সত্যব্ৰত আৰু ৰাজকন্যাৰ অভূতপূৰ্ব জীৱন আৰম্ভ হ'ল। ৰাজকন্যাই নিজ পৰিশ্ৰমৰ যোগেৰে যি আৰ্জন কৰে তাৰে যিমান পাৰে সিমানকৈ সত্যব্ৰতৰ সেৱা শুশ্ৰুষা কৰিবলৈ ধৰিলে। এনেতে এদিন ৰজাৰ ৰাজ্য সভালৈ ধৰ্ম, কৰ্ম আৰু লক্ষী-সৰস্বতী আহি তেওঁলোক চাৰিওজনৰ ভিতৰত শ্ৰেষ্ঠ কোন বিচাৰ কৰিব লাগে বুলি কলেহি। ৰজা বিমোৰত পৰিল। কাক শ্ৰেষ্ঠ বুলি ক'ব? ধৰ্মক শ্ৰেষ্ঠ বুলি কলে লক্ষী সৰস্বতীয়ে এৰা দিব। ৰাজ্যত অভাৱ অনাটনে দেখা দিব। বিদ্যাহীন হৈ প্ৰজাসকল বিপথে যাব। লক্ষীক শ্ৰেষ্ঠ বুলি কলে ধৰ্মই বেয়া পাব। দেশত অধৰ্ম বাঢ়ি গৈ ৰাজ্যত নানা বিভ্ৰাট হ’ব। সৰস্বতীক শ্ৰেষ্ঠ বুলি কলে লক্ষী আৰু ধৰ্মই প্ৰজাসকলক বিপদত পেলাব। ৰজা নিৰুপায় হৈ এমাহ সময় ললে। এমাহৰ পিচত তেওঁ সদুত্তৰ দিব বুলি দেৱতা সকলক বিদায় দিলে।
দিনে দিনে ৰজাৰ মনত অশান্তি বাঢ়ি গ'ল। চিন্তাত খোৱা শোৱা বাদ দিলে আনকি ৰাজকাৰ্যও ভালকৈ নকৰা হ’ল। সদায় চিন্তিত মনে বহি থাকিবলৈ ললে। এদিন ৰাজকন্যা ৰজাৰ ওচৰলৈ আহিল। চিন্তাক্লিষ্ট ৰজাক দেখি ৰাজকন্যাই তেওঁৰ বিমৰ্ষতাৰ কাৰণ সুধিলে। ৰজাই জীয়েকৰ আগত সকলো কথা বিবৰি কলে। ৰাজকন্যাই চিন্তা নকৰিব কিবা এটা উপায় উলিয়াব বুলি কৈ ৰজাক সান্তনা দি ঘৰলৈ গ'ল। ৰাজকন্যাই সত্যব্ৰতক সকলো কথা কলে। সত্যব্ৰতে ৰাজকন্যাক আশ্বাস দিলে যে তেওঁ এই সত্য উদঘাটন কৰিব আৰু ৰজাক সকলো চিন্তাৰ পৰা মুক্ত কৰিব। ৰাজকন্যাই সত্যব্ৰতৰ কথাত পতিয়ন গৈ ৰজাক সত্যব্ৰতে সকলো সমাধান কৰিব বুলি কৈ আহিল গৈ।
এমাহৰ অন্তত নিৰ্দিষ্ট দিনত ধৰ্ম, কৰ্ম, লক্ষী, সৰস্বতী আহি ৰাজসভাত উপস্থিত হ'ল। ৰজাই তেওঁলোকক যথাযোগ্য আসনত বহুৱালে। ৰজাই