগিৰিহঁতৰ কথা শুনি ৰজাই সেই ক্ষণত জন্মা বাবে ল’ৰাটোকে বধ্যভূমিলৈ লৈ গৈ কাটি পেলাবলৈ হুকুম দিলে কিয়নো এই ল’ৰাৰ গাতে দোষ। ৰজাৰ মন্ত্ৰীয়ে দেখিলে এতিয়া কথা সৰ্বনাশ হ'ব। মন্ত্ৰীয়ে ৰজাক সম্বোধন কৰি ক'লে “মহাৰাজ ৰাজপুত্ৰক বধ্যভূমিলৈ নিয়া হ’ব কিন্তু ৰাজকুমাৰৰ মূৰ বলিশালত নোসোমাব। কিয়নো ৰাজপুত্ৰ বৰ সৰু হৈ আছে। সেয়ে আমাৰ [ ২৮ ] ৰাজ্যৰ শকত-আৱতমানুহ এজন বিচৰা হওক তেওঁকে বধ্যভূমিলৈ লৈ গৈ বলি দিলে সকলো দোষ মুক্ত হ'ব।

 ৰজাৰ আদেশত শকত-আৱত মানুহ বিচাৰি ৰখীয়া পৰীয়া পঠোৱা হ’ল। বিচাৰি বিচাৰি তেওঁলোকে দুজন বৰ শকত ব্ৰাহ্মণ পালে। বহুত বছৰ আগেয়ে এই দুখীয়া ব্ৰাহ্মণ দুজন ৰজাৰ ওচৰলৈ আশ্ৰয় বিচাৰি আহিছিল। ৰজাই তেওঁলোকক ৰাজভঁৰালৰ পৰা টকা-পইচা দি সহায় কৰি আছিল। থকা খোৱাৰ বাবে সকলো বন্দবস্ত কৰি দিবলৈ হুকুম দিছিল। ৰাজ সাহায্য লৈ একো কাম নকৰাকৈ বহি বহি খাই তেওঁলোক দুয়ো দিনে দিনে শকতহৈ গৈ আছিল। তাৰে এজনক আনিবলৈ যেতিয়া পৰীয়া গ’ল দুয়োজন ব্ৰাহ্মণ আহি ভয়ে ভয়ে ৰজাৰ ওচৰত আঠু ললেহি। তেওঁলোকে ৰজাই কিয় মাতিছে জানিবলৈ বিচাৰিলে। ৰজাই ক'লে তোমালোকৰ এজনক আজি বলি দিয়া হ'ব। ৰজাৰ আদেশত ব্ৰাহ্মণ দুজন উচপ খাই উঠিল।

 কিছু সময় চিন্তা কৰি ব্ৰাহ্মণ দুজনে কাণে কাণে কিবা কথা পাতি ল’লে। দুয়ো একেলগে মই আগত বলি যাম বুলি চিঞৰি উঠিল। এজনে কয় মই আগতে বলি যাম আকৌ আনজনে কয় মই আগতে বলি যাম। দুয়োজনে বলি যাবলৈ আগ্ৰহ কৰা দেখি ৰজা আচৰিত হৈ তাৰ কাৰণ সুধিলে। এজন ব্ৰাহ্মণে বিনয় বচনে ক’লে যে এই শুভদিনত যিজনে বলি যাব তেওঁ স্বৰ্গবাসী হ’ব। সেয়ে মই আগেয়ে বলি যাম বুলি আপোনাৰ আজ্ঞা বিচাৰিছোঁ।

 ৰজাই ভাবিলে এই শুভদিনত কিয় ব্ৰাহ্মণ দুজনক স্বৰ্গ লৈ যোৱাৰ বাট প্ৰশস্ত কৰি দিও। মই নিজে স্বৰ্গৰ্যাত্ৰা কৰোঁ। ৰজাই নিজে বলিযাবলৈ ইচ্ছা প্ৰকাশ কৰি কটোৱালক আদেশ দিলে। কটোৱালে ৰাজ আজ্ঞা পাই ৰজাকে বলি দি সকলো সমস্যাৰ ওৰ পেলালে। এই দৰে মূৰ্খ ৰজা স্বৰ্গলৈ গল। [ ২৯ ]

 

