তেওঁকহে আপুনি দয়া দেখুৱায়। মোৰ কি অপৰাধ মোৰ পিতাই এই প্ৰশ্নই কৰিছিল। আপোনালোকৰ ভিতৰত শ্ৰেষ্ঠ কোন? তেতিয়া আপুনি
আহি মোৰ ওচৰত ঠিয় নহ'ল কিয়? মই ইমান দুখ যাতনা পালো। এতেকে মই আপোনাকো শ্ৰেষ্ঠ বুলি নকওঁ। ভোকাতুৰ এজনক সহায় কৰা আপোনাৰ ধৰ্ম নহয় জানো? লক্ষীদেৱী তলমুৱা হ’ল। সঁচাকৈয়ে তেওঁ সহায় কৰাহেতেন এই দুৰ্ভগীয়া ল'ৰাজনে অন্ধ হৈ ইমান কষ্ট নাখালেহেতেঁন। লক্ষীদেৱীয়ে নিজৰ ভুল স্বীকাৰ কৰিলে।
এইবাৰ সত্যব্ৰতে সৰস্বতী দেৱীক উদ্দেশ্য কৰি ক’বলৈ ধৰিলে হে, সৰ্ববিদ্যাৰ অধিকাৰী দেৱী, আই সৰস্বতী, আপুনি সকলোকে বিদ্যাদান কৰি জগতত বিদ্যাৰ অধিষ্ঠাত্ৰী ৰূপে চিৰ পূজিতা হৈ আছে। মোক মোৰ পিতাই পৰীক্ষা লোৱাৰ সময়ত আপুনি মোৰ কণ্ঠত স্থিতি লৈ মোক কিয় সোৱঁৰাই নিদিলে শ্ৰেষ্ঠা কোন? মইতো আপোনাক কাতৰে প্ৰাৰ্থনা জনাইছিলোঁ তেতিয়া কিয় মোক উচিত বিচাৰ কৰিবলৈ ক্ষমতা প্ৰদান নকৰিলে। মোৰ দোষ কি আপুনিয়ে কওকচোন। সৰস্বতীয়ে লাজতে তলমূৰ কৰি তেওঁৰ দোষ স্বীকাৰ কৰিলে এনে ধৰণৰ বৈষম্যৰ কাৰণে দেৱী সৰস্বতীও শ্ৰেষ্ঠ হ’ব নোৱাৰে বুলি ঘোষণা কৰিলে। সত্যব্ৰতৰ যুক্তিত কোনেও প্ৰতিবাদ কৰিব নোৱাৰিলে।
সত্যব্ৰতে বিনয় বচনে পুনৰ ক’বলৈ ধৰিলে। - হে, দেৱ দেৱীসকল,সংসাৰত কৰ্মই শ্ৰেষ্ঠ কিয়নো মোৰ পত্নীয়ে কৰ্ম বিমূখ হৈ বহি থাকিলে আমি দুয়ো ইমান দিনে মৃত্যুৰ গৰাহত পৰিলোঁহেতেন। ৰাজকন্যা হৈ মোৰ দৰে অন্ধ এজনক স্বামী বৰণ কৰি ৰাজ্য-ধন, সুখ – সম্ভোগ সকলো