সমললৈ যাওক

পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 


 এখন কুঠাৰেৰে মাতৃ ৰেণুকাৰ মূৰ কাটি পেলালে। পৰশুৰামে পিতৃৰ তপস্যালব্ধ শক্তিৰ কথা ভালকৈয়ে জানিছিল সেয়ে তেওঁ পিতৃৰ আদেশ অমান্য কৰা আন কেইজন ভায়েকক হত্যা কৰিবলৈ কুণ্ঠিত নহ'ল।

 পৰশুৰামৰ পিতৃভক্তিত সন্তুষ্ট হৈ জমদগ্নিয়ে বৰ দিবলৈ স্থিৰ কৰিলে। পৰশুৰামে এটা এটাকৈ পাচোঁটা বৰ মাগিলে। প্ৰথম বৰ অনুযায়ী মাতৃ আৰু ভাতৃসকলৰ পুৰ্ণজীৱন কামনা কৰে। দ্বিতীয় বৰত মাতৃহত্যা পাপৰ পৰা উদ্ধাৰ হ’বলৈ বিচাৰে। তৃতীয় বৰত মাতৃৰ মনৰ পৰা পুত্ৰৰ এই পাপ কাৰ্যৰ যন্ত্ৰনাৰ পৰা মুক্তি বিচাৰিলে। চতুৰ্থ বৰত তেওঁ যুদ্ধত অপৰাজেয় হৈ থাকিব বিচাৰিলে। পঞ্চম বৰত তেওঁ দীৰ্ঘজীৱন কামনা কৰে। জমদগ্নিয়ে পুত্ৰৰ মনোবাঞ্চা পূৰ্ণ কৰাৰ অৰ্থে তথাস্তু বোলাৰ লগে লগে মাক আৰু ভায়েকসকল জীৱন্ত হৈ উঠে আৰু টোপনিৰ পৰা সাৰ পাই উঠা যেন অনুভৱ কৰে।

 বৰ লাভ কৰিও মাতৃহত্যা পাপৰ পৰা মুক্ত নোহোৱাত জমদগ্নিয়ে পৰশুৰামক তীৰ্থযাত্ৰা কৰিবলৈ আদেশ দিয়ে আৰু ব্ৰহ্মকুণ্ডত স্নান কৰি পাপ মুক্ত হোৱাৰ উপদেশ দিলে। পৰশুৰামে পিতৃৰ আদেশত তীৰ্থযাত্ৰা আৰম্ভ কৰিলে। এই তীৰ্থযাত্ৰা পৰশুৰামে নানা তীৰ্থস্থান দৰ্শন কৰি অৱশেষত অৰুণাচল প্ৰদেশৰ লোহিত জিলা পৰ্যন্ত পথ পৰিক্ৰমা কৰিলে। ব্ৰহ্মকুণ্ডত স্নান কৰিহে তেওঁ মাতৃহত্যা পাপ ক্ষয় কৰিবলৈ সমৰ্থ হয়। ইয়াতেই তেওঁৰ হাতৰ কুঠাৰ সৰি পৰে আৰু ব্ৰহ্মকুণ্ডত স্নান কৰি পাপ মুক্ত হোৱা বাবে ব্ৰহ্মকুণ্ডৰ নাম তেতিয়াৰে পৰা পৰশুকুণ্ড হ’ল।

সংগ্ৰহ

৩২