পৰীৰ দেশত এৰাতি

 জিলমিল নামৰ সৰু ছোৱালীজনী ফুটফুটীয়া ফ্ৰক এটা পিন্ধি অটব্য অৰণ্যৰ মাজেমাজে গৈ আছিল। পৰ্বত পাহাৰ গিৰি গুহা অতিক্ৰম কৰি জিলমিল এখন মনোৰম ফুলনিৰ ওচৰত উপস্থিত হ'ল। ফুলনিখনত নানা বৰণৰ মনোমোহা ফুলে শোভা বৰ্দ্ধন কৰি আছিল। ফুলনিখনৰ চাৰিওফালে বিৰাট ডাঙৰ গছবোৰ কোনোবাই শাৰী শাৰীকৈ ৰুই দিছিল। গছত নানা ধৰণৰ ফল ডাল ভৰি ভৰি লাগি আছিল। ফুলনিৰ মাজত সৰোবৰ সদৃশ এটি ডাঙৰ পুখুৰী। পুখুৰীত চন্দ্ৰৰ সুবিমল জেউতি পৰি ফুলবোৰ ফুলি ৰি্ব ৰি্ব বতাহৰ ঢৌৱে ঢৌৱে নাচি আছিল। কনমানি জিলমিলৰ মনো ঢৌৱে ঢৌৱে নাচিবলৈ ধৰিলে। বতাহত আউলি বাউলি হোৱা চুলিখিনি হাতেৰে ঠিক কৰি জিলমিল এখোজ দুখোজকৈ গৈ আছে। এনেতে সমুখত কেইগৰাকীমান পৰীয়ে লুকা ভুকা খেলি থকা দেখিলে। পৰীকেইজনীৰ হাঁহিৰ খলকনিত জিলমিলৰো [ ৩০ ]

 খেলিবলৈ মন গ'ল। জিলমিলে চুচুক চামাককৈ আগবাঢ়ি যোৱাত হঠাতে এজনী পৰীয়ে তাইক দেখা পালে। পৰীজনী ওচৰলৈ আহি জিলমিলৰ হাতত ধৰি মৰমেৰে সুধিলে ‘তুমি কোন?’ইয়ালৈ কেনেকৈ আহিলা?’ পৰীজনীয়ে হাতত ধৰাত তাইৰ সৰ্বশৰীৰ আনন্দত ভৰি পৰিল, তাইৰ গাত যেন চিনেমাত দেখা চাবোনৰ বিজ্ঞাপনৰ দৰে গোটেই শৰীৰ ফুলে ফুলে ভৰি গ'ল আৰু গোন্ধত আমোল মোলাই গ'ল।

 জিলমিলে অতি বিনয়েৰে মই ফুৰিবলৈ আহি এইখিনি পালেহি বুলি ক’লে। আহা তোমাক আমাৰ সখিসকলৰ লগত চিনাকী কৰি দিও। পৰীজনীয়ে জিলমিলৰ হাতত ধৰি আন আন পৰীসকলৰ ওচৰলৈ লৈ গ'ল আৰু সকলোকে আন এজনী সখি পালো বুলি চিনাকী কৰি দিলে। জিলমিলক মাজত লৈ আটায়ে ঘূৰি ঘূৰি নাচিবলৈ ধৰিলে। জিলমিলেও আনন্দমনে নাচিবলৈ ধৰিলে। এটা সময়ত পুখুৰীৰ পাৰত দুৱৰি দলিচাত আটায়ে বহিল।

