পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 
 

শ্ৰেষ্ঠ কোন

 অতি পুৰনি কালত এখন দেশত এজন ৰজা আছিল। ৰজাৰ সত্যব্ৰত নামে এজন ল’ৰা আছিল। সত্যব্ৰত লাহে লাহে ডাঙৰ হৈ আহিল। ৰজাই ৰাজপুত্ৰক সকলো বিদ্যাতে পাৰ্গত কৰিবলৈ গুৰুগৃহলৈ পঠাবলৈ স্থিৰ কৰিলে। দিন ক্ষণ চাই মন্ত্ৰীৰ লগত সত্যব্ৰতক গুৰু গৃহলৈ বিদ্যা শিক্ষাৰ বাবে পঠিয়াই দিলে। পুত্ৰক দূৰলৈ পঠিয়াই ৰাণী সত্যলতা দুখত ভাগি পৰিল যদিও পুত্ৰৰ মঙ্গল কামনা কৰি ৰজাৰ ইচ্ছাত বাধা দিব নোৱাৰিলে।

 গুৰুৰ গৃহত সত্যব্ৰতৰ দিন মাহ বছৰ বাগৰি গ'ল। সকলো বিদ্যাতে নিপুণতা দেখুৱাবলৈ সত্যব্ৰত সক্ষম হ’ল। গুৰু গৃহত শেষ পৰীক্ষাত উত্তীৰ্ণ হৈ সত্যব্ৰত নিজঘৰ লৈ উভতি আহি পিতা-মাতাৰ মনত আনন্দৰ জোৱাৰ

৩৩