পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 
 

মূৰ্খ ৰজা স্বৰ্গযাত্ৰা

 এখন দেশত এজন বৰ দূৰ্দান্ত চোৰ আছিল। সি সদায় ৰাতি মানুহৰ ঘৰত সিন্ধি খান্দি চুৰ কৰি ধন বিত যি পায় লৈ আহে। সেই বস্তুবোৰ লৈ সি দিনত মহা সুখেৰে খাই বৈ শুই থাকে। ৰাতি হ'লে পুনৰ চোৰে চুৰ কৰিবলৈ ওলায়। এদিন সি এজন মানুহৰ ঘৰলৈ চুৰি কৰিবলৈ গৈ মানুহজনৰ বেচ ওখ ঘৰৰ ভেটিৰ পৰা পৰি চোৰৰ ভৰি এখন ভাগিল। বহুতো বেজ কবিৰাজ লগায় ভৰি ভাল হোৱাৰ লক্ষণ নেদেখি সি সেই ৰাজ্যৰ ৰজাৰ ওচৰলৈ ওখ ঘৰৰ ভেটি বন্ধা মানুহজনৰ বিপক্ষে গোচৰ দিলেগৈ। সেই ৰাজ্যৰ ৰজাজন হোজা আৰু মূৰ্খ আছিল। গোচৰ শুনি ৰজাই মানুহজনক মতাই আনিবলৈ চৰীয়া পঠাই দিলে। ৰাজ আজ্ঞা পাই মানুহজন আহি ৰজাৰ ওচৰত আঁঠুলৈ কিয় মাতিছে, তেওঁৰ কি অপৰাধ জানিবলৈ বিচাৰিলে। ৰজাই সুধিলে তেওঁ কিয় ঘৰৰ ভেটি ৰাজপ্ৰসাদত কৈ ওখকৈ বান্ধিছে যৰ পৰা পৰি এই চোৰজনৰ ভৰি ভাগিল। মানুহজনে অতি বিনয়বচনে ক'লে যে তেওঁ বনুৱাবোৰক ঘৰৰ

২৫