ভক্তি সাধন বা বৈষ্ণৱামৃত

ৱিকিউৎসৰ পৰা
[  ]

ভক্তি সাধন

বা

বৈষ্ণৱামৃত।

⸻⸻

কবিপ্ৰবৰ মহাপুৰুষ
অনন্ত কন্দলী দ্বাৰা ভণিত।

শ্ৰীশিবনাথ ভট্টাচাৰ্য্য
দ্বাৰা প্ৰকাশিত।

নতুন সংস্কৰণ।
নং আমহাৰ্ষ্ট ষ্ট্ৰীট “ৰাধাৰমণ যন্ত্ৰে”
শ্ৰীনৃত্যগোপাল চক্ৰবৰ্ত্তী দ্বাৰা
ছাপা কৰা হল।


মূল্য ৷৹ চাৰি অনা মাত্ৰ।

[  ]

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ।

কৃষ্ণায় যাদবেন্দ্ৰায় জ্ঞান-মুদ্ৰায় যোগীনে;
নাথায় ৰুক্মিণীশায় নমো বেদান্ত বেদীনে॥
মূকং কৰোতি বাচালং পুঙ্গুংলঙ্ঘয়তে গিৰীং;
যৎকৃপা তমহং বন্দে পৰমানন্দ মাধবং॥

বৈষ্ণৱামৃত।

পদ।

 নমো নমো মাধৱৰ চৰণ যুগলে। ব্ৰহ্মা হৰে চিন্তে যাক হৃদয় কমলে॥ হেনয় কৃষ্ণক মোৰ কোটি নমস্কাৰ। বৈষ্ণৱঅমৃতপদ কৰিবোঁ প্ৰচাৰ॥ ১॥ নলো জগন্নাথ প্ৰভু ভকতৰ নিধি। হৰিক স্মৰণে আৰস্তুৰ হৌক সিদ্ধি॥ নমো নমো হৰিপদ বিঘিনীনায়ক।

[  ] নমো নমো বাসুদেৱ মুকুতিদায়ক॥ ২॥ নমো নিৰঞ্জন নিৰাকাৰ নাৰায়ণ। মোক্ষ সমস্তৰ তুমি প্ৰসন্ন কাৰণ॥ নাহি শত্ৰু মিত্ৰ জগততে উদাসীন। নাহি জাতি কুল প্ৰভু নাহি ভিন্না ভিন॥ ৩॥ পৰমাত্মাৰূপে তুমি হুয়া আছা স্থিতি। আপুনি সে প্ৰভু তুমি স্ৰজিলা প্ৰকৃতি॥ সৃষ্টিৰ কাৰণে স্থূলৰূপ নাৰায়ণ। নমো নিৰাকাৰ প্ৰভু তোমাৰ চৰণ॥ ৪॥ গুৰুৰ চৰণ মনে কৰোঁ নমস্কাৰ। যাৰ উপদেশে তৰে দুৰ্ঘোৰ সংসাৰ॥ গুৰু বিনে সংসাৰত আন নাহি কেৱ॥ আদি অন্ত মধ্যত গুৰুসে আদি দেৱ॥ ৫॥ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ। চৰাচৰ জগতৰ গুৰুসে ঈশ্বৰ॥ গুৰু পৰব্ৰহ্মক প্ৰণামোঁ বাৰম্বাৰ। হৌক পদ গুৰুপদ প্ৰসাদে প্ৰচাৰ॥ ৬॥ সবে সমজ্যাক কৰোঁ পড়িয়া প্ৰণতি। বঢ়া টুটা দোষ মোৰ ক্ষমিয়ো সম্প্ৰতি। মহামূৰ্খ হুয়া কৰোঁ শাস্ত্ৰৰ বিচাৰ। কৃষ্ণ কথা শুনি সবে হুয়োক নিস্তাৰ॥ ৭॥ কৰ [  ] যোড়ে বোলো শুনিয়োক সৰ্ব্বলোক। আগে শাস্ত্ৰ চাই পাছে নিন্দিবাহা মোক॥ যদি অৰ্থ নুবুঝা তথাপি আছে কাম। যেন তেন মতে মাত্ৰ হৌক কৃষ্ণ নাম॥ ৮॥ শুনিয়োক সভাসদ আত অনন্তৰ। যিমতে সম্বাদ ভৈল কৃষ্ণ অৰ্জুনৰ। অৰ্জুনে সোধন্ত কৰি কৃষ্ণক প্ৰণতি। ছেদিয়ো সংশয় মোৰ ত্ৰিজগতপতি॥ ৯॥ যদি ভূত্য হেন মোক মানা কৃপাময়। তোমাত শৰণ মোৰ কহিয়ো নিশ্চয়॥ ভকতৰ কেনে ঠান কেনে বা লক্ষণ। কহিয়ো সুগম কৰি নাথ নাৰায়ণ॥ ১০॥ কোন কৰ্ম্ম ভকতৰ পাৱে কেনে গতি। কোন বা গতিক পাৱে ভকতে সম্প্ৰতি॥ কাক বা কৰিবে পূজা জপিবেক কাক। কহিয়োক প্ৰভু আবে নিস্তাৰা আমাক॥ ১১॥ হেন শুনি অৰ্জুনক বোলে নাৰায়ণ। উঠা উঠা সখি শুনা স্থিৰ কৰি মন। গুহ্যতো পৰম গুহ্য মহাধৰ্ম্মচয়। কৰিবোঁ বেকত তাক শুনা ধনঞ্জয়॥ ১২॥ আত পৰে মোক্ষপথ নাহি আন সখি। [  ] তোমাতে সে কহোঁ কিছু গোপ্যক না ৰাখি॥ তুমি সে পৰম ভক্ত মোৰ ধনঞ্জয়। কহিবোঁ তোমাত আজি ভক্তি ধৰ্ম্মচয়॥ ১৩॥ মহা মহা জ্ঞানীগণে না জানে যাহাক। তোমাত কহিবোঁ হেন অপূৰ্ব্ব কথাক॥ মোৰ কথা বিনে তান আন মতি নাই। মোকে নমস্কাৰ কৰে ভকতে সদাই॥ ১৪॥ এক তিল মনে মোক হৃদয়ে নেড়য়। মোক ব্যতিৰেকে আনদেৱ নুপূজয়॥ মোহোৰ কথাত মাত্ৰ ৰতি সৰ্ব্বক্ষণ। মোৰ কথা বিনে আন নকৰে শ্ৰৱণ॥ ১৫॥ মোৰ নাম কীৰ্ত্তন সততে ফুৰে গাই। মঞিবিনে ভকতৰ প্ৰিয় আন নাই। বৈষ্ণৱ জনৰ সখি হোৱে যেন গতি। ব্ৰহ্মা লক্ষ্মী মহেশ্বৰো নাপাৱে সম্প্ৰতি॥ ১৬॥ অগ্নি বায়ু চন্দ্ৰ সূৰ্য্য কুবেৰ বৰুণ। সিসবে নাপাৱে মোক কহিলোঁ অৰ্জ্জুন॥ বৈষ্ণৱৰ যেন গতি জানা ধনঞ্জয়। যোগীয়ো না পাৱে তাক কহিলোঁ নিশ্চয়॥ ১৭॥ ইন্দ্ৰ আদিকৰি দেৱে না পাৱে সিথান। সিসবো [  ] নাপাৱে তত্ত্ব আছে মহাজ্ঞান॥ বৈষ্ণৱে ভুঞ্জিবে যেন সুখ বিপৰীত। চৰাচৰ লোকে নাপাৱয় কদাচিত॥ ১৮॥ তপ ধৰ্ম্ম কৰিয়া নাপাৱে সেহি গতি। বেদ শাস্ত্ৰ পঢ়ি মোক নাজানে সম্প্ৰতি॥ সাঙ্খ্যযোগ কৰ্ম্মযোগ বহুতব জ্ঞান। দান ব্ৰত কৰে কোটি কোটি তীৰ্থ স্নান॥ ১৯॥ তথাপিতো কেহো জনে, নাপাৱে মুকুতি। নিশ্চয়ে কহিলোঁ সখি বেদৰ যুগুতি। কৃতাঞ্জলি কৰিয়া পুছন্ত ধনঞ্জয়। বৈষ্ণৱ লক্ষণ মোত কৈয়ো কৃপাময়॥ ২০॥ ভকতৰ মহিমাক শুনিবাৰ মন। কহিয়ো সুগম কৰি নাথ নাৰায়ণ॥ হেন শুনি কৃষ্ণে তাঙ্ক দিলন্ত উত্তৰ। পুছিলাহা তত্ত্ব আবে সমস্তে শাস্ত্ৰৰ॥ ২১॥ আশ্চৰ্য্য দুৰ্ল্লভ কথা সংসাৰতে সাৰ। সমস্তে কহিবোঁ সখি তোমাত প্ৰচাৰ। মোৰনাম সদা স্মৰে ভক্ততত্ত্ব পৰে। মোৰৰূপ সদা ধ্যান কৰে যিটো নৰে॥ ২২॥ মোক সুমৰন্তে পুলকিত কলেৱৰ। ভক্তৰ লক্ষণ [  ] হেন জানা বীৰবৰ॥ যথা তথা মোৰ ভক্ত জানা ধনঞ্জয়। তথাত আমাৰ সুখ জানা মহাশয়॥ ২৩॥ গঙ্গা আদি পৃথিবীত যত তীৰ্থগণ। ভকতৰ পাছে পাছে কৰয় গমন॥ মোহোৰ অমূল্য নাম মহাধৰ্ম্ম চয়। ইহাক জানিলে সুখে সংসাৰ তৰয়॥ ২৪॥ মোৰ নাম যিটো জনে অহৰ্ন্নিশি গাই। সদায়ে

