পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
বৈষ্ণৱামৃত।

নাশি মোৰ পদ পাৱে। হেন নাম যিটো জনে, স্মৰি ফুৰে সৰ্ব্বক্ষণে, সিসি বৈকুণ্ঠক লাগি যাৱে। মোৰ নাম যিটো ভজে, হেলাতে প্ৰাণক তেজে, নজানো কি গতি হোৱে তাৰ। কহোঁ সখি সত্যে সত্যে, কিনিলেক মোক ভৃত্য, সেহি ভৈল ঈশ্বৰ আমাৰ॥ ৭৩॥ জগততে অনুপম, কৃষ্ণ হেন মহানাম, কোটি মন্ত্ৰ জাপ্যে সম নুই। কৃষ্ণনাম দিয়া জড়ি, থৱে মোক বন্দি কৰি, নজানোহোঁ কিবা ফল হুই॥ ভজিবা প্ৰণাম কৰি, স্মৰিবা মনত ধৰি, দিৱসত মোক একবাৰ সিটো থাকে মোক পাই, কিছু তাৰ শঙ্কা নাই, কহোঁ সখি সত্য অঙ্গীকাৰ॥ ৭৪॥ শুনিয়োক সভাসদ, বৈষ্ণৱ অমৃত পদ, কৃষ্ণৰ মুখৰ সত্য বাণী। ইটো কলিকাল সাৰ, নাম বিনে নাহি আৰ, মুখে নাম এড়া কেন জানি॥ নামত দিয়োক মন, নামে সে পৰম ধন, নাম বিনে বন্ধু আন নাই। কলিত নামে সে ধৰ্ম্ম, কলিত নামে সে কৰ্ম্ম,