পৃষ্ঠা:সাধুৰ সাতসৰী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধুৰ সাতসৰী
 

 জোৱায়েক সত্যব্ৰতক ৰাজকুমাৰৰ বেশেৰে সজাই ৰাজসভালৈ আনিবলৈ হুকুম দিলে। প্ৰহৰীয়ে ৰাজকুমাৰৰ বেশ ধাৰণ কৰা সত্যব্ৰতক নিৰ্দিষ্ট আসনত বহুৱালে। ৰাজকাৰ্য আৰম্ভ হল। ৰজাই তেওঁৰ হৈ জোৱায়েক সত্যব্ৰতে সকলো প্ৰশ্নৰ উত্তৰ দিব বুলি ঘোষণা কৰিলে। সত্যব্ৰতে সেৱা জনাই আসন গ্ৰহণ কৰিলে। সত্যব্ৰতে অনুমান সাপেক্ষে ক’বলৈ আৰম্ভ কৰিলে —

 হে, মহান দেৱতা ধৰ্মৰাজ, আপুনি শ্ৰেষ্ঠ হ'বই নোৱাৰে, কিয়নো আপুনি বিচাৰ বুদ্ধি প্ৰয়োগ নকৰাকৈ মানুহক দণ্ড দিয়ে। মই যিদিনা দোকানৰ পৰা বস্তু খাইছিলো। সেইদিনা বস্তুৰ মূল্য হিচাপে মোৰ সোণৰ আঙুঠিটো তাত থৈ আহিছিলো, কিন্তু বস্তুৰ মূল্য নাপায় মোক ধৰি নিবলৈ অনুচৰ পঠালে। অনুচৰে মোৰ হাতত ধন বিত নাপায় মোৰ চকুজোৰকে কাঢ়ি নি আপোনাৰ হাতত দিলে। আপুনি কোনো প্ৰশ্ন নকৰাকৈ চকুজোৰ থৈ দিলে। ই কেনে বিচাৰ, আপুনি ধৰ্মৰাজ হৈ সকলোতে ন্যায় প্ৰদৰ্শন কৰিব লাগিছিল কিন্তু আপুনি মোৰ প্ৰতি অবিচাৰ হে কৰিলে। হয় নে নহয় আপুনি নিজে চিন্তা কৰি কওক। ধৰ্মৰাজে সকলো কথা জানিও এনে অবিচাৰ কৰা বুলি স্বীকাৰ কৰিলে। সেয়ে সত্যব্ৰতে তেওঁ শ্ৰেষ্ঠ হ'ব নোৱাৰে বুলি ৰায় দিলে।

 দ্বিতীয়তে লক্ষীদেৱীৰ কথা আৰম্ভ কৰিলে। হে আই ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী, আপুনি কিয় মোক সেইদিনা উদ্ধাৰ নকৰিলে যিদিনা মই

আপোনাক সকাতৰে মাতিছিলোঁ। আপুনি সৰ্ব শ্ৰেষ্ঠ হ’বলৈ হ'লে সকলোকে সমান দৃষ্টিৰে চাব লাগিব। আপোনাৰ বিচাৰত পক্ষপাতিত্ব আছে। কিয়নো আপুনি দুখীয়াৰ দুখ নুবুজে। যিজনে আপোনাক ধন দৌলতেৰে উপচায় দিয়ে

৩৭