 জিলমিলে চৌদিশে চকুফুৰাই তবধ মানিলে। ইমান ধুনীয়া ঠাই ইয়াৰ আগতে তাই ক’তো দেখা নাই। জিলমিলে মৰমসনা মাতেৰে পৰী এজনীক সুধিলে তোমালোক ইয়াত ক’ত থাকা, তোমালোকৰ কোন কোন আছে। আমি ইয়াতে থাকো, সৌৱা দূৰৰ ঘৰবোৰ যে দেখিছা আমি তাতে থাকোঁ। আমাৰ সকলো আছে। মা-দেউতা, দাদা বাইদেউ সকলো আছে। তোমাৰ নো কোন কোন আছে এই বুলি এজনী পৰীয়ে সুধিলে। মোৰো মা-দেউতা আৰু ভাই এটা আছে। তোমালোকৰ ঠাইবোৰ ইমান ধুনীয়া। আমাৰ চহৰত ইয়াৰ দৰে ইমান ধুনীয়া ধুনীয়া ওখ ওখ গছ নাই। গছবোৰ মানুহে কাটি কাটি [ ৩১ ] ধ্বংস কৰে। তোমালোকৰ ইয়াত কোনেও গছ নাকাটে নহয়? সেয়েহে তোমালোকে ইমান মিঠা মিঠা ফলবোৰ খাবলৈ পোৱা। জিলমিলে মনে মনে প্ৰতিজ্ঞা কৰিলে তাই এইবাৰৰ পৰা লগৰীয়াৰ সতে লগ লাগি গছ কটা বন্ধ কৰিব আৰু নতুন নতুন গছ লগাব। সকলোকে কৈ দিব ইমান সুন্দৰ ঠাই গছ-গছনি ফল ফুলেহে শুৱনি কৰিব পাৰে। জিলমিলে চিন্তা কৰি থকা দেখি তাইৰ হাতত ধৰি থকা পৰীজনীয়ে জোকাৰি দিলে। তাই হাঁহি দিলে। আকৌ তাই মৰম মিহলি সুৰেৰে সুধিলে — তোমালোকৰ ঠাইখন ইমান ধুনীয়া ইমান নিকাকৈ কোনে সাৰি মচি ৰাখে। আমাৰ নিজৰ নিজৰ কামৰ ভাগ আছে। আমি সেইমতে ভাগে ভাগে কামবোৰ কৰোঁ। তেতিয়া কাৰো ভাগৰ নালাগে, আমনি নালাগে। অকলে বলে নোৱৰা কামটোহে আমি লগে ভাগে কৰোঁ।

 এনেতে এজনী পৰীয়ে আটাইবোৰ পৰীকে মাতি লৈ কামলৈ যাব লাগে আমাৰ খেলৰ সময় শেষ হ’ল বুলি হঠাতে নাইকিয়া হ’ল। জিলমিলে ময়ো তোমালোকৰ লগতে যাম বুলি চিঞৰিবলৈ ধৰিলে। জিলমিলে টোপনিতে চিঞৰা শুনি মাক আহি জগাই দিলে। তেতিয়া ৰাতি পুৱাইছে। মাকৰ কথামতে জিলমিল বিচনাৰ পৰা নামি ব্ৰাচ বিচৰাত লাগিল, কিন্তু তাইৰ চকুৰ আগত ধুনীয়া ধুনীয়া পৰীকেইজনীৰ নাচোন হে ভাঁহি থাকিল। [ ৩২ ]

 

পৰশুকুণ্ড কেনেকৈ হল?

 ত্ৰেতা যুগত জমদগ্নি নামে এজন ঋষি আছিল। তেওঁ পত্নীৰ নাম আছিল ৰেণুকা। তেওঁলোকৰ কেইবাটিও পুত্ৰ আছিল। তাৰে এজন হ’ল পৰশুৰাম। এদিন ৰেণুকা গংগা নদীত স্নান কৰি আহোঁতে গন্ধৰ্বৰাজ চিত্ৰৰথক দেখা পালে। সুদৰ্শন চিত্ৰৰথৰ প্ৰতি ৰেণুকা আকৃষ্ট হ’ল। চিত্ৰৰথৰ সৈতে কিছুসময় অতিবাহিত কৰি যেতিয়া ৰেণুকা আশ্ৰমলৈ উভতি আহে তেতিয়া বহু বেলি হৈছিল। ৰেণুকা অহাত পলম হোৱা বাবে জমদগ্নি খংত জ্বলি পকি উঠিল। জমদগ্নিয়ে আত্মনিয়ন্ত্ৰণ হেৰুৱাই পুতেক সকলক মাতি আনি ৰেণুকাক হত্যা কৰিবলৈ আদেশদিলে। পৰশুৰামৰ বাহিৰে আন পুত্ৰসকলে পিতৃৰ আদেশ মানিবলৈ অস্বীকাৰ কৰিলে। পিতৃৰ আদেশ নিৰ্মম বুলি জানিও পৰশুৰামে [ ৩৩ ]  এখন কুঠাৰেৰে মাতৃ ৰেণুকাৰ মূৰ কাটি পেলালে। পৰশুৰামে পিতৃৰ তপস্যালব্ধ শক্তিৰ কথা ভালকৈয়ে জানিছিল সেয়ে তেওঁ পিতৃৰ আদেশ অমান্য কৰা আন কেইজন ভায়েকক হত্যা কৰিবলৈ কুণ্ঠিত নহ'ল।

 পৰশুৰামৰ পিতৃভক্তিত সন্তুষ্ট হৈ জমদগ্নিয়ে বৰ দিবলৈ স্থিৰ কৰিলে। পৰশুৰামে এটা এটাকৈ পাচোঁটা বৰ মাগিলে। প্ৰথম বৰ অনুযায়ী মাতৃ আৰু ভাতৃসকলৰ পুৰ্ণজীৱন কামনা কৰে। দ্বিতীয় বৰত মাতৃহত্যা পাপৰ পৰা উদ্ধাৰ হ’বলৈ বিচাৰে। তৃতীয় বৰত মাতৃৰ মনৰ পৰা পুত্ৰৰ এই পাপ কাৰ্যৰ যন্ত্ৰনাৰ পৰা মুক্তি বিচাৰিলে। চতুৰ্থ বৰত তেওঁ যুদ্ধত অপৰাজেয় হৈ থাকিব বিচাৰিলে। পঞ্চম বৰত তেওঁ দীৰ্ঘজীৱন কামনা কৰে। জমদগ্নিয়ে পুত্ৰৰ মনোবাঞ্চা পূৰ্ণ কৰাৰ অৰ্থে তথাস্তু বোলাৰ লগে লগে মাক আৰু ভায়েকসকল জীৱন্ত হৈ উঠে আৰু টোপনিৰ পৰা সাৰ পাই উঠা যেন অনুভৱ কৰে।

 বৰ লাভ কৰিও মাতৃহত্যা পাপৰ পৰা মুক্ত নোহোৱাত জমদগ্নিয়ে পৰশুৰামক তীৰ্থযাত্ৰা কৰিবলৈ আদেশ দিয়ে আৰু ব্ৰহ্মকুণ্ডত স্নান কৰি পাপ মুক্ত হোৱাৰ উপদেশ দিলে। পৰশুৰামে পিতৃৰ আদেশত তীৰ্থযাত্ৰা আৰম্ভ কৰিলে। এই তীৰ্থযাত্ৰা পৰশুৰামে নানা তীৰ্থস্থান দৰ্শন কৰি অৱশেষত অৰুণাচল প্ৰদেশৰ লোহিত জিলা পৰ্যন্ত পথ পৰিক্ৰমা কৰিলে। ব্ৰহ্মকুণ্ডত স্নান কৰিহে তেওঁ মাতৃহত্যা পাপ ক্ষয় কৰিবলৈ সমৰ্থ হয়। ইয়াতেই তেওঁৰ হাতৰ কুঠাৰ সৰি পৰে আৰু ব্ৰহ্মকুণ্ডত স্নান কৰি পাপ মুক্ত হোৱা বাবে ব্ৰহ্মকুণ্ডৰ নাম তেতিয়াৰে পৰা পৰশুকুণ্ড হ’ল।

সংগ্ৰহ

[ ৩৪ ]
 

শ্ৰেষ্ঠ কোন

 অতি পুৰনি কালত এখন দেশত এজন ৰজা আছিল। ৰজাৰ সত্যব্ৰত নামে এজন ল’ৰা আছিল। সত্যব্ৰত লাহে লাহে ডাঙৰ হৈ আহিল। ৰজাই ৰাজপুত্ৰক সকলো বিদ্যাতে পাৰ্গত কৰিবলৈ গুৰুগৃহলৈ পঠাবলৈ স্থিৰ কৰিলে। দিন ক্ষণ চাই মন্ত্ৰীৰ লগত সত্যব্ৰতক গুৰু গৃহলৈ বিদ্যা শিক্ষাৰ বাবে পঠিয়াই দিলে। পুত্ৰক দূৰলৈ পঠিয়াই ৰাণী সত্যলতা দুখত ভাগি পৰিল যদিও পুত্ৰৰ মঙ্গল কামনা কৰি ৰজাৰ ইচ্ছাত বাধা দিব নোৱাৰিলে।