মঙ্গল তাৰ অমঙ্গল নাই॥ মোৰ নাম বিনে সখি ভকত সকল। আন নাম নগাৱয় জানা মহাবল॥ ২৫॥ মোহোৰ নামেসে ভকতৰ মহাধন। মঞি সে জানিবা সখি ভক্তৰ জীৱন॥ মোৰ ভকতক যিটো দেখয় আপোন। তাক মঞি দয়া কৰোঁ জানিবা অৰ্জ্জুন॥ ২৬॥ তাত পৰে সংসাৰত আন নাহি কেৱ। ভকতৰ ভকতি সেমোৰ প্ৰিয় সেৱ॥ মোৰ ভকতক নিন্দা কৰে যিটোজন। যদ্যপি মোহোত ভক্তি কৰে সিটো জন॥ ২৭॥ তথাপিতো তাত মোৰ কিছু স্পৃহা নাই। সত্যে সত্যে কহোঁ [  ] সখি তোমাত বুঝাই॥ মোৰ নাম লৱে যিটো কায়বাক্য মনে। মোহোৰ কৰ্ম্মত যাৰ ৰতি, সৰ্ব্বক্ষণে॥ ২৮॥ কদাচিতো নেদোঁ তাক মুকুতি পদক। ভকতি সে সৰ্ব্বদায়ে দেওঁ ভকতক॥ ভকতি সে কৰে জানা সংসাৰৰ পাৰ। শুনিয়োক সখি যেন ভকতি আমাৰ॥ ২৯॥ দশদিগপাল আদি যত দেৱচয়। সিসবো জানিবা সখি মোৰ অংশ হয়॥ তথাপিতো ভকতৰ সমান নোহয়। বহু সত্য কৰি কহোঁ তোমাত নিশ্চয়॥ ৩০॥ মোক ভজে যিটোজনে তেজি ধৰ্ম্ম আন। সেহি সে ভকত সখি মোৰ আত্মা প্ৰাণ॥ অৰ্জ্জুনক সম্বোধিয়া মাতন্ত শ্ৰীহৰি। কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি॥ ৩১॥ জগতৰে গুৰু ভক্ত জানিবা নিশ্চয়। ভকতৰ গুৰু মঞি জানা ধনঞ্জয়॥ মোৰগুৰু ভকতেসে স্বৰূপ স্বভাৱ। যেন বায়ু আকাশৰ নাহি ভিন্নভাৱ॥ ৩২॥ মোক ভকতক যিটো মানে ভিন্ন কৰি। মোৰ শৰী [ ১০ ] ৰতঘাৱ মাৰে অস্ত্ৰ ধৰি॥ ভকতক ভজিলে সংসাৰ সুখ তৰি। আন একো পুণ্যে নোহে ভকতক সৰি॥ ৩৩॥ ভকতত পৰে মোৰ নাহিকে বান্ধৱ। ভকত জনৰ প্ৰিয় মঞি সে মাধৱ॥ চৰাচৰ কেহো নোহে ভকতৰ সম। ভক্তৰ সেৱাত ভক্তি হোৱয় উত্তম॥ ৩৪॥ বেষ্ণৱে সে তপ জপ জানা সংসাৰৰ। বৈষ্ণৱ পৰমধ্যান গুৰু শ্ৰেষ্ঠতৰ॥ পৰম দুৰ্ল্লভ ভৈল ভক্তৰ সঙ্গত। কৰিবা সংঞ্জাত সখি মোহোৰ বাক্যত॥ ৩৫॥ সৰ্ব্বদায়ে ভকতে মোহোৰ গুণগায়। চাৰিয়ো যুগত শ্ৰেষ্ঠ নাম সমুদায়॥ মোৰ নাম বিন ভকতৰ নাহি ধন। চাৰিয়ো যুগত শ্ৰেষ্ঠ মোহোৰ কীৰ্ত্তন॥ ৩৬॥ মোৰ নাম পৰায়ণ হুয়া সৰ্ব্বক্ষণ। অত্যন্ত নিবীড় কৰি মোত দিয়া মন॥ তপ ধৰ্ম্ম দান ব্ৰত নকৰিয়া আশ। মোহোৰ নামত কৰে সুদৃঢ় বিশ্বাস॥ ৩৭॥ দুৰ্ল্লভ বৈষ্ণৱ জ্ঞান জানা ধনঞ্জয়। দুৰ্ল্লভ বৈষ্ণৱ জ্ঞান জানিবা নিশ্চয়॥ [ ১১ ] দুৰ্ল্লভ বৈষ্ণৱজ্ঞান সংসাৰত সাৰ। দুৰ্ল্লভ কীৰ্ত্তন মোৰ কৰিবোঁ প্ৰচাৰ॥ ৩৮॥ মোৰ ভকতক যিটো কৰে নাম দান। সপ্তদ্বীপা ভূমিদানে নুহিকে সমান। ভূমিদানে ভোগভৃঞ্জি হৈবেক পতন। নামদানে অপতন মোক্ষৰ সাধন॥ ৩৯॥ পুনৰপি সখি মঞি কহোঁ নিষ্ঠ কৰি। সংসাৰত নাহি ধৰ্ম্ম মোৰ নাম সৰি॥ তপে ধৰ্ম্মে দানে ব্ৰতে দুখ দেই আতি। হেন জানি নামক নেড়িবা দিনে ৰাতি॥ ৪০॥ শ্ৰদ্ধায়ে হেলায়ে যিটো মোৰ ভক্তগণ। যদ্যপি কৰয় মোৰ নামক স্মৰণ॥ তথাপি সদায়ে ভ্ৰমো তাহাৰ লগত। নপড়ে সিজন আৰ সংসাৰ তাপত॥ ৪১॥ সিজন যথাকে যাই তথা যাঁও সখি। চাৰি অস্ত্ৰধৰি পাছে পাছে ফুৰোঁ ৰাখি। পাঞ্চ বিধ মুক্তি ফুৰে তাঙ্কস্তুতি কৰি। মোকলৈয়ো বাপ তোক থাকোঁ সেৱা কৰি॥ ৪২॥ মুকুতিক বাঞ্ছা পুনঃ নকৰে ভকত। তথাপি কাতৰ কৰে হুয়া অনুগত॥ তোমাৰ প্ৰসাদে হোক আমাৰ [ ১২ ] নিবাস। অন্তৰ নকৰা প্ৰভু ভৈলো নিজ দাস॥ ৪৩॥ ভকতৰ মুখে ব্ৰহ্মা থাকন্ত সাক্ষাত। আপুনিয়ো সৰ্ব্বদায়ে থাকোঁ হোঁ হিয়াত॥ নাভিত থাকন্ত হৰ জানা মহামতি। চৰণে গন্ধৰ্ব্ব উৰু কিন্নৰ সম্প্ৰতি॥ ৪৪॥ ভকতক দেখি যিটো নকৰে ভকতি। মোত মাত্ৰ ভকতি কৰয় দৃঢ়মতি॥ তাতপৰে শত্ৰু আৰ মোৰ কেহো নাই। ভকতক নিন্দিমোৰ বুকে মাৰে ঘাই॥ ৪৫॥ মোক নিন্দা কৰে যদি সহিবাক পাৰোঁ। ভকতৰ নিন্দতি সন্তাপে সখি মৰোঁ॥ মোৰ দ্ৰোহী ভৈলে ভক্তে ৰাখিতে শকত। ভকত দ্ৰোহীক মঞি নোৱাৰোঁ ৰাখিত॥ ৪৬॥ নৰকত থাকিবেক কোটি কল্পমান। নাহিকে নিস্তাৰ তাৰ কৈলো বিদ্যমান॥ লোভ মোহ কাম ক্ৰোধ দুগুণে বাঢ়য়। মোৰ নাম বন্ধু বুলি সিটো নাজানয়॥ ৪৭॥ তাৰ সম মূঢ় সখি নাহি একজন। সত্যে সত্যে তিনি সত্যে বুলিলোঁ বচন। মোক ভজি তেজে [ ১৩ ] যিটো পুত্ৰ ভাৰ্য্যা ধন। মোক ভৃত্য কৰি কিনিলেক সিটো জন॥ ৪৮॥ নিষ্ঠা কষ্ট ব্ৰত কৰি নপাৱয় লোক। ভকতিৰ বলে ভৃত্য কৰি পাৱে মোক॥ যিথানত নথাকয় ভকত আমাৰ। যিথান শ্মশান সম জানিবা তাহাৰ॥ ৪৯॥ যি দেশত মোৰ ভক্তে নানাচে নাগায়। জীৱন্তে নৰকভুঞ্জে তৈব প্ৰজাচয়॥ মোৰ ভকতৰ সখি নলৈবা বিচাৰ। ব্ৰাহ্মণ চণ্ডাল আদি সবে একাকাৰ॥ ৫০॥ দেৱতো অধিক কৰি মান্য কৰোঁ তাক। যিহেতু চণ্ডাল হুয়া জানিলে আমাক॥ দেৱৰ পতন আছে ভোগৰ কাৰণে। ভক্তৰ পতন নাই ইতিনি ভূবনে॥ ৫১॥ ইন্দ্ৰপদ কোন বস্তু ভকতৰ আগে। পুণ্য ক্ষয় ভৈলে পুনঃ পড়িবাক লাগে॥ লোভ মোহ কাম ক্ৰোধ কৰি পৰিহাৰ। মোৰ ভকতিত মাত্ৰ ৰতি ভৈল যাৰ॥ ৫২॥ সেহি সে পৰম মোৰ বান্ধৱ নিপুণ। সত্য কৰি বোলোঁ মঞি জানিবা অৰ্জুন॥ মোৰ ভকতক যিটো [ ১৪ ] ভজে একমনে। মোত শ্ৰেষ্ঠ কৰি মানি পূজয় চৰণে॥ ৫৩॥ গুৰু মানি শুশ্ৰূষা কৰয় ভাল মতে। মোৰ গুপ্ত কথা লৱে ভকতৰ হন্তে॥ সেহিসে জানিবা সখি কিনিলেক মোক। এক মনে যত্ন কৰি যি জানে গুৰুক॥ ৫৪॥ গুৰু বিনে সংসাৰত কোনে দিবে দান। মূলমন্ত্ৰ পঞ্চতত্ত্ব গুৰুৰ লক্ষণ॥ গুৰু তুষ্ট ভৈলে তুষ্ট ত্ৰিজগত হয়। চৰাচৰ জগতৰ গুৰু সে আশ্ৰয়॥ ৫৫॥ হেনয় গুৰু এ যদি দিলে ব্ৰহ্মজ্ঞান। তাত পৰে আন কোনে সাধিবে কল্যাণ॥ একবাৰ গুৰু মনে লাগাইলেক কষ্ট। যতেক কৰিল মানে সবে ভৈল ভ্ৰষ্ট॥ ৫৬॥ কদাচিত সিটো জনে নপাৱে মুকুতি। সত্যে সত্যে কহোঁ সখি বেদৰ যুগুতি॥ মঞি ৰুষ্ট ভৈলে গুৰু পাৰে তাৰিবাক। গুৰু কষ্ট ভৈলে নপাৰোঁ হোঁ ৰাখিবাক॥ ৫৭॥ গুৰুত বিমুখ হুয়া অধোগতি যাই। কোটি কোটি কল্পতো তাহাৰ গতি নাই॥ গুৰুদ্ৰোহী পাপিষ্ঠৰ শুনা কেনে [ ১৫ ] গতি। অগেনিৰ কুম্ভীপাকনৰকক প্ৰতি॥ ৫৮॥ ষাঠিকল্প মানে তাত উপভোগ খাই। পুংনাম নৰক প্ৰতি পাছে লৈয়া যাই॥ ধৰি ধৰি টানি টানি তাৰ জিহ্বা কাটে। এহি মুখে গুৰুক নিন্দিলি হাটে বাটে॥ ৫৯॥ চতুৰ্ভিতি বোলে কাট মাৰ অধোগামী। তোৰ সম পাপী কৈতো নতু দেখোঁ আমি॥ এহি বুলি নানা বিকত্থনা কৰি মাৰে। গুৰুদ্ৰোহী ভৈলে নাথ নোবোলে সংসাৰে॥ ৬০॥ কাক গৃধ্ৰে টানি টানি চক্ষু জিহ্বা খাই। লোহাৰ মুদগৰ লৈয়া মাৰৱ কোবাই॥ তৈৰ পৰা শূকৰ যোনিক লাগি যাই। জোক পোক কুকুৰ শৃগাল জন্ম পাই॥ ৬১॥ চৌৰাশী নৰক ভুঞ্জে উপজিয়া মৰি। এহি মুখে আছে গুৰু দ্ৰোহক আচৰি॥ তেবে যদি ভাগ্যতে মনুষ্য জন্ম পাই। গুৰুত সুসেৱা কৰি তেবেসে তৰই॥ ৬২॥ গুৰু হৰি বিনে নৰ সংসাৰ নেড়ায়। হেন জানি গুৰুক নিন্দিবে নুযুৱায়॥ গুৰু তুষ্ট ভৈলে [ ১৬ ] তুষ্ট হৱে তিনিলোক। গুৰু তুষ্ট ভৈলে সে জানিবা পাৱে মোক॥ ৬৩॥ ব্ৰহ্মজ্ঞান পঞ্চতত্ত্ব গুৰুৰ লক্ষণ। বিচাৰিয়া আক ভজিয়োক বিদ্যমান॥ শুনা সভাসদ পদ পৰম বিচাৰ। গুৰু সেৱা বিনে নাহি সংসাৰৰ পাৰ॥ ৬৪॥ গৃহ অন্ধকূপে পড়ি আছে সবে লোক। সুদৃঢ় বিশ্বাস কৰি গুৰু ভজিয়োক॥ ভক্তিৰ সমান জ্ঞান আন নাহিকয়। ভক্তি সে উত্তম পথ জানিবা নিশ্চয়॥ ৬৫॥ ভক্তিৰ সমান পুণ্য নাই সংসাৰত। ভক্তিৰ সমান নোহে দান তীৰ্থ ব্ৰত॥ জগতৰ যত ধৰ্ম্ম মেৰুৰ সমান। ভকতিৰ আগে নোহে ৰেণুৰ প্ৰমাণ॥ ৬৬॥ হেন জানি সাধুসব এড়ি আন মন। যাৱত চেতন ভক্তি কৰিয়ো সাধন॥ অনন্ত কন্দলি কহে এড়া আন কাম। নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥ ৬৭॥

