পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 


বান্ধি থৈ খেতিয়কে হাল বাই আছে। হালবোৱা ঠাইতে দুজনমান মানুহে আহি বেয়া কল বেচি ঠগোৱা বুলি দোষাৰোপ কৰিলে। বুদ্ধিয়ক খেতিয়কজনে বৰ বিনয়েৰে ক'লে ডাঙৰীয়া সকল খং নকৰিব আপোনালোকক পইচা ঘূৰাই দিম। এতিয়া আপোনালোক খন্তেক ইয়াতে ৰওক মই পাৰটোৰ আগত ঘৈণীলৈ বতৰা পঠাও তেওঁ ভাত পানী ৰান্ধি থওক আপোনালোকে আমাৰ ঘৰত পদধূলি দি এসাজ খাই-বৈ পইচা লৈ উভতি যাব। এই বুলি কৈ খেতিয়কে ওচৰতে বান্ধি থোৱা পাৰটো হাতত লৈ কলে “আয়েৰক কগৈ মাটিমাহৰ আঞ্জা, চুকাটেঙ্গা মাছৰ জোল, আৰু বেঙেনা পোৰা আদি ৰান্ধি থ’ব। দুজন আলহীয়ে ভাত খাব। এই বুলি পাৰটো তেওঁ উৰুৱাই দিলে।

 কিছু সময় পিচত আলহী লৈ খেতিয়ক ঘৰ পালেগৈ। ঘৈণীয়েকে পানী গামোচা আদি যতনাই দিলে। আলহীয়ে হাত ভৰি ধুলে। খেতিয়ক জনেও গা ধুই আহিল। আটায়ে ভাত খাবলৈ বহিল। পাৰটোৰ আগত কৈ পঠোৱাৰ দৰে আঞ্জাবোৰ খাবলৈ পাই আলহী আচৰিত হ'ল।

 ভাতপানী খাই উঠি এটা পাৰ চোতালত বান্ধি থোৱা দেখি আলহীজনে ইমান বাধ্য পাৰটো কিনি নিবলৈ বিচাৰিলে। খেতিয়কে তেওঁৰ বাক্য আখৰে আখৰে পালন কৰা মৰমৰ পাৰটো বেচিবলৈ অমান্তি হল। আলহীয়ে যিমান মূল্য বিচাৰে দিবলৈ মান্তি হ'ল। শেষত অধিক মূল্যতে পাৰটো কিনি লৈ আলহী দুয়োজন ঘৰমুৱা হ'ল। দুয়ো বাটত আলোচনা কৰিলে। এই পাৰটোৰ দ্বাৰা তেওঁলোকে ইঘৰৰ বা বাতৰি সিঘৰলৈ দিব পাৰিব। এইদৰে গুণাগঠা কৰি তেওঁলোক ঘৰমুৱা হ'ল।

 এবাৰ উৰি যোৱা পাৰ যে পুনৰ ঘুৰি নাহে সেই কথা খেতিয়কে ভালকৈ জানে। সেয়ে তেওঁ মানুহজন পুনৰ তেওঁৰ ওচৰলৈ আহি গালি পাৰিব পাৰে বুলি ভাবি আকৌ এটা নতুন বুদ্ধি উলিয়াই ঘৈণীয়েকক ভনীয়েকক আনিবলৈ মাকৰ ঘৰলৈ পঠিয়ালে। ঘৈণীয়েক গৈ মাকৰ ঘৰৰ পৰা ভনীয়েকক

লৈ আহিল। দুয়ো বাই ভনী দেখাত একে। খেতিয়কৰ ঘৈনীয়েক ক’লা আৰু

২৩