 গুৰুৰ গৃহত সত্যব্ৰতৰ দিন মাহ বছৰ বাগৰি গ'ল। সকলো বিদ্যাতে নিপুণতা দেখুৱাবলৈ সত্যব্ৰত সক্ষম হ’ল। গুৰু গৃহত শেষ পৰীক্ষাত উত্তীৰ্ণ হৈ সত্যব্ৰত নিজঘৰ লৈ উভতি আহি পিতা-মাতাৰ মনত আনন্দৰ জোৱাৰ [ ৩৫ ]  তুলিলে। ৰজাই সত্যব্ৰত সকলো বিদ্যাত কিমান পাৰ্গত হ’ল জানিবলৈ এদিন তেওঁ সত্যব্ৰতৰ পৰীক্ষা ললে। ৰজাই সুধিলে সংসাৰত ধৰ্ম, কৰ্ম, ধন আৰু বিদ্যাৰ ভিতৰত শ্ৰেষ্ঠ কোন? ৰজাই সোধা প্ৰশ্নৰ উত্তৰ সত্যব্ৰতে দিব নোৱাৰিলে। সত্যব্ৰতৰ পৰা সদ উত্তৰ নাপাই ৰজা খংত জ্বলি পকি উঠিল। পৰীক্ষাত উৰ্ত্তীণ হ'ব নোৱাৰা বাবে সত্যব্ৰতে ৰাজ্য ধন সিংহাসন একোৰে উত্তৰাধিকাৰী হ'ব নোৱাৰিব। সত্যব্ৰতে এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰালৈকে ঘৰলৈ উভতি নাহো বুলি প্ৰতিজ্ঞা কৰি ৰাজ কাৰেঙৰ পৰা ওলাই গ'ল। ৰাজপুত্ৰৰ বিদায় ক্ষনত ৰাণী শোকত বিহ্বল হৈ পৰিল। ৰজা কিন্তু অলৰ অচৰ। তেওঁৰ বাক্য খণ্ডন হ’ব নোৱাৰে।

 সত্যব্ৰতে সদ উত্তৰ বিচাৰি হাবাথুৰি খাই দেশ দেশান্তৰে অনাই বনাই ফুৰিবলৈ ধৰিলে। শেষত তেওঁ নিৰাহাৰে দিন কটাব লগীয়া হ’ল। এনেদৰে ঘূৰি ফুৰি ভোকত তেওঁ লেবেজান হৈ এজোপা গছৰ তলত বহি পৰিল। অৱশভাৱে হেচি ধৰাত তেওঁ গছৰ তলতে টোপনি গ’ল। কিমান সময় টোপনি গ'ল তেওঁ ক'ব নোৱাৰে। সাৰ পাই দেখিলে যে তেওঁৰ সমূখতে এখন খাদ্য সম্ভাৰৰ দোকান। দোকানত কিন্তু দোকানী নাই। ইফালে সিফালে চাই কাকো ওচৰত নেদেখি দোকানৰ পৰা উদৰ পুৰাই খাদ্যবস্তু খালে আৰু মূল্য দিবলৈ তেওঁৰ হাতত ফুটা কড়িও এটি নাই বাবে হাতত থকা আঙুঠিটোকে দোকানত থৈ তেওঁ আনন্দমনে পুনৰ পথ পৰিক্ৰমাত লাগিল।

 ইতিমধ্যে দোকানীজন দোকানলৈ উভতি আহি দোকানৰ বহুতো খাদ্যবস্তু অদৃশ্য হোৱা দেখি ইফালে সিফালে চাবলৈ ধৰিলে। খাদ্যসম্ভাৰ অদৃশ্য হোৱা দেখি দোকানী বিমোৰত পৰিল। সত্যব্ৰতৰ দূভাৰ্গ্য তেওঁ থৈ যোৱা উজ্জ্বল আঙুঠিটো এটা নিগনিয়ে খোৱা বস্তু ভাবি মুখত লৈ গ'ল। [ ৩৬ ]  দোকানীয়ে মূল্য নাপায় মানুহজনক বিচাৰিবলৈ অনুচৰ পঠিয়ালে। সেইয়া আছিল দোকানীৰ বেশত ধৰ্মৰাজ। ধৰ্মৰাজৰ আদেশত সত্যব্ৰতক বিচাৰি পালে যদিও তেওঁৰ হাতত একো ধন বিত নাপায় চকুজোৰকে কাঢ়ি আনি ধৰ্মৰাজক দিলে।

 অন্ধ সত্যব্ৰতৰ দুখে কুলাই পাচিয়ে নধৰা হ’ল। সত্যৰ অম্বেষণত সত্যব্ৰত হাৰ মনা বিধৰ ল’ৰা নহয়। অন্ধহৈ পৰৰ অনুগ্ৰহ ভিক্ষাৰী হৈ জীৱন কটাবলগীয়া হ'ল। কালৰ বুকুত দিন মাহ বছৰ বোৰ হেৰাই গ'ল। অনাই বনাই ফুৰি সত্যব্ৰত ভাগৰি পৰিল। পথ পৰিক্ৰমা কৰি ফুৰোতে এদিন এখন ৰাজ্যৰ ৰাজকন্যাৰ বিয়াৰ কথা শুনিবলৈ পাই ভোকত আতুৰ হৈ বিয়া ঘৰৰ পদূলি পালে গৈ। কিছুদূৰ আগুৱাই গৈ অনুমানতে আন আন মানুহবোৰৰ ওচৰত সত্যব্ৰত জুপুকা মাৰি বহি ৰ'ল।

