এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
পৰীৰ দেশত এৰাতি
জিলমিল নামৰ সৰু ছোৱালীজনী ফুটফুটীয়া ফ্ৰক এটা পিন্ধি অটব্য অৰণ্যৰ মাজেমাজে গৈ আছিল। পৰ্বত পাহাৰ গিৰি গুহা অতিক্ৰম কৰি জিলমিল এখন মনোৰম ফুলনিৰ ওচৰত উপস্থিত হ'ল। ফুলনিখনত নানা বৰণৰ মনোমোহা ফুলে শোভা বৰ্দ্ধন কৰি আছিল। ফুলনিখনৰ চাৰিওফালে বিৰাট ডাঙৰ গছবোৰ কোনোবাই শাৰী শাৰীকৈ ৰুই দিছিল। গছত নানা ধৰণৰ ফল ডাল ভৰি ভৰি লাগি আছিল। ফুলনিৰ মাজত সৰোবৰ সদৃশ এটি ডাঙৰ পুখুৰী। পুখুৰীত চন্দ্ৰৰ সুবিমল জেউতি পৰি ফুলবোৰ ফুলি ৰি্ব ৰি্ব বতাহৰ ঢৌৱে ঢৌৱে নাচি আছিল। কনমানি জিলমিলৰ মনো ঢৌৱে ঢৌৱে নাচিবলৈ ধৰিলে। বতাহত আউলি বাউলি হোৱা চুলিখিনি হাতেৰে ঠিক কৰি জিলমিল এখোজ দুখোজকৈ গৈ আছে। এনেতে সমুখত কেইগৰাকীমান পৰীয়ে লুকা ভুকা খেলি থকা দেখিলে। পৰীকেইজনীৰ হাঁহিৰ খলকনিত জিলমিলৰো
২৮