পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধুৰ সাতসৰী

ঘৰৰ পৰা ওলাই গৈ এখন অটব্য অৰণ্য পালেগৈ। অৰণ্যৰ শেষ প্ৰান্তত উপস্থিত হোৱাৰ মানসেৰে সি গৈ আছে। গৈ গৈ সি এখন খৰস্ৰোতা নদীৰ পাৰত উপস্থিত হ’ল। জীৱনৰ প্ৰতি সকলো মায়া মমতা ত্যাগ কৰি সি নদীৰ পানীত জাপ দি সংসাৰৰ সকলো দুখ যন্ত্ৰনাৰ পৰা মুক্তি পাবলৈ বিচাৰিলে।

 ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি দুখীৰামৰ অৱস্থাও তেনে হল।

 নদীৰ পানীত সি জাপ দিলে হয়, পানীৰ তলত তপস্যা কৰি থকা মুনি এজনে তাৰ জীৱন ৰক্ষা কৰিলে। কি দুখত সি প্ৰাণত্যাগ কৰিবলৈ ওলাইছে তাৰ কাৰণ সুধিলে। দুখ আৰু দৰিদ্ৰতাই জীৱন নাশৰ মূল কাৰণ বুলি মুনিৰ আগত অকপটে স্বীকাৰ কৰিলে। সিদ্ধমুনি জনে দয়া পৰবশ হৈ দুখীৰামক এটি মোনা উপহাৰ দিলে। যেতিয়াই প্ৰয়োজন হয় এই মোনা জোকাৰি দিলে সোণৰ বৰষুণ হ’ব আৰু তাৰে দুখীৰামৰ সকলো দুখ দূৰ হ'ব বুলি কলে। কিন্তু মোনাটো সি য’তেত’তে বা যিকোনো সময়তে জোকাৰিব নোৱাৰিব। তাৰ বাহিৰে আনে মোনা জোকাৰি ধন সোণ ল'ব নোৱাৰিব। আন মানুহে মোনা জোকাৰিলেও ফল নধৰিব। সিদ্ধ মুনি জনৰ কৃপাধন্য হৈ দুখীৰাম মোনা লৈ ঘৰমুৱা হ'ল। কিছু দূৰ অহাৰ পিচত অৰণ্যৰ শেষ প্ৰান্তত কতো কোনো নোহোৱা দেখি মোনাটো জোকাৰি সত্যতাৰ প্ৰমাণ চালে। সঁচাকৈয়ে তাৰসমুখত সোণৰ বৰষুণ হ’ল। সি সোনৰ মোহৰ বোৰ বুটলি মোনাটোতে ভৰাই আনন্দ মনে ঘৰলৈ বুলি খোজদিলে।

 অৰণ্য পাৰ হ'বলৈ লওঁতেই তাৰ সমুখত এদল ডকাইত উপস্থিত হ’ল। ডকাইতৰ দলটোৱে তাক আগুৰি ধৰিলে আৰু তোৰ মোনাত কি আছে আমাক দে বুলি তাক ধমকি দিলে। মোনাটো তাৰ পৰা কাঢ়ি লৈ ভিতৰত

১২