পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 

 বিসৰ্জন দি নিজ কৰ্মৰ দ্বাৰাই মোৰ পৰিচাৰ্য্য কৰি দিন অতিবাহিত কৰিলে। মোৰ পত্নীৰ একাগ্ৰতাৰ বাবেই মই আজি ইয়াত উপস্থিত হৈ মোৰ বক্তব্য ৰাখিব পাৰিছোঁ। তেওঁৰ কৰ্ম আৰু তেওঁৰ সহচাৰ্যই মোক আজি ইমানখিনি কথা ক’বলৈ সুযোগ দিলে। সেয়ে মোৰ বিচাৰত কৰ্মই শ্ৰেষ্ঠ। সৎ কৰ্মৰ ফল সৎ হয়। অসৎ কৰ্মৰ ফলো অসৎ হয়।

 সত্যব্ৰতৰ কথা শুনি সভাসদ সকলে হৰ্ষধ্বনি কৰি উঠিল। ধৰ্মই সযতনে ৰাখি থোৱা চকুজোৰ সত্যব্ৰতৰ চকুত পুনৰ সংস্থাপন কৰি অন্ধত্ব দূৰ কৰিলে। ৰজাই সত্যব্ৰতৰ পৰিচয় পাই আনন্দিত হ’ল। ৰজাই সত্যব্ৰত আৰু ৰাজকন্যাক নিজ ৰাজ্যলৈ উভতি গৈ পিতা-মাতৰ পদসেৱা কৰি জীৱন ধন্য কৰিবলৈ আৰ্শীবাদ দিলে।

৩৯