পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 


ইও এক সিও এক

 এখন ৰাজ্যত এজন বৰ দুখীয়া ব্ৰাহ্মণ আছিল। তেওঁৰ নাম আছিল ভোলাৰাম। ঘৈনীয়েকৰ সৈতে দুটি প্ৰাণী মাত্ৰ ঘৰখনত। তথাপি তেওঁলোকৰ দুখতে দিন অতিবাহিত হৈছিল কিয়নো তেওঁলোকৰ উপাৰ্জনৰ কোনো পথ নাছিল। অভাৱত পৰি বহুত দিন তেওঁলোক উপবাসে থাকিব লগীয়া হৈছিল। এদিন ঘৈনীয়েকে ভোলাৰামক ক’লে আমি ইমান দুখত দিন কটাইছো কিজানি ৰজাৰ ওচৰলৈ গৈ আমাৰ দুখৰ কথা কলে ৰজাই আমাক কিছু ধন বিত দি সহায় কৰে। ঘৈনীয়েকৰ কথা মতে ভোলাৰাম ৰজাৰ ঘৰলৈ যাবলৈ ওলাল।

 ভোলাৰামৰ যাত্ৰা আৰম্ভ হ’ল। গৈ গৈ তেওঁ এটি জুৰি পাৰ হবলগীয়াত পৰিল। জুৰি পাৰ হওঁতে অচিন বাটত খলাবমা নমনি ভোলাৰাম তিতিবুৰি একাকাৰ হ’ল। তথাপি তেওঁ যাওঁ বুলি ওলায় আহিছে যেতিয়া যাবই। এই পণ লৈ তেওঁ ৰজাৰ ওচৰ পালে গৈ। ৰজাই তিতি বুৰি অহা

১৯