পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাটচ'ৰা

 সময়ৰ যাদুকৰী প্ৰভাৱে মানুহৰ দৃষ্টিভঙ্গী সলনি কৰি পেলাইছে। নতুন দিনৰ নন আৱিস্কাৰে পুৰণি ৰীতি-নীতিক দূৰলৈ ঠেলি পঠালেও পুৰণিক বিসৰ্জন দিয়াৰ মানসিকতা সকলোৰে বাবে প্ৰযোজ্য নহয়। অসমীয়া জন-জীৱনৰ লগত সাধুকথাৰ অনবদ্য প্ৰভাৱ নুই কৰিব নোৱাৰি। পুৰণিকালত আকাশবাণী, দূৰদৰ্শন আদিৰ প্ৰভাৱ নথকা বাবে আইতা- ককাৰ মুখৰ মনোমোহা সাধুকথাবোৰ কণ কণ মইনাহঁতৰ মনত পৰীৰ দেশৰ ৰম্যপুৰী নাইবা সপোনপুৰৰ মনোৰম কাহিনীয়ে অতুলনীয় প্ৰভাৱ পেলাইছিল। তাহানি ককা আইতাৰ মুখে শুনা সাধুকথা বোৰৰ জৰিয়তে নাতি নাতিনীহতে নানা ধৰণৰ উপদেশ মূলক কথাৰ শিক্ষাও লাভ কৰিছিল। মুখে মুখে প্ৰচলিত এই মনোমুগ্ধকৰ সাধুকথাবোৰ মইনাহঁতৰ মনত অভূতপূৰ্ব প্ৰভাৱ বিস্তাৰ কৰিছিল।

 আজিৰ এই ইন্টাৰনেট, টেলিভিশ্বনৰ যুগতো আমাৰ নাতি নাতিনী হতে সদায় সাধু কবলৈ আমাক ব্যতিব্যস্ত কৰি তোলে। পৰীক্ষা শেষ হলেই আমাৰ ঘৰলৈ আহিবলৈ মাক দেউতাকক তত নোহোৱা কৰে। ককাকৰ মুখত নানা ধৰণৰ মনোমোহা সাধু শুনি আপ্লুত হৈ পৰে। সেয়েহে আমাৰ ককা-আইতাৰ মুখে শুনা তেনেধৰণৰ কেইটিমান সাধু সংগ্ৰহ কৰি পুথি আকাৰে ছপাই নাতি নাতিনী হঁতৰ কুমলীয়া হাতত আলফুলে দিবলৈ প্ৰয়াস কৰিছো মাত্ৰ। তাৰোপৰি পৌৰানিক বহুতো কাহিনী সংগ্ৰহ কৰি লগতে অন্যান্য কিতাপৰ যোগে প্ৰকাশিত সাধুও ইয়াত সন্নিবিষ্ট কৰা হৈছে।

 “সাধুৰ সাতসৰীয়ে” পঢ়ুৱৈ সমাজত সমাদৰলাভ কৰিলে নাইবা মইনাহঁত উপকৃত হলে লিখনিৰ সাৰ্থকতা অনুভৱ কৰিম।

 বৰপুত্ৰ শ্ৰীমান পলাশে (ৰাজা) আৰু বোৱাৰী শ্ৰীমতী নিবেদিতাই (অকনি) কিতাপখনি যত্ন কৰি প্ৰকাশ কৰি উলিওৱা বাবে তেওঁলোকলৈ মোৰ আন্তৰিক শুভাশীষ ৰ'ল। “সাধুৰ সাতসৰী”ৰ ছবিবোৰ আঁকি কিতাপৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে শ্ৰীমান বেনচন আৰু শ্ৰীমান হেজেচলৈ ধন্যবাদ সহ হিয়াভৰা মৰম ও কৃতজ্ঞতা জ্ঞাপন কৰিলো। ‘ওচিন প্ৰিন্টাৰ্ছ’ৰ সমূহ কৰ্মকৰ্তা লৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

 সদৌ শেষত ভুল ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনাৰে⸺

বিনয়াবনত
জ্যোৎস্না দেৱী
‘প্ৰশান্তি নিলয়’
গুৱাহাটী - ৫,

১৬/৮/০৬