 ৰাজকন্যাৰ সয়ম্বৰ সভা। লোকে লোকাৰন্য নানান দেশৰ ৰজা, মহাৰজা, ৰাজকোঁৱৰ আহিছে ৰাজকন্যাৰ পানি গ্ৰহণ কৰিবলৈ। নিৰ্দিষ্ট আসনত ৰজা মহাৰজা ৰাজকোৱঁৰ সকলক বহোৱা হ'ল। ৰাজকন্যাই হাতত ফুলৰ মালা লৈ সখি সকলৰ লগত সয়ম্বৰ সভালৈ ওলায় আহিল। প্ৰতিজন উৎসুক ৰজা, মহাৰজা, ৰাজকোঁৱৰৰ সমুখেদি পাৰ হৈ আহি আহি ৰাজকন্যাই একোণত জুপুকা মাৰি বহি থকা সত্যব্ৰতক মালা পিন্ধাই দিলে। ৰাজসভাত মৃদু গুঞ্জন উঠিল। ৰজা খঙত জ্বলি পকি উঠিল। প্ৰহৰীক ৰজাই আদেশ দিলে ওচৰতে থকা এটি সৰু কুটীৰত সত্যব্ৰত আৰু ৰাজকন্যাক থাকিবলৈ দিয়া হওক কিন্তু ৰাজকোষৰ পৰা কোনো সাহায্য দিয়া নহব। ৰাজসভাৰ পৰা এজন এজনকৈ পানি প্ৰাৰ্থী ৰজাসকল ঘৰমুৱা হ'ল। [ ৩৭ ]  সত্যব্ৰত আৰু ৰাজকন্যাৰ অভূতপূৰ্ব জীৱন আৰম্ভ হ'ল। ৰাজকন্যাই নিজ পৰিশ্ৰমৰ যোগেৰে যি আৰ্জন কৰে তাৰে যিমান পাৰে সিমানকৈ সত্যব্ৰতৰ সেৱা শুশ্ৰুষা কৰিবলৈ ধৰিলে। এনেতে এদিন ৰজাৰ ৰাজ্য সভালৈ ধৰ্ম, কৰ্ম আৰু লক্ষী-সৰস্বতী আহি তেওঁলোক চাৰিওজনৰ ভিতৰত শ্ৰেষ্ঠ কোন বিচাৰ কৰিব লাগে বুলি কলেহি। ৰজা বিমোৰত পৰিল। কাক শ্ৰেষ্ঠ বুলি ক'ব? ধৰ্মক শ্ৰেষ্ঠ বুলি কলে লক্ষী সৰস্বতীয়ে এৰা দিব। ৰাজ্যত অভাৱ অনাটনে দেখা দিব। বিদ্যাহীন হৈ প্ৰজাসকল বিপথে যাব। লক্ষীক শ্ৰেষ্ঠ বুলি কলে ধৰ্মই বেয়া পাব। দেশত অধৰ্ম বাঢ়ি গৈ ৰাজ্যত নানা বিভ্ৰাট হ’ব। সৰস্বতীক শ্ৰেষ্ঠ বুলি কলে লক্ষী আৰু ধৰ্মই প্ৰজাসকলক বিপদত পেলাব। ৰজা নিৰুপায় হৈ এমাহ সময় ললে। এমাহৰ পিচত তেওঁ সদুত্তৰ দিব বুলি দেৱতা সকলক বিদায় দিলে।

 দিনে দিনে ৰজাৰ মনত অশান্তি বাঢ়ি গ'ল। চিন্তাত খোৱা শোৱা বাদ দিলে আনকি ৰাজকাৰ্যও ভালকৈ নকৰা হ’ল। সদায় চিন্তিত মনে বহি থাকিবলৈ ললে। এদিন ৰাজকন্যা ৰজাৰ ওচৰলৈ আহিল। চিন্তাক্লিষ্ট ৰজাক দেখি ৰাজকন্যাই তেওঁৰ বিমৰ্ষতাৰ কাৰণ সুধিলে। ৰজাই জীয়েকৰ আগত সকলো কথা বিবৰি কলে। ৰাজকন্যাই চিন্তা নকৰিব কিবা এটা উপায় উলিয়াব বুলি কৈ ৰজাক সান্তনা দি ঘৰলৈ গ'ল। ৰাজকন্যাই সত্যব্ৰতক সকলো কথা কলে। সত্যব্ৰতে ৰাজকন্যাক আশ্বাস দিলে যে তেওঁ এই সত্য উদঘাটন কৰিব আৰু ৰজাক সকলো চিন্তাৰ পৰা মুক্ত কৰিব। ৰাজকন্যাই সত্যব্ৰতৰ কথাত পতিয়ন গৈ ৰজাক সত্যব্ৰতে সকলো সমাধান কৰিব বুলি কৈ আহিল গৈ।

