পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 


 

পৰশুকুণ্ড কেনেকৈ হল?

 ত্ৰেতা যুগত জমদগ্নি নামে এজন ঋষি আছিল। তেওঁ পত্নীৰ নাম আছিল ৰেণুকা। তেওঁলোকৰ কেইবাটিও পুত্ৰ আছিল। তাৰে এজন হ’ল পৰশুৰাম। এদিন ৰেণুকা গংগা নদীত স্নান কৰি আহোঁতে গন্ধৰ্বৰাজ চিত্ৰৰথক দেখা পালে। সুদৰ্শন চিত্ৰৰথৰ প্ৰতি ৰেণুকা আকৃষ্ট হ’ল। চিত্ৰৰথৰ সৈতে কিছুসময় অতিবাহিত কৰি যেতিয়া ৰেণুকা আশ্ৰমলৈ উভতি আহে তেতিয়া বহু বেলি হৈছিল। ৰেণুকা অহাত পলম হোৱা বাবে জমদগ্নি খংত জ্বলি পকি উঠিল। জমদগ্নিয়ে আত্মনিয়ন্ত্ৰণ হেৰুৱাই পুতেক সকলক মাতি আনি ৰেণুকাক হত্যা কৰিবলৈ আদেশদিলে। পৰশুৰামৰ বাহিৰে আন পুত্ৰসকলে পিতৃৰ আদেশ মানিবলৈ অস্বীকাৰ কৰিলে। পিতৃৰ আদেশ নিৰ্মম বুলি জানিও পৰশুৰামে

৩১