ভোলাৰামক দেখি কি লাগে কিয় এনে দূৰ্দশা হ'ল সুধিলে। ভোলাৰামে
তেওঁৰ দুখৰ কাহিনী ক’লে। ৰজাই চন্তৰীক মাতি ১০০ স্বৰ্ণমুদ্ৰা দুখীয়া ব্ৰাহ্মণ
ভোলাৰামক দিবলৈ ক’লে। স্বৰ্ণমুদ্ৰা লৈ ভোলাৰাম আনন্দমনে ঘৰমুৱা হ’ল।
এনেতে ৰজাই ক’লে “ইও এক সিও এক।”
হৰষিত মনে ভোলাৰাম ঘৰ পালেকি আৰু ঘৈণীয়েকৰ হাতত স্বৰ্ণমুদ্ৰাখিনি দিলে। ঘৈণীয়েকে ৰজাই স্বৰ্ণমুদ্ৰা খিনি দি কি ক’লে বাটত যাওঁতে কি হ’ল সকলো সুধিলে। ভোলাৰামে জুৰি পাৰ হৈ তিতি বুৰি গৈ ৰজাৰ ওচৰ পোৱাৰ কথা ক’লে আৰু মুদ্ৰাখিনি দি ৰজাই এটা কথা ক’লে বোলে “ইও এক সিও এক।”
কিছুদিন যোৱাৰ পিচত ভোলাৰামক পুনৰ ৰজাৰ ওচৰলৈ যাবলৈ ঘৈণীয়েকে অনুৰোধ জনালে। ভোলাৰামৰ হাতত এইবাৰ এটা শিলগুটি দি পঠিয়াই ক'লে যে এই শিলগুটি পানীত ওপঙিব।
শিলগুটি হাতত লৈ ভোলাৰাম পুনৰ ৰজাৰ ওচৰ পালেগৈ। ৰজাই ভোলাৰাম দেখি চিনি পাই পুনৰ কি প্ৰয়োজনত আহিলা বুলি সুধিলে। ভোলাৰামে শিলগুটিটো ৰজাৰ হাতত দি পানীত এইটো ওপঙিব বুলি ক'লে। ৰজাই চন্তৰীক মাতি ডাঙৰ চৰিয়া এটাত পানী আনিবলৈ হুকুম দিলে। পানী অনা হ’ল। শিলগুটিটো ৰজাই নিজ হাতেৰে পানীৰ চৰিয়াত দিলে কিন্তু শিলগুটিটো টুপুঙকৈ পানীত বুৰ গ'ল। ভোলাৰামে ঘৈণীয়েকে শিকাই দিয়া মতে তপৰাই মাত দিলে “ইও এক সিও এক”। ৰজাই কথাটো বুজি পাই চন্তৰীক মাতি ১০০ স্বৰ্ণমুদ্ৰা দিবলৈ কলে। ১০০ স্বৰ্ণমুদ্ৰা লৈ ভোলাৰাম ঘৰমুৱা হ'ল।
ৰজাৰ মন্ত্ৰীয়ে এই কথাৰ একো অৰ্থ বুজিব নোৱাৰি ৰজাক সুধিলে