 এমাহৰ অন্তত নিৰ্দিষ্ট দিনত ধৰ্ম, কৰ্ম, লক্ষী, সৰস্বতী আহি ৰাজসভাত উপস্থিত হ'ল। ৰজাই তেওঁলোকক যথাযোগ্য আসনত বহুৱালে। ৰজাই [ ৩৮ ]  জোৱায়েক সত্যব্ৰতক ৰাজকুমাৰৰ বেশেৰে সজাই ৰাজসভালৈ আনিবলৈ হুকুম দিলে। প্ৰহৰীয়ে ৰাজকুমাৰৰ বেশ ধাৰণ কৰা সত্যব্ৰতক নিৰ্দিষ্ট আসনত বহুৱালে। ৰাজকাৰ্য আৰম্ভ হল। ৰজাই তেওঁৰ হৈ জোৱায়েক সত্যব্ৰতে সকলো প্ৰশ্নৰ উত্তৰ দিব বুলি ঘোষণা কৰিলে। সত্যব্ৰতে সেৱা জনাই আসন গ্ৰহণ কৰিলে। সত্যব্ৰতে অনুমান সাপেক্ষে ক’বলৈ আৰম্ভ কৰিলে —

 হে, মহান দেৱতা ধৰ্মৰাজ, আপুনি শ্ৰেষ্ঠ হ'বই নোৱাৰে, কিয়নো আপুনি বিচাৰ বুদ্ধি প্ৰয়োগ নকৰাকৈ মানুহক দণ্ড দিয়ে। মই যিদিনা দোকানৰ পৰা বস্তু খাইছিলো। সেইদিনা বস্তুৰ মূল্য হিচাপে মোৰ সোণৰ আঙুঠিটো তাত থৈ আহিছিলো, কিন্তু বস্তুৰ মূল্য নাপায় মোক ধৰি নিবলৈ অনুচৰ পঠালে। অনুচৰে মোৰ হাতত ধন বিত নাপায় মোৰ চকুজোৰকে কাঢ়ি নি আপোনাৰ হাতত দিলে। আপুনি কোনো প্ৰশ্ন নকৰাকৈ চকুজোৰ থৈ দিলে। ই কেনে বিচাৰ, আপুনি ধৰ্মৰাজ হৈ সকলোতে ন্যায় প্ৰদৰ্শন কৰিব লাগিছিল কিন্তু আপুনি মোৰ প্ৰতি অবিচাৰ হে কৰিলে। হয় নে নহয় আপুনি নিজে চিন্তা কৰি কওক। ধৰ্মৰাজে সকলো কথা জানিও এনে অবিচাৰ কৰা বুলি স্বীকাৰ কৰিলে। সেয়ে সত্যব্ৰতে তেওঁ শ্ৰেষ্ঠ হ'ব নোৱাৰে বুলি ৰায় দিলে।

 দ্বিতীয়তে লক্ষীদেৱীৰ কথা আৰম্ভ কৰিলে। হে আই ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী, আপুনি কিয় মোক সেইদিনা উদ্ধাৰ নকৰিলে যিদিনা মই আপোনাক সকাতৰে মাতিছিলোঁ। আপুনি সৰ্ব শ্ৰেষ্ঠ হ’বলৈ হ'লে সকলোকে সমান দৃষ্টিৰে চাব লাগিব। আপোনাৰ বিচাৰত পক্ষপাতিত্ব আছে। কিয়নো আপুনি দুখীয়াৰ দুখ নুবুজে। যিজনে আপোনাক ধন দৌলতেৰে উপচায় দিয়ে [ ৩৯ ]  তেওঁকহে আপুনি দয়া দেখুৱায়। মোৰ কি অপৰাধ মোৰ পিতাই এই প্ৰশ্নই কৰিছিল। আপোনালোকৰ ভিতৰত শ্ৰেষ্ঠ কোন? তেতিয়া আপুনি আহি মোৰ ওচৰত ঠিয় নহ'ল কিয়? মই ইমান দুখ যাতনা পালো। এতেকে মই আপোনাকো শ্ৰেষ্ঠ বুলি নকওঁ। ভোকাতুৰ এজনক সহায় কৰা আপোনাৰ ধৰ্ম নহয় জানো? লক্ষীদেৱী তলমুৱা হ’ল। সঁচাকৈয়ে তেওঁ সহায় কৰাহেতেন এই দুৰ্ভগীয়া ল'ৰাজনে অন্ধ হৈ ইমান কষ্ট নাখালেহেতেঁন। লক্ষীদেৱীয়ে নিজৰ ভুল স্বীকাৰ কৰিলে।

 এইবাৰ সত্যব্ৰতে সৰস্বতী দেৱীক উদ্দেশ্য কৰি ক’বলৈ ধৰিলে হে, সৰ্ববিদ্যাৰ অধিকাৰী দেৱী, আই সৰস্বতী, আপুনি সকলোকে বিদ্যাদান কৰি জগতত বিদ্যাৰ অধিষ্ঠাত্ৰী ৰূপে চিৰ পূজিতা হৈ আছে। মোক মোৰ পিতাই পৰীক্ষা লোৱাৰ সময়ত আপুনি মোৰ কণ্ঠত স্থিতি লৈ মোক কিয় সোৱঁৰাই নিদিলে শ্ৰেষ্ঠা কোন? মইতো আপোনাক কাতৰে প্ৰাৰ্থনা জনাইছিলোঁ তেতিয়া কিয় মোক উচিত বিচাৰ কৰিবলৈ ক্ষমতা প্ৰদান নকৰিলে। মোৰ দোষ কি আপুনিয়ে কওকচোন। সৰস্বতীয়ে লাজতে তলমূৰ কৰি তেওঁৰ দোষ স্বীকাৰ কৰিলে এনে ধৰণৰ বৈষম্যৰ কাৰণে দেৱী সৰস্বতীও শ্ৰেষ্ঠ হ’ব নোৱাৰে বুলি ঘোষণা কৰিলে। সত্যব্ৰতৰ যুক্তিত কোনেও প্ৰতিবাদ কৰিব নোৱাৰিলে।

 সত্যব্ৰতে বিনয় বচনে পুনৰ ক’বলৈ ধৰিলে। - হে, দেৱ দেৱীসকল,সংসাৰত কৰ্মই শ্ৰেষ্ঠ কিয়নো মোৰ পত্নীয়ে কৰ্ম বিমূখ হৈ বহি থাকিলে আমি দুয়ো ইমান দিনে মৃত্যুৰ গৰাহত পৰিলোঁহেতেন। ৰাজকন্যা হৈ মোৰ দৰে অন্ধ এজনক স্বামী বৰণ কৰি ৰাজ্য-ধন, সুখ – সম্ভোগ সকলো [ ৪০ ]  বিসৰ্জন দি নিজ কৰ্মৰ দ্বাৰাই মোৰ পৰিচাৰ্য্য কৰি দিন অতিবাহিত কৰিলে। মোৰ পত্নীৰ একাগ্ৰতাৰ বাবেই মই আজি ইয়াত উপস্থিত হৈ মোৰ বক্তব্য ৰাখিব পাৰিছোঁ। তেওঁৰ কৰ্ম আৰু তেওঁৰ সহচাৰ্যই মোক আজি ইমানখিনি কথা ক’বলৈ সুযোগ দিলে। সেয়ে মোৰ বিচাৰত কৰ্মই শ্ৰেষ্ঠ। সৎ কৰ্মৰ ফল সৎ হয়। অসৎ কৰ্মৰ ফলো অসৎ হয়।

 সত্যব্ৰতৰ কথা শুনি সভাসদ সকলে হৰ্ষধ্বনি কৰি উঠিল। ধৰ্মই সযতনে ৰাখি থোৱা চকুজোৰ সত্যব্ৰতৰ চকুত পুনৰ সংস্থাপন কৰি অন্ধত্ব দূৰ কৰিলে। ৰজাই সত্যব্ৰতৰ পৰিচয় পাই আনন্দিত হ’ল। ৰজাই সত্যব্ৰত আৰু ৰাজকন্যাক নিজ ৰাজ্যলৈ উভতি গৈ পিতা-মাতৰ পদসেৱা কৰি জীৱন ধন্য কৰিবলৈ আৰ্শীবাদ দিলে।

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।