পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 


ঈশ্বৰে যি কৰে মঙ্গলেই কৰে


 অতি পুৰণি কালত এখন দেশত এজন বৰ পৰাক্ৰমী ৰজা আছিল। সেই ৰাজ্যৰ মন্ত্ৰীজনো এজন সুদক্ষ আৰু বিচক্ষণ লোক আছিল। উপযুক্ত মন্ত্ৰীৰ হাতত ৰাজকাৰ্য চলাবলৈ দি ৰজা নিচিন্ত হৈ পৰিছিল। ৰজা আৰু মন্ত্ৰী দুয়োৰে দুটি পুত্ৰ সন্তান আছিল। ওচৰা ওচৰিকৈ থকা বাবে ৰাজপুত্ৰ আৰু মন্ত্ৰীপুত্ৰ দুয়ো নলে গলে লগা বন্ধু আছিল। দুয়ো একেলগে বিদ্যা শিক্ষা লাভ কৰিছিল। দুয়ো ধনুৰ বিদ্যা, অস্ত্ৰ চালনাৰ শিক্ষা একেলগে সমাপ্ত কৰিছিল। সৰুৰে পৰা দুয়ো নানা বিদ্যাত পাৰ্গত হোৱা বাবে ৰজা আৰু মন্ত্ৰী দুয়োৰে তেওঁলোক বৰ মৰমৰ পাত্ৰ হৈ পৰিছিল। এদিনাখন অস্ত্ৰ শিক্ষা কৰি থাকোতে ৰাজপুত্ৰৰ হাতত মন্ত্ৰীপুত্ৰৰ তৰোৱালখন লাগি হাতখন কাটিলে আৰু তেজ ববলৈ ধৰিলে। মন্ত্ৰীপুত্ৰই আথেবেথে ৰাজপুত্ৰৰ হাতখনত ঔষধ-পাতি লগাই বান্ধি দিলে আৰু ক'লে -“ঈশ্বৰে যি কৰে মঙ্গলেই কৰে।” এই কথা শুনি ৰাজপুত্ৰৰ বৰ দুখ লাগিল। তেওঁ মনতে ভাবিলে মন্ত্ৰীপুত্ৰ মোৰ পৰম বন্ধু হৈও মোৰ হাতখন কটাত ভালহে পালে। ইয়াৰ প্ৰতিশোধ মই নিশ্চয় লম বুলি ৰাজপুত্ৰই উপায় চিন্তিবলৈ ধৰিলে।