পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 


 

বুদ্ধিয়ক খেতিয়ক



 এখন গাঁৱত এজন বুদ্ধিয়ক খেতিয়ক আছিল। উপস্থিত বুদ্ধিৰ বলত তেওঁ নানা কাম কৰিছিল। এদিন তেওঁৰ বাৰীতে হোৱা কল কেই আখিমান লৈ বজাৰলৈ যাবলৈ ওলাল কিন্তু কলখিনি পকা নাছিল। তেওঁ ৰাতিয়ে এটা কলত চেনী পানী সুমুৱাই জুইৰ ওচৰত থৈ দিলে। বাকী আটাইখিনি কল জুইৰ ওচৰত থৈ পকা যেন কৰি লৈ বজাৰলৈ লৈ যাবলৈ স্থিৰ কৰিলে। পিচদিনা পুৱা সেই কল লৈ তেওঁ বজাৰ পালেগৈ। মানুহে কল কিনিবলৈ আহি কলত মিঠা আছে নে বুলি সুধিলে। তেওঁ চেনী পানী ভৰোৱা কলটোৰ পৰা এটুকুৰা কাটি খাবলৈ দিয়ে। মিঠা পায় গ্ৰাহকে কল কিনি লৈ যায়। এইদৰে গোটেই খিনি কল বেচি তেওঁ বহুতো ধন পালে আৰু তাৰে তেওঁ ঘৰৰ লাগতীয়াল বস্তু কিনি ললে লগতে এজোৰ বগা পাৰ কিনি লৈ আহিল।

 বুদ্ধিয়ক খেতিয়ক জনে বুজি পাইছিল কল কিনা মানুহবোৰে ঠগ খাই নিশ্চয় তেওঁক গালি শপনি পাৰিবহি। সেয়ে তেওঁ পিচদিনা পুৱা হালবাবলৈ যাবলৈ ওলায় ঘৈণীয়েককে কি কি আঞ্জা ৰান্ধিব লাগিব দিহা দি পাৰ এটা

চোতালত বান্ধি থৈ এটা পাৰ লগত লৈ পথাৰলৈ গ'ল। ওচৰতে পাৰটো

২২