পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 


 খেলিবলৈ মন গ'ল। জিলমিলে চুচুক চামাককৈ আগবাঢ়ি যোৱাত হঠাতে এজনী পৰীয়ে তাইক দেখা পালে। পৰীজনী ওচৰলৈ আহি জিলমিলৰ হাতত ধৰি মৰমেৰে সুধিলে ‘তুমি কোন?’ইয়ালৈ কেনেকৈ আহিলা?’ পৰীজনীয়ে হাতত ধৰাত তাইৰ সৰ্বশৰীৰ আনন্দত ভৰি পৰিল, তাইৰ গাত যেন চিনেমাত দেখা চাবোনৰ বিজ্ঞাপনৰ দৰে গোটেই শৰীৰ ফুলে ফুলে ভৰি গ'ল আৰু গোন্ধত আমোল মোলাই গ'ল।

 জিলমিলে অতি বিনয়েৰে মই ফুৰিবলৈ আহি এইখিনি পালেহি বুলি ক’লে। আহা তোমাক আমাৰ সখিসকলৰ লগত চিনাকী কৰি দিও। পৰীজনীয়ে জিলমিলৰ হাতত ধৰি আন আন পৰীসকলৰ ওচৰলৈ লৈ গ'ল আৰু সকলোকে আন এজনী সখি পালো বুলি চিনাকী কৰি দিলে। জিলমিলক মাজত লৈ আটায়ে ঘূৰি ঘূৰি নাচিবলৈ ধৰিলে। জিলমিলেও আনন্দমনে নাচিবলৈ ধৰিলে। এটা সময়ত পুখুৰীৰ পাৰত দুৱৰি দলিচাত আটায়ে বহিল।

 জিলমিলে চৌদিশে চকুফুৰাই তবধ মানিলে। ইমান ধুনীয়া ঠাই ইয়াৰ আগতে তাই ক’তো দেখা নাই। জিলমিলে মৰমসনা মাতেৰে পৰী এজনীক সুধিলে তোমালোক ইয়াত ক’ত থাকা, তোমালোকৰ কোন কোন আছে। আমি ইয়াতে থাকো, সৌৱা দূৰৰ ঘৰবোৰ যে দেখিছা আমি তাতে থাকোঁ। আমাৰ সকলো আছে। মা-দেউতা, দাদা বাইদেউ সকলো আছে। তোমাৰ নো কোন কোন আছে এই বুলি এজনী পৰীয়ে সুধিলে। মোৰো মা-দেউতা আৰু ভাই এটা আছে। তোমালোকৰ ঠাইবোৰ ইমান ধুনীয়া। আমাৰ চহৰত ইয়াৰ দৰে ইমান ধুনীয়া ধুনীয়া ওখ ওখ গছ নাই। গছবোৰ মানুহে কাটি কাটি

২৯