পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 



ঢুলীয়া ককাই


 এখন দেশত এজন ঢুলীয়া আছিল। তেওঁ বৰ ভালকৈ ঢোল বজাব জানিছিল। বিশেষকৈ যিকোনো পূজাৰ আৰতি কৰিবৰ সময়ত তেওঁ ঢোল বজাই সকলোকে আনন্দ দিব পাৰিছিল। সকলো ঠাইৰ মানুহে তেওঁক ঢোল বজাবলৈ মাতিবলৈ আহে। এইদৰে প্ৰায়বোৰ ঠাইতে ঢোল বজাই তেওঁ সুনাম আৰ্জন কৰিলে। নানা ঠাইৰ মানুহে যেতিয়া তেওঁক ঢোল বজাবলৈ মাতিবলৈ অহা হল তেতিয়া তেওঁৰ মনতে গৌৰৱ বোধ কৰিলে। সৰুসুৰা পূজা বোৰলৈ মাতিবলৈ আহিলে তেওঁ গৰ্বেৰে নাযাওঁ বুলি কৈছিল। ঢোল বজাই তেওঁ বহুতো মাননি পাইছিল। তেনেকৈ তেওঁ সুন্দৰকৈ এটি ঘৰ সাজি বাস কৰিছিল।

 গাঁৱৰ মানুহে তেওঁৰ উন্নতিত ভাল পাইছিল আৰু তেওঁক বিয়া কৰাবলৈ পৰামৰ্শ দিছিল।

১৬