ধ্বংস কৰে। তোমালোকৰ ইয়াত কোনেও গছ নাকাটে নহয়? সেয়েহে তোমালোকে ইমান মিঠা মিঠা ফলবোৰ খাবলৈ পোৱা। জিলমিলে মনে মনে
প্ৰতিজ্ঞা কৰিলে তাই এইবাৰৰ পৰা লগৰীয়াৰ সতে লগ লাগি গছ কটা বন্ধ কৰিব আৰু নতুন নতুন গছ লগাব। সকলোকে কৈ দিব ইমান সুন্দৰ ঠাই গছ-গছনি ফল ফুলেহে শুৱনি কৰিব পাৰে। জিলমিলে চিন্তা কৰি থকা দেখি তাইৰ হাতত ধৰি থকা পৰীজনীয়ে জোকাৰি দিলে। তাই হাঁহি দিলে। আকৌ তাই মৰম মিহলি সুৰেৰে সুধিলে — তোমালোকৰ ঠাইখন ইমান ধুনীয়া ইমান নিকাকৈ কোনে সাৰি মচি ৰাখে। আমাৰ নিজৰ নিজৰ কামৰ ভাগ আছে। আমি সেইমতে ভাগে ভাগে কামবোৰ কৰোঁ। তেতিয়া কাৰো ভাগৰ নালাগে, আমনি নালাগে। অকলে বলে নোৱৰা কামটোহে আমি লগে ভাগে কৰোঁ।
এনেতে এজনী পৰীয়ে আটাইবোৰ পৰীকে মাতি লৈ কামলৈ যাব লাগে আমাৰ খেলৰ সময় শেষ হ’ল বুলি হঠাতে নাইকিয়া হ’ল। জিলমিলে ময়ো তোমালোকৰ লগতে যাম বুলি চিঞৰিবলৈ ধৰিলে। জিলমিলে টোপনিতে চিঞৰা শুনি মাক আহি জগাই দিলে। তেতিয়া ৰাতি পুৱাইছে। মাকৰ কথামতে জিলমিল বিচনাৰ পৰা নামি ব্ৰাচ বিচৰাত লাগিল, কিন্তু তাইৰ চকুৰ আগত ধুনীয়া ধুনীয়া পৰীকেইজনীৰ নাচোন হে ভাঁহি থাকিল।