ৰাজ্যৰ শকত-আৱতমানুহ এজন বিচৰা হওক তেওঁকে বধ্যভূমিলৈ লৈ গৈ বলি দিলে সকলো দোষ মুক্ত হ'ব।
ৰজাৰ আদেশত শকত-আৱত মানুহ বিচাৰি ৰখীয়া পৰীয়া পঠোৱা হ’ল। বিচাৰি বিচাৰি তেওঁলোকে দুজন বৰ শকত ব্ৰাহ্মণ পালে। বহুত বছৰ আগেয়ে এই দুখীয়া ব্ৰাহ্মণ দুজন ৰজাৰ ওচৰলৈ আশ্ৰয় বিচাৰি আহিছিল। ৰজাই তেওঁলোকক ৰাজভঁৰালৰ পৰা টকা-পইচা দি সহায় কৰি আছিল। থকা খোৱাৰ বাবে সকলো বন্দবস্ত কৰি দিবলৈ হুকুম দিছিল। ৰাজ সাহায্য লৈ একো কাম নকৰাকৈ বহি বহি খাই তেওঁলোক দুয়ো দিনে দিনে শকতহৈ গৈ আছিল। তাৰে এজনক আনিবলৈ যেতিয়া পৰীয়া গ’ল দুয়োজন ব্ৰাহ্মণ আহি ভয়ে ভয়ে ৰজাৰ ওচৰত আঠু ললেহি। তেওঁলোকে ৰজাই কিয় মাতিছে জানিবলৈ বিচাৰিলে। ৰজাই ক'লে তোমালোকৰ এজনক আজি বলি দিয়া হ'ব। ৰজাৰ আদেশত ব্ৰাহ্মণ দুজন উচপ খাই উঠিল।
কিছু সময় চিন্তা কৰি ব্ৰাহ্মণ দুজনে কাণে কাণে কিবা কথা পাতি ল’লে। দুয়ো একেলগে মই আগত বলি যাম বুলি চিঞৰি উঠিল। এজনে কয় মই আগতে বলি যাম আকৌ আনজনে কয় মই আগতে বলি যাম। দুয়োজনে বলি যাবলৈ আগ্ৰহ কৰা দেখি ৰজা আচৰিত হৈ তাৰ কাৰণ সুধিলে। এজন ব্ৰাহ্মণে বিনয় বচনে ক’লে যে এই শুভদিনত যিজনে বলি যাব তেওঁ স্বৰ্গবাসী হ’ব। সেয়ে মই আগেয়ে বলি যাম বুলি আপোনাৰ আজ্ঞা বিচাৰিছোঁ।
ৰজাই ভাবিলে এই শুভদিনত কিয় ব্ৰাহ্মণ দুজনক স্বৰ্গ লৈ যোৱাৰ বাট প্ৰশস্ত কৰি দিও। মই নিজে স্বৰ্গৰ্যাত্ৰা কৰোঁ। ৰজাই নিজে বলিযাবলৈ ইচ্ছা প্ৰকাশ কৰি কটোৱালক আদেশ দিলে। কটোৱালে ৰাজ আজ্ঞা পাই ৰজাকে বলি দি সকলো সমস্যাৰ ওৰ পেলালে। এই দৰে মূৰ্খ ৰজা স্বৰ্গলৈ গল।