পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 


 তুলিলে। ৰজাই সত্যব্ৰত সকলো বিদ্যাত কিমান পাৰ্গত হ’ল জানিবলৈ এদিন তেওঁ সত্যব্ৰতৰ পৰীক্ষা ললে। ৰজাই সুধিলে সংসাৰত ধৰ্ম, কৰ্ম, ধন আৰু বিদ্যাৰ ভিতৰত শ্ৰেষ্ঠ কোন? ৰজাই সোধা প্ৰশ্নৰ উত্তৰ সত্যব্ৰতে দিব নোৱাৰিলে। সত্যব্ৰতৰ পৰা সদ উত্তৰ নাপাই ৰজা খংত জ্বলি পকি উঠিল। পৰীক্ষাত উৰ্ত্তীণ হ'ব নোৱাৰা বাবে সত্যব্ৰতে ৰাজ্য ধন সিংহাসন একোৰে উত্তৰাধিকাৰী হ'ব নোৱাৰিব। সত্যব্ৰতে এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰালৈকে ঘৰলৈ উভতি নাহো বুলি প্ৰতিজ্ঞা কৰি ৰাজ কাৰেঙৰ পৰা ওলাই গ'ল। ৰাজপুত্ৰৰ বিদায় ক্ষনত ৰাণী শোকত বিহ্বল হৈ পৰিল। ৰজা কিন্তু অলৰ অচৰ। তেওঁৰ বাক্য খণ্ডন হ’ব নোৱাৰে।

 সত্যব্ৰতে সদ উত্তৰ বিচাৰি হাবাথুৰি খাই দেশ দেশান্তৰে অনাই বনাই ফুৰিবলৈ ধৰিলে। শেষত তেওঁ নিৰাহাৰে দিন কটাব লগীয়া হ’ল। এনেদৰে ঘূৰি ফুৰি ভোকত তেওঁ লেবেজান হৈ এজোপা গছৰ তলত বহি পৰিল। অৱশভাৱে হেচি ধৰাত তেওঁ গছৰ তলতে টোপনি গ’ল। কিমান সময় টোপনি গ'ল তেওঁ ক'ব নোৱাৰে। সাৰ পাই দেখিলে যে তেওঁৰ সমূখতে এখন খাদ্য সম্ভাৰৰ দোকান। দোকানত কিন্তু দোকানী নাই। ইফালে সিফালে চাই কাকো ওচৰত নেদেখি দোকানৰ পৰা উদৰ পুৰাই খাদ্যবস্তু খালে আৰু মূল্য দিবলৈ তেওঁৰ হাতত ফুটা কড়িও এটি নাই বাবে হাতত থকা আঙুঠিটোকে দোকানত থৈ তেওঁ আনন্দমনে পুনৰ পথ পৰিক্ৰমাত লাগিল।

 ইতিমধ্যে দোকানীজন দোকানলৈ উভতি আহি দোকানৰ বহুতো খাদ্যবস্তু অদৃশ্য হোৱা দেখি ইফালে সিফালে চাবলৈ ধৰিলে। খাদ্যসম্ভাৰ অদৃশ্য হোৱা দেখি দোকানী বিমোৰত পৰিল। সত্যব্ৰতৰ দূভাৰ্গ্য তেওঁ থৈ যোৱা উজ্জ্বল আঙুঠিটো এটা নিগনিয়ে খোৱা বস্তু ভাবি মুখত লৈ গ'ল।

৩৪