পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/২৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাধুৰ সাতসৰী
 

ভেটি বান্ধিবলৈ দিছিল সিহঁতে কিয় ইমান ওখকৈ বান্ধিলে তেওঁ নাজানে।

 মানুহজনৰ উত্তৰ শুনি ৰজাই বনুৱাবোৰক মাতি আনিবলৈ চৰীয়া পঠাই দিলে। বনুৱাবোৰ আহিল। ৰজাৰ ওচৰত আঁঠুলৈ তেওঁলোকক কিয় মাতিছে কাৰণ সুধিলে। ৰজাই ঘৰৰ ভেটি ওখ কৰাৰ কাৰণ জানিব বিচাৰিলে। বনুৱাবোৰে কোদালখন ডাঙৰ আছিল সেয়ে মাটি বেচি উঠিছিল বাবে ঘৰৰ ভেটি ওখ হ’ল বুলি জনালে। ৰজাই তেতিয়া কোদাল গঢ়া কমাৰজনক মাতি আনিবলৈ মানুহ পঠিয়ালে। কমাৰজনে ভয়ে ভয়ে আহি ৰজাৰ আগত আঁঠুলৈ কোদালগঢ়াৰ দিনা হোৱা ঘটনাৰ বিৱৰণ দিলে। মহাৰাজ সেইদিনা কোদালগঢ়াৰ সময়ত আপোনাৰ ৰাণীৰ লিগিৰিবোৰ দৌৰা দৌৰি কৰি ৰাজমহলৰ ফালে অহা দেখিছিলোঁ। কিয় ইমানকৈ লিগিৰিবোৰ দৌৰিছে চাই চাই কোদালত কোব দিওঁতে কোদাল বহল হৈ গ'ল গতিকে মোৰ গাত দোষ নাই। ৰজাই আচৰিত হৈ ভাবিলে কিয় বাৰু সেইদিনা লিগিৰিবোৰ সেইবাটেৰে ইমানকৈ দৌৰিছিল কাৰণ জানিবলৈ ৰজাই লিগিৰিবোৰক ৰাজদৰবাৰলৈ মাতি পঠালে।

 ৰাজ আদেশ পাই লিগিৰিবোৰ আহি ৰাজসভাত উপস্থিত হ'ল। ৰজাই কিয় সেই দিনা সেই নিৰ্দিষ্ট বাটেৰে ইমানকৈ দৌৰি আহিছিল তাৰ কাৰণ জানিব বিচাৰিলে। লিগিৰিবোৰে ভয়ে ভয়ে ৰজাৰ ওচৰত আঠুলৈ বিনয় বচনে ক’বলৈ ধৰিলে “মহাৰাজ আমাৰ কোনো দোষ নাই আমি সেইদিনা মহাৰাণীৰ ল’ৰা জন্ম হোৱাৰ খবৰ পাই আনন্দৰে দৌৰি আহিছিলো।

 লিগিৰিহঁতৰ কথা শুনি ৰজাই সেই ক্ষণত জন্মা বাবে ল’ৰাটোকে বধ্যভূমিলৈ লৈ গৈ কাটি পেলাবলৈ হুকুম দিলে কিয়নো এই ল’ৰাৰ গাতে দোষ। ৰজাৰ মন্ত্ৰীয়ে দেখিলে এতিয়া কথা সৰ্বনাশ হ'ব। মন্ত্ৰীয়ে ৰজাক সম্বোধন কৰি ক'লে “মহাৰাজ ৰাজপুত্ৰক বধ্যভূমিলৈ নিয়া হ’ব কিন্তু ৰাজকুমাৰৰ মূৰ বলিশালত নোসোমাব। কিয়নো ৰাজপুত্ৰ বৰ সৰু হৈ আছে। সেয়ে আমাৰ

২৬