পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
বৈষ্ণৱামৃত।

এড়ি কৰা নামত যতন। বিনা নাম কলিত কাহাৰো নাহি গতি। হেন জানি নামক নেড়িবা দিনে ৰাতি॥ ১০৮॥ পড়ে বেদ শাস্ত্ৰ নিবিচাৰে তত্ত্ব তাৰ। নামত নভজে যিটো সেহি দূৰাচাৰ