পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 


 দোকানীয়ে মূল্য নাপায় মানুহজনক বিচাৰিবলৈ অনুচৰ পঠিয়ালে। সেইয়া আছিল দোকানীৰ বেশত ধৰ্মৰাজ। ধৰ্মৰাজৰ আদেশত সত্যব্ৰতক বিচাৰি পালে যদিও তেওঁৰ হাতত একো ধন বিত নাপায় চকুজোৰকে কাঢ়ি আনি ধৰ্মৰাজক দিলে।

 অন্ধ সত্যব্ৰতৰ দুখে কুলাই পাচিয়ে নধৰা হ’ল। সত্যৰ অম্বেষণত সত্যব্ৰত হাৰ মনা বিধৰ ল’ৰা নহয়। অন্ধহৈ পৰৰ অনুগ্ৰহ ভিক্ষাৰী হৈ জীৱন কটাবলগীয়া হ'ল। কালৰ বুকুত দিন মাহ বছৰ বোৰ হেৰাই গ'ল। অনাই বনাই ফুৰি সত্যব্ৰত ভাগৰি পৰিল। পথ পৰিক্ৰমা কৰি ফুৰোতে এদিন এখন ৰাজ্যৰ ৰাজকন্যাৰ বিয়াৰ কথা শুনিবলৈ পাই ভোকত আতুৰ হৈ বিয়া ঘৰৰ পদূলি পালে গৈ। কিছুদূৰ আগুৱাই গৈ অনুমানতে আন আন মানুহবোৰৰ ওচৰত সত্যব্ৰত জুপুকা মাৰি বহি ৰ'ল।

 ৰাজকন্যাৰ সয়ম্বৰ সভা। লোকে লোকাৰন্য নানান দেশৰ ৰজা, মহাৰজা, ৰাজকোঁৱৰ আহিছে ৰাজকন্যাৰ পানি গ্ৰহণ কৰিবলৈ। নিৰ্দিষ্ট আসনত ৰজা মহাৰজা ৰাজকোৱঁৰ সকলক বহোৱা হ'ল। ৰাজকন্যাই হাতত ফুলৰ মালা লৈ সখি সকলৰ লগত সয়ম্বৰ সভালৈ ওলায় আহিল। প্ৰতিজন উৎসুক ৰজা, মহাৰজা, ৰাজকোঁৱৰৰ সমুখেদি পাৰ হৈ আহি আহি ৰাজকন্যাই একোণত জুপুকা মাৰি বহি থকা সত্যব্ৰতক মালা পিন্ধাই দিলে। ৰাজসভাত মৃদু গুঞ্জন উঠিল। ৰজা খঙত জ্বলি পকি উঠিল। প্ৰহৰীক ৰজাই আদেশ দিলে ওচৰতে থকা এটি সৰু কুটীৰত সত্যব্ৰত আৰু ৰাজকন্যাক থাকিবলৈ দিয়া হওক কিন্তু ৰাজকোষৰ পৰা কোনো সাহায্য দিয়া নহব। ৰাজসভাৰ পৰা এজন এজনকৈ পানি প্ৰাৰ্থী ৰজাসকল ঘৰমুৱা হ'ল।

৩৫