পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 


 

বিপদৰ বন্ধু


 এখন অৰণ্যত এহাল কপৌ চৰায়ে বাহ সাজিছিল। বাহত সিহঁতৰ দুটা সৰু সৰু পোৱালী ও আছিল। এদিনাখন পোৱালীৰ বাবে আহাৰ সংগ্ৰহ কৰিবলৈ কপৌ চৰাইটি বহুত দূৰলৈ গ’ল। চৰাইটিয়ে হঠাৎ নিজৰাৰ পানীত মৌমাখি এটি পৰি ককবকাই থকা দেখিলে। এবাৰ মৌ মাখিটো পানীত তল যায় আকৌ ওপৰলৈ উঠে। কপৌচৰাইটিয়ে মৌমাখিৰ জীৱন বিপদাপন্ন দেখি উদ্ধাৰৰ উপায় চিন্তা কৰিলে। কপৌ চৰাইটিয়ে এটা গছৰ পাত ঠোঁটেৰে ছিঙি মৌমাখিটোৰ আগত পৰাকৈ পানীত পেলাই দিলে। ওপঙি থকা পাতটোৰ ওপৰত মৌমাখিটো বহিল। বহুতবেলি পাতটোৰ ওপৰত বহি ওপঙি ফুৰাৰ পিছত মৌমাখিটোৰ অৱশ দূৰ হ’ল আৰু কপৌ চৰাইটোৰ কাষ পালেগৈ। মৌ মাখিতোৱে তাৰ জীৱন ৰক্ষা কৰাৰ বাবে কপৌ চৰাইটিক ধন্যবাদ দি ক’লে – “বন্ধু তুমি আজি মোক নিশ্চিত মৰণৰ পৰা ৰক্ষা কৰিলা। কেতিয়াবা তোমাৰো কোনো বিপদ হ’লে মোৰ ক্ষুদ্ৰ শক্তিৰে তোমাক যেনে তেনে ৰক্ষা কৰিম। ” প্ৰতিশ্ৰুতি দি মৌ মাখি নিজ বাহলৈ উৰি গ’ল।

 মাজে মাজে বনত দুয়োৰো কেতিয়াবা দেখা দেখি হয়। দুয়ো নিজৰ নিজৰ সুখ দুখৰ বা বতৰা লয়। পোৱালিৰ বাবে আহাৰৰ গোটোৱাত ব্যস্ত বুলি

১৪