[ ১৭ ]

ছবি।

 হেন শুনি অৰ্জ্জুনৰ, পুলকিত কলেৱৰ, সিহৰিল সমস্তে শৰীৰ। প্ৰেমৰ নাহিকে পাৰ, কৰিলন্ত নমস্কাৰ, কৃষ্ণৰ চৰণে থৈয়াশিৰ॥ প্ৰেমে গদ গদ বীৰে, মাতিলন্ত ধীৰে, ধীৰে, শুনা প্ৰভু ত্ৰিজগতপতি। তোমাক মনত স্মৰি, প্ৰাণ এড়ে যিটো হৰি, কৈয়ো তাৰ কেনে হৈবে গতি॥ ৬৮॥ কহিয়োক দয়াময়, ছেদিয়ো সংশয়চয়, দেৱৰো দেৱতা তুমি হৰি। তোমাৰ প্ৰসাদে বাপ, তৰোহোঁ সংসাৰ তাপ, প্ৰভু মোতকৈয়ো ভাল কৰি॥ ব্ৰহ্মা আদি দেৱঝাক, চিন্তিয়া নাপাৱে যাক, ধ্যানতো নাপাৱে যোগী লাগ। হেন জগতৰ স্বামী, তোমাক পাইলোহোঁ আমি, কিনো মোৰ আছে মহাভাগ॥ ৬৯॥ যদি মোত আছে দয়া, গুছায়ো সংসাৰ মায়া, কৈয়ো যিবা সুধি আছোঁ আমি। তৰোঁ মহা দুখ ক্লেশ, দিয়ো মোক [ ১৮ ] উপদেশ, তুষ্টহুয়ো জগতৰ স্বামী॥ তুমি বিনে নাহি আন, তুমি দেৱ সৰ্ব্বজান, ঈশ্বৰ পুৰুষ সৰ্ব্বসাখী। তোমাক নাজানি হৰি. মাতোঁ পৰিহাস কৰি, দিন দুপৰতে খাইলোঁ আখি॥ ৭০॥ অৰ্জ্জুনৰ বাক্য শুনি, মাধৱে মাতন্তগুণি, শুনা সখি মোহোৰ বচন। সংসাৰতে গুহ্যইটো, পুছিলাহা কথা যিটো, কহোঁ সখি স্থিৰ কৰি মন॥ শুনা সখি সাৰে সাৰ, ইটো নাম মহিমাৰ, ব্ৰহ্মা হৰে নাজানে বিচাৰ। তোমাকে সে দয়া কৰি, গুহ্যক প্ৰচাৰ কৰি, মহিমা কহিবে খোজোঁ তাৰ॥ ৭১॥ কৃষ্ণ বুলি যিটো নৰে, প্ৰাণ পৰিত্যাগ কৰে, নাহি তাৰ পুনৰাগমন। মোহোৰ থানক পাই, মোৰ সঙ্গে ৰহে যাই, সত্যে সত্যে বুলিলোঁ বচন॥ কহোঁ সখি সত্য কৰি, মোৰ কি তোমাত সৰি, আন বন্ধু আছে কোন জন। অশ্ৰদ্ধায়ে যিটো নৰে, দিবসত একবাৰ, কৃষ্ণনাম কৰয় স্মৰণ॥ ৭২॥ কি কহিবোঁ ভাগ্য তাৰ, দুৰ্গতি বিপদ যত, সবে [ ১৯ ] নাশি মোৰ পদ পাৱে। হেন নাম যিটো জনে, স্মৰি ফুৰে সৰ্ব্বক্ষণে, সিসি বৈকুণ্ঠক লাগি যাৱে। মোৰ নাম যিটো ভজে, হেলাতে প্ৰাণক তেজে, নজানো কি গতি হোৱে তাৰ। কহোঁ সখি সত্যে সত্যে, কিনিলেক মোক ভৃত্য, সেহি ভৈল ঈশ্বৰ আমাৰ॥ ৭৩॥ জগততে অনুপম, কৃষ্ণ হেন মহানাম, কোটি মন্ত্ৰ জাপ্যে সম নুই। কৃষ্ণনাম দিয়া জড়ি, থৱে মোক বন্দি কৰি, নজানোহোঁ কিবা ফল হুই॥ ভজিবা প্ৰণাম কৰি, স্মৰিবা মনত ধৰি, দিৱসত মোক একবাৰ সিটো থাকে মোক পাই, কিছু তাৰ শঙ্কা নাই, কহোঁ সখি সত্য অঙ্গীকাৰ॥ ৭৪॥ শুনিয়োক সভাসদ, বৈষ্ণৱ অমৃত পদ, কৃষ্ণৰ মুখৰ সত্য বাণী। ইটো কলিকাল সাৰ, নাম বিনে নাহি আৰ, মুখে নাম এড়া কেন জানি॥ নামত দিয়োক মন, নামে সে পৰম ধন, নাম বিনে বন্ধু আন নাই। কলিত নামে সে ধৰ্ম্ম, কলিত নামে সে কৰ্ম্ম, [ ২০ ] পণ্ডিতে বুঝিবে শাস্ত্ৰ চাই॥ ৭৫॥ তপ জপ যজ্ঞ দান, কষ্টব্ৰত তীৰ্থস্নান, সবে পুণ্য নামৰ কিঙ্কৰ। নামতেসে আছে ৰহি, যত চৰাচৰ মহী, সুৰ সিদ্ধ ব্ৰহ্মা হৰি হৰ॥ নামৰ মহিমা পৰে, নজানিয়া পাপী নৰে, আন কৰ্ম্ম কৰি মৰে বৃথা। নাহিকে ধনৰ ব্যয়, গাৱে দুখ নলাগয়, জানি নাম নেড়িবা সৰ্ব্বথা॥ ৭৬॥ যত বন্ধু ধন জন, যাইবে একে তিলে প্ৰাণ, কোন হুইবে লগৰ সঙ্গতি। পিতা মাতা গুৰুজন, দেৱধৰ্ম্ম আৰাধন, নাম বিনে কোনে দিবে মুক্তি॥ জ্ঞানহীন কৰ্ম্মহীন, ভক্তিহীন মহাদীন, কৰোঁ হেৰা পদক প্ৰচাৰ। বুলিয়া মূৰ্খৰ পদ, নিনিন্দিবা সভাসদ, কৰো হেৰা কোটি নমস্কাৰ॥ ৭৭॥ কৈত শুনি আছে নৰে, জানিয়া নামত পৰে, কহে বেদ শাস্ত্ৰ যে পুৰাণ। মূলৰ অৰ্থক চাই, গুৰু মুখে তত্ত্ব পাই, ইটো পদ কৰিলোঁ ব্যাখ্যান॥ কৰযোড়ে বোলো হেৰা, আসুৰ স্বভাৱ এড়া, ক্ষণিতেকো নকৰাবিশ্ৰাম। আয়ু [ ২১ ] যায় আলে জালে, যাৱে নতুধৰে কালে, নিৰন্তৰে বোলা ৰাম ৰাম॥ ৭৮॥

পদ।

 শুনিয়া কৃষ্ণৰ হেন মধুৰ বচন। পৰম আনন্দ হৈল অৰ্জ্জুনৰ মন॥ অৰ্জ্জুনক সম্বুদ্ধি বোলন্ত জগন্নাথ। নিন্দকৰ কথা কহোঁস্বৰূপ তোমাত ৭৯॥ ভকত নিন্দক তাৰ হৈবে যেন গতি। তাক কহোঁ সখি আবে শুনিয়ো সম্প্ৰতি॥ মোৰ ভকতক নিন্দা কৰে যিটো জন। কদাচিতো তাৰ সেৱা নাই প্ৰয়োজন॥ ৮০॥ সৰ্ব্বনাশ ভৈল সিটো জানা ধনঞ্জয়। সত্যে সত্যে কহোঁ সখি তোমাত নিশ্চয়॥ ভকতৰ নিন্দা শুনি নাসহে পৰাণ। মোত কৰি সখি ভকতৰ নিন্দা টান॥ ৮১॥ হেন ভকতক নিন্দা অধোগতি যাই। নিন্দক জনৰ সখি একো গতি নাই॥ যদি তাৰ পিতা মাতা বৈকুণ্ঠত থাকে॥ ভক [ ২২ ] তক নিন্দিলে পতন কৰে তাকে॥ ৮২॥ কালৰূপী হুয়া ধৰোঁ নৰকে পেলাই। ভকতক নিন্দিলে জানিবা গতি নাই মোক যদি নিন্দা কৰে সহিবাক পাৰোঁ। ভকতৰ নিন্দাত সন্তাপে সখি মৰোঁ॥ ৮৩॥ যদি তোলোঁ নৰকৰ পৰা নিলগাই। প্ৰেতৰ লগত কিঞ্চিতেকো গতি নাই॥ অকাৰণে নিন্দা কৰি অধোগতি যাই। নিন্দক জনৰ কিঞ্চিতেকো ফল নাই॥ ৮৪॥ জন্মে জন্মে থাকিবে বিষ্ঠাৰ পলু হুই। মোহোৰ বচন কদাচিতো মিছানুই॥ নাৰদৰ আগত কহিলোঁ এহি শাস্ত্ৰ। মোৰ ভকতক একচিত্তে ভজা মাত্ৰ॥ ৮৫॥ ভকতক ভজিলে পাইবেক মোৰ স্থান। কহিলোঁ পৰম সখি নিষ্ঠে তত্ত্ব জ্ঞান॥ ভকতেসে জানে তত্ত্ব মোহোৰ নামৰ। সমস্ত পুণ্যৰ জানা ভক্তেসে ঈশ্বৰ॥ ৮৬॥ হেন জানি ভকতক নিন্দা নকৰিবা। বৈষ্ণৱক বিষ্ণু বুলি দঢ়ায়া ধৰিবা॥ যদি বিষ্ণু বুলি নপাৰাহা মানিবাক। তথাপিতো নিন্দা বাণী নুবুলিবা [ ২৩ ] তাক॥ ৮৭॥ যাৰ যেন পাপেবন্ধ হোৱে যিটো জন। আপোনাৰ পুণ্যে হুইবে আপুনি তৰণ। অপৰ ধৰ্ম্মক নিন্দি অধোগতি যাই। নিন্দক জনৰ কিঞ্চিতেকো গতি নাই॥ ৮৮॥ চাৰি বেদ চৈধ শাস্ত্ৰ জানে যিটো জন। আন দেৱ মানি মোত নিদিৱয় মন॥ সিটো নাৰকীয়ো নানা পথে নৰ্কে যাই। হেন জানি ভজা সখি ভক্তিমন্ত চাই॥ ৮৯॥ শুনি অৰ্জ্জুনৰ আতি আনন্দ হৃদয়। প্ৰণাম কৰিয়া পুনৰপি বিনাৱয়॥ ভক্তৰ বান্ধৱ তুমি প্ৰভু কৃপাময়। ইহেন কৃষ্ণক কিয় নভজি মৰয়॥ ৯০॥ হুয়োক সদয় মোক দিয়ো দৰিশন। তুমি বিনে কোনে কৰে সংসাৰ তাৰণ॥ তোমাক নিবেদি অন্নভুঞ্জে যিটো জন। তাৰ কোণ গতি হুইবে কৈয়ো নাৰায়ণ॥ ৯১॥ তাৰ অৱশেষ খাইলে হোৱে কেন গতি। তাক শুনিবাক প্ৰতি মোৰ যাই মতি॥ তুমি বিনে সংসাৰ তাৰন্তা আছে কোন। জানিয়া তোমাৰ পাৱে পশিলোঁ শৱণ॥ ৯২॥ শুনি অৰ্জ্জুনক [ ২৪ ] বুলিলন্ত কৃপাময়। পুছিলা পৰম মুকুতিৰ পথ চয়॥ দুৰ্ল্লভ দুৰ্ল্লভ ইটো পৰম বিচাৰ। কৰিবোঁ তোমাত আজি সমস্তে প্ৰচাৰ॥ ৯৩॥ বিষ্ণুক নিবেদি অন্ন ভূঞ্জে যিটো জন। সত্যে সত্যে কহো নাই পুনৰাগমন॥ পৰম গতিক পাৱে জানিবা নিশ্চয়। যিটো জনে অন্ন ভেদাভেদ নকৰয়॥ ৯৪॥ মোৰ অন্ন ভক্তি কৰি ভূঞ্জে যিটো জন। গুৰুমুখে বুঝিবেক লক্ষণ কাৰণ॥ মহা দয়া কৰি তাক ভকতিক দেওঁ। সৰ্ব্বপাপ হত কৰি মোৰ স্থানে নেওঁ॥ ৯৫॥ আৰু কথা কহোঁ সখি নকৰা সংশয়। তাতো কৰি শ্ৰেষ্ঠ ভকতৰ শেষ চয়॥ মঞি কহোঁ সত্য কৰি সখি ধনঞ্জয়। পবিত্ৰ হোৱয় সিটো নাহিকে সংশয়॥ ৯৬॥ অৱশেষ অন্ন ভক্তে কৰিবে ভোজন। তাৰ অৱশেষ সখি ভুঞ্জে যিটো জন॥ মোৰ মুখে কতেক বৰ্ণাইবোঁ তান গুণ। সত্যে সত্যে কহো সখি জানিবা অৰ্জ্জুন॥ ৯৭॥ ভক্তৰ শেষত পৰে মোৰ শ্ৰেষ্ঠ নাই। তাক ভূঞ্জিবাক [ ২৫ ] আবে মোৰ ইচ্ছা যাই॥ ভকতৰ অৱশেষ মোৰ জীৱ প্ৰাণ। তাক যিটো তেজে মোৰ বধৰ সমান॥ ৯৮॥ হেন শুনি মহাভয় ভৈলা পাণ্ডুসুত। কি কথা কহিলা সখি শুনন্তে অদ্ভুত॥ কোটি ব্ৰহ্মাণ্ডৰ তুমি নাথ নাৰায়ণ। সেৱকৰ শেষ বাঞ্ছা কৰা কি কাৰণ॥ ৯৯॥ হেন শুনি পুনৰপি মাতিলন্ত হৰি। ছেদিবোঁ সংশয় সখি শুনা মন কৰি॥ যিহেতু ভকতে মুক্তিপদক না দৰি। মোক ভজি নামমাত্ৰ ধৰে নিষ্ঠ কৰি॥ ১০০॥ এতেকে ভক্তক দেখোঁ মোত শ্ৰেষ্ঠতৰ। দাস চাৰি মিত্ৰ বুলিবাক লাগে ডৰ॥ ভকতৰ শেষ খাইলে কিছু দোষ নাই। সত্যে সত্যে কহোঁ সখি তোমাত বুঝাই॥ ১০১॥ নকৰিবা শঙ্কা সখি বাক্যত আমাৰ। ভকতৰ শেষ চৈধ্য ভুবনতে সাৰ॥ পূৰ্ব্বে নাৰদৰ আগে কৈলোঁ যিটো তত্ত্ব। সেহি কথা কহোঁ সখি তোমাৰ আগত॥ ১০২॥ পড়িয়া অৰ্জ্জুনে ধৰি কৃষ্ণৰ চৰণে। পুছন্ত [ ২৬ ] পড়িয়া দুনাই অনেক যতনে॥ নমো নমো কৃষ্ণ প্ৰভু তুমি ভগৱন্ত। তোমাৰ মহিমা প্ৰভু কোনে পাৱে অন্ত॥ ১০৩॥ আৰু এক সংশয় ছেদিয়ো চক্ৰপাণি। সৰ্ব্বদা যে তোমাত শৰণ লৈলোঁ জানি॥ ভকতৰ কিবা গতি কহিয়োক হৰি। অভাগ্য বুলিয়া কাক কৈয়ো ভাল কৰি॥ ১০৪॥ মহতত্ত্ব কথা শুনোঁ তোমাৰ প্ৰসাদে। হেনবা নপাৱে মোক সংসাৰ আপদে॥ আক শুনিবাক ইচ্ছা আছয় মনৰ। যদি যোগ্য হওঁ মঞি তোমাৰ কিঙ্কৰ॥ ১০৫॥ কোন ভাগ্য অভাগ্য কহিয়ো জগন্নাথ। সহস্ৰ প্ৰণাম কৰোঁ দমাইয়া মাথ॥ মাধৱে বোলন্ত সখি কহোঁ গোপ্যগুণ। বৈৰাগ্য পৰম ভাগ্য জানিবা অৰ্জ্জুন॥ ১০৬॥ সদায়ে বৈৰাগ্য হৈব গৃহ শৰীৰিত। মোহোৰ নামক মাত্ৰ নেড়িবা মনত॥ নামত লৈলেক যিটো একান্তে শৰণ। তাৰ সম ভাগ্যৱন্ত নাহি ত্ৰিভুবন॥ ১০৭॥ শুনা সভাসদ নকৰিবা আন মন। আন ধৰ্ম্ম [ ২৭ ] এড়ি কৰা নামত যতন। বিনা নাম কলিত কাহাৰো নাহি গতি। হেন জানি নামক নেড়িবা দিনে ৰাতি॥ ১০৮॥ পড়ে বেদ শাস্ত্ৰ নিবিচাৰে তত্ত্ব তাৰ। নামত নভজে যিটো সেহি দূৰাচাৰ॥ যজ্ঞ যাগ যোগ কিছু নাহিকে কলিত জানি হৰি নামক নেড়িবা কদাচিত॥ ১০৯॥ তপ ধৰ্ম্ম কৰিয়া স্বৰ্গত যাই নৰ। স্বৰ্গত পতন আছে দেখিয়ো সত্বৰ॥ জনম মৰণ নুগুছয় পুনুতাৰ। নামত নভজি ভুঞ্জে যাতনা নিকাৰ॥ ১১০॥ অবিনাশী নাম ধৰ্ম্ম জানিবা নিশ্চয়। এতেকেসে চাৰি বেদে নাম মাত্ৰ কয়॥ ব্ৰহ্মপদ বিনাশী মোক্ষকো নাহি আশ। তাক এড়ি হওঁ বোলা ভকতৰ দাস॥ ১১১॥ ইটো কথা এড়ি ভকতিত কৰা ৰতি। নামেসে দিবেক জানা পৰম মুকুতি॥ এড়া আলজাল তৰিবাৰ কৰা কাম॥ বৈকুণ্ঠক যাইবা ডাকি বোলা ৰাম ৰাম॥ ১১২॥

[ ২৮ ]

দুলড়ী।

 হেন শুনি পাছে, বোলন্ত অৰ্জ্জুন, শুনিয়োক হৃষিকেশ। তোমাৰ নামৰ, ফল নিৰন্তৰ, কহিয়ো মোত নিঃশেষ॥ কৰ্ম্মৰ কি ফল, শুনা মহাবল, মোত কৈয়ো ভাল কৰি। তোমাৰ প্ৰসাদে, অতি অপ্ৰমাদে, যিমতে সংসাৰ তৰি॥ ১১৩॥ ইটো তত্ত্ব কথা, কহিয়ো সৰ্ব্বথা, শুনিবে ইচ্ছা আমাৰ। তুমি বিনে আন, কোনে সংসাৰক, কৰিবে পাৰে উদ্ধাৰ। হেন শুনি হাসি, দশন প্ৰকাশি, মাতিলন্ত দেৱহৰি। কহোঁ মহাবল, শুনা কৰ্ম্ম ফল, তুমি সাৱধান কৰি॥ ১১৪॥ কৰ্ম্মৰ সমান, নোহে মহাজ্ঞান, নপাইবেক ব্ৰত কৰি। কৰ্ম্মৰ সমান, নোহে মহাধ্যান, ফল নোহে ধৰ্ম্ম সৰি॥ সকল কি নৰে, তীৰ্থ ত্যাগ কৰে, সিয়ো নোহে কৰ্ম্ম সম। তিনিয়ো লোকত, আছে পুণ্য যত, সবাতে কৰ্ম্ম উত্তম॥ ১১৫॥ নাম সমে জ্ঞান, আমাক দেখয, পৰম ঈশ্বৰ অ মি[ ২৯ ] নামৰ লগত, সিঝে পুণ্য যত, নিশ্চয়ে জানিবা তুমি॥ নামৰ সমান, নোহে মহাভাগ, ফল নোহে নাম সম। নামক সুমৰা, আন পুণ্য এড়া, নামে সে প্ৰধান ধৰ্ম্ম॥ ১১৬॥ সত্যে সত্যে সত্যে, পুনুসত্যে সত্যে, কহোঁ মঞি নিষ্ঠ কৰি। জানিবা অৰ্জ্জুন, মোৰ নাম গুণ, চিন্তিবা হৃদয়ে ধৰি॥ শাস্ত্ৰ পুৰাণত, শ্ৰুতি অসঙ্খ্যাত, নামকেসে মাত্ৰ কহে। ৰাম নাম বেদ, ভাৰত যে বেদ, নামত সমস্তে ৰহে॥ ১১৭॥ তপ, জপ দান, নাম বিনে আন, যাগ যজ্ঞ আচৰয়। মন্ত্ৰ জপ কৰি, নোহে নাম সৰি, বুলিলোঁ দৃঢ় নিশ্চয়॥ কহোঁ সখি মৰ্ম্ম, আন ধৰ্ম্ম কৰ্ম্ম, নকৰিবা তাত ৰতি। সবাকো তেজিয়া, এক চিত্ত হুয়া, নামত কৰিয়ো ৰতি॥ ১১৮॥ যিটো গুণ তিনি, সত্ত্বগুণ ভিণি, নিৰ্গুণ ভৈলেক মন। কৈলোঁ সাৰে সাৰ, তাতো শ্ৰেষ্ঠতৰ, যিকৰে নাম গ্ৰহণ॥ মোৰ গুণগাই, নুফুৰে সদাই, কৰ্ম্ম কৰি মৰে বৃথা। চিত্ত মোৰ পাৱে, মোৰ [ ৩০ ] গুণগাৱে জানিবা আৰু সৰ্ব্বথা॥ ১১৯॥ সবে ধৰ্ম্ম কৰ্ম্ম, এড়িলেক মৰ্ম্ম, নামত ভকতি কাম। জীৱন্তে ভুকুতি, মৰিলে মুকুতি, দিৱয় জানিবা নাম॥ আনক তেজিয়া, নামত ভজিয়া, মোক মাত্ৰ কৰে ৰতি। তপ ধৰ্ম্ম নাম, নামে তীৰ্থ স্নান, বিচাৰি সুমৰা গতি॥ ১২০॥ শুনা সৰ্ব্ব জন, এড়ি আন মন, নামত দিয়োক চিত্ত। নাম বিনে গতি, নাহিকে সম্প্ৰতি, দুৰ্ঘোৰ ইটো কলিত॥ ইটো মন্দকাল, নাহি আত ভাল, দুষ্ট কলিকাল প্ৰজা। শাস্ত্ৰৰ প্ৰমাণ, জানা নাহি আন, নামেসে ধৰ্ম্মৰ ৰাজা॥ ১২১॥ মহিমা নামৰ, নজানি পামৰ, আন কৰ্ম্ম কৰি মৰে। হুয়া সেৱা চোৰ, সিটো পাতকীৰ নাহিকে নিস্তাৰ আৰে॥ প্ৰভুৰ মুখৰ, হেন কথা শুনি, লৈলেকে কৃষ্ণৰ নাম। ভাৰত ভূমিত, আত পৰে হিত, নাহিকে নিস্তাৰ কাম॥ ১২২॥ পুত্ৰ দৰশনে, মায়া আৱৰণে, সোপন সম জীৱন। কেতিক্ষণে কলি, ধৰে একে তিলে, নামত [ ৩১ ] লৈয়ো শৰণ॥ যেন জল বিন্দু, জলত মিলয়, তিলে তিলে আয়ু যাই। ঘোৰ পৰলোকে, কেনে হৈবা পাৰ, নিচিন্তা কিয় উপায়॥ ১২৩॥ ভৃত্যৰ ঈশ্বৰ, চৰণে কৃষ্ণৰ, লৈয়োক এক শৰণ। শুনা সৰ্ব্বলোক, মুকুতি মিলোক, ধৰিয়ো তান চৰণ॥ আন কৰ্ম্ম এড়ি চিন্তিয়োক হৰি, এড়া ভাস ভূষ কাম। কৃষ্ণৰ কিঙ্কৰে, কহে নিৰন্তৰে, ডাকিবোলা ৰাম ৰাম॥ ১২৪॥

পদ।

পুনৰপি অৰ্জ্জুনক বোলে জগন্নাথ। আৰু কথা শুনা সখি কহিবোঁ তোমাত। সংসাৰতে সাৰ ইটো মোক্ষ ধৰ্ম্মচয়। শুনিলাতে মহাসুখ মুকুতি মিলয়॥ ১২৫॥ আপুনি তোমাৰ নাম স্মৰিবাক মন। তাক উপদেশ দিবা কৰিয়া যতন॥ হাজাৰেক কুললৈয়া হুইবেক নিস্তাৰ। সত্যে সত্যে আউৰ জন্ম নাহিকে [ ৩২ ] তাহাৰ॥ ১২৬॥ মোৰ নাম গুণমাত্ৰ লৈবে একমন। অপ্ৰয়াসে মোক পাবে বুলিলোঁ বচন॥ মুখে লৈলে ইহাৰ ফলৰ সীমা নাই। কোটি পুৰুষক লৈয়া বৈকুণ্ঠক যাই॥ ১২৭॥ হেন জানি মোহোৰ নামত দিয়া মন। মোহোৰ নামত সখি কৰিয়ো যতন॥ নাম বিনে জগতৰ নাহি আন গতি। কহিবোঁ লক্ষণ সখি জানিবা সম্প্ৰতি॥ ১২৮॥ মোৰ নাম কৰ্ম্মযুক্ত যেন শ্ৰেষ্ঠতৰ। কহিলোহোঁ আনে নজানয় সাৰতৰ॥ নাম ধৰ্ম্ম কৰিলেসে মোৰ পথে যাই। নামক তেজিলে একোমতে গতি নাই॥ ১২৯॥ নাম বিনে আনমতে নাহিকে নিস্তাৰ। কেন মতে হুইবে সিটো সংসাৰৰ পাৰ॥ নামেসে মোহোৰ ভক্তি জানিবা সম্প্ৰতি, নাম বিনে কালত কাহাৰো নাই গতি॥ ১৩০॥ সাফল জন্মিল সিটো তাৰ লৈলে নাম। তপ ব্ৰত দান ধৰ্ম্মে কৰে কোন কাম। নামেসে সবাৰো বীজ জানিবা নিশ্চয়। [ ৩৩ ] নামৰ অসাধ্য কৰ্ম্ম নাহি মহাশয়॥ ১৩১॥ নামেসে জানিবা সখি সবাৰো জীৱন। নামেসে জানিবা সখি মোৰ মহাধন॥ নামেসে মুকুতি দাতা আন কেহো নাই। নামেসে জগতপ্ৰিয় কহিলোঁ বুঝাই॥ ১৩২॥ নামে আৰাধন জানা নামেসে জীৱন। নামেসে জানিব গতি নামে যজ্ঞধন॥ নামেসে জগত গুৰু নামেসে জীৱন। নামেসে জানিবা ভকতৰ মহাধন॥ ১৩৩॥ নামেসে আগত ধ্যান জানিবা নিশ্চয়। সংসাৰ সাগৰ পাৰ নামেসেকৰয়॥ নাম বিনে জগতৰ আন বন্ধু নাই। নামেসে জগত গুৰু জানা সমুদাই॥ ১৩৪॥ পৃথিবীত জন্ম জানা নামৰ কাৰণ। যত চৰাচৰে কৰে নাম প্ৰবৰ্ত্তন॥ নামে ধৰি আছে সখি সংসাৰ সাগৰ। নাম বিনে গতি নাই জানা সাৰে সাৰ॥ ১৩৫॥ নামেসে কৰাৱে কৰ্ম্ম নামে ভুঞ্জাই ফল। নামে জগতৰ পূজ্য আচাৰ্য্য সকল॥ হেন জানি নামত সদায়ে দিয়া চিত্ত। নামে সে জানিবা [ ৩৪ ] জগতৰ কৰে হিত॥ ১৩৬॥ নামেসে কৰিছে সবে জগত পবিত্ৰ, নামেসে কৰিছে সবে সংসাৰ বিচিত্ৰ॥ হেন জানি সখি আন ধৰ্ম্ম পৰিহৰি। চিত্ত দিয়া মোৰ নাম ধৰা দৃঢ় কৰি॥ ১৩৭॥ চাহিযুগে নাম ধৰ্ম্ম সকলো লোকৰ। তথাপি কলিত শ্ৰেষ্ঠ নাম গুৰুতৰ॥ আন যুগে আনো নানা কৰ্ম্ম কৰে থিত। নাম বিনে গতি নাই জানিবা কলিত॥ ১৩৮॥ নামক এড়িলে কলিযুগে গতি নাই। সত্যে সত্যে কহোঁ সখি তোমাত বুঝাই। চৰাচৰ জগতৰ গতি মোৰ নাম। আক এড়ি পাপী সবে কৰে আন কাম॥ ১৩৯॥ মোহোৰ নামক ভজিবাহা সৰ্ব্বক্ষণ। হৈবা ক্ষমা দয়াৱন্ত মোত দিয়া মন॥ বৈষ্ণৱক বিষ্ণুমানি কৰিবা বন্দন। তেবেসে আমাক পাইবা কহিলোঁ অৰ্জ্জুন॥ ১৪০॥ পৃথিবীৰ নৰে এড়ি আন অভিলাষ। কায় মনোবাক্যে ভজে মোত কৰি আশ॥ যেই মনবাঞ্ছা কৰে মঞি দেওঁ তাক। সত্যে সত্যে [ ৩৫ ] বোলোঁ মিছা নোহে মোৰ বাক॥ ১৪১॥ মোৰ নাম তেজি অন্য কৰ্ম্মে অভিলাষ। নাই তাৰ গতি সিটো ভৈল সৰ্ব্বনাশ॥ নখণ্ডে পাতক তাৰ নপাৱে মুকুতি। মোৰেসে সম্মত সখি জানিবা সম্প্ৰতি॥ ১৪২॥ নিশেষ ধৰ্ম্মক কৰা মোত দিয়া মন। কহিলোঁ তোমাত এই ভক্তিৰ লক্ষণ। দেৱতো অধিক শ্ৰেষ্ঠ জানিবাহা মোক। যিহেতু ব্যাপকৰূপে পালোহোঁ ত্ৰিলোক॥ ১৪৩॥ সমস্তে ধৰ্ম্মক তেজি মোৰ লৈবা নাম। কদাচিতো মৰন্তে নকৰা আন কাম॥ সমস্তে পাতক একে তিলে যাইবে ক্ষয়। যেন পদ্মপত্ৰে জল নথাকয় ৰৈই॥ ১৪৪॥ জীৱন্তে সদায়ে চিন্তে নামক আমাৰ। মোহোৰ নামত একমতি ভৈল যাৰ॥ সমস্তে পাতক এড়াই যাইবে মোৰ স্থান। সত্যে সত্যে বোলোঁ সখি লৈবাহা প্ৰমাণ॥ ১৪৫॥ চাণ্ডালো হোৱয় যদি মোত পৰায়ণ। বেদবেত্তা বিপ্ৰতো অধিক সিটো জন॥ বেদগৰ্ব্বী [ ৩৬ ] বিপ্ৰে নজানয় মোক সখি। চাণ্ডালে জানিলে মোক হৃদয়ত দেখি॥ ১৪৬॥ যিহেতু ভকতি নিষ্ঠ ভৈল তাত পৰ। চাণ্ডালক জানিবা এতেকে শ্ৰেষ্ঠতৰ॥ মোক অভকত যদি হোৱয় ব্ৰাহ্মণ। চাণ্ডালো তাহাত কৰি শ্ৰেষ্ঠ দশ গুণ॥ ১৪৭॥ চাৰি বেদ পড়ে যিটো মোত নাই মতি। অমৃতক তাৰো হাতে নলৈবোঁ সম্প্ৰতি॥ চাণ্ডালৰ ফুল জল লৈবোঁ হাত পাতি। যিহেতু সুদৃঢ় মোত কৰিলে ভকতি॥ ১৪৮॥ যিসব ব্ৰাহ্মণে মোক ভজে এক মন। সেহিসে কুলীন জন জানিবা অৰ্জ্জুন॥ সেহিসে পণ্ডিত মোৰ নাই সৰি বৰি। সত্যে বোলোঁ মঞি সখি নোহোঁ তাক সৰি॥ ১৪৯॥ মোৰ নাম গাৱে যিটো জানা ধনঞ্জয়। মোহোৰ নামত যিটো ৰতিক কৰয়॥ পুনু পুনু তাকে মঞি কৰোঁ নমস্কাৰ॥ ভকতত পৰে মোৰ প্ৰিয় নাহি আৰ॥ ১৫০॥ মনক নিশ্চয় কৰি মোক ভজিয়োক। বেদ দেখি সুদৃঢ় বিশ্বাস কৰিয়োক॥ [ ৩৭ ] নামযুক্ত জন মোৰ প্ৰিয় অতিশয়। হেন জানি নামযুক্ত হোৱা ধনঞ্জয়॥ ১৫১॥ আলস্য এড়িয়া যদি ভকত সকলে। মোৰ নাম কীৰ্ত্তন কৰয় অবিকলে। তাহাৰ লগত মঞিথাকোঁ সৰ্বক্ষণ॥ সত্যে সত্যে সত্যে সখি বুলিলোঁ বচন॥ ১৫২॥ সেহি ভক্ত বিনে নাহি পৰম নিৰ্গুণ। মোহোত কৰিয়া তাক মানিবা অৰ্জ্জুন॥ সত্য কৰি কহোঁ শুনা সখি ধনঞ্জয়। ভকতত পৰে মোৰ বন্ধু নাহিকয়॥ ১৫৩॥ আনত বিশ্বাস তুমি নকৰিবা মনে! মোৰ নাম গুহ্যকথা শুনিবা যতনে॥ শ্ৰদ্ধাভাৱে আমাক মানিবা ভাল কৰি। গুহ্য কথা নাম সখি লৈবা যত্ন কৰি॥ ১৫৪॥ এহিমানে মাত্ৰ সখি কৰিবাহা সাৰ। মোত ভিন্ন অন্য নোহে যত চৰাচৰ॥ সকলো ঘটত আত্মাৰূপে আছোঁ ৰৈই। আবে জানি সাৱধান হোৱা ধনঞ্জয়॥ ১৫৫॥ গুৰুক প্ৰণাম কৰোঁ মঞি বাৰশত। গুপ্ত কথা নাম মানে কহি অছোঁ যত॥ তোমাৰ চৰণে মন ৰহোক [ ৩৮ ] সদাই। আন বাঞ্ছা নকৰোহোঁ দিয়োক উপাই॥ ১৫৬॥ মঞি মহা পাতকীৰ যত পাপচয়। তোমাক স্মৰণে নিৰন্তৰে হৌক ক্ষয়॥ নমস্কাৰ কৰোহোঁ ধৰোহোঁ চৰণত। বৈষ্ণৱ অমৃত এহিমানে সমাপত॥ ১৫৭॥ নমো নমো নাৰায়ণ দেৱ যদুপতি। তোমাৰ চৰণে মোৰ থাকোক ভকতি॥ হে নাথ অনাথক কৰা পৰিত্ৰাণ। তনুনাৱ বুড়ি আসে নাহিকে গিয়ান॥ ১৫৮॥ জানিয়া তোমাৰ পাৱে পশিলোঁ শৰণ। শৰণাগতক নছাড়িবা নাৰায়ণ॥ অনন্তকন্দলি কহে এড়া আন কাম। পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥ ১৫৯॥

ইতি বৈষ্ণৱামৃত পুথি সমাপ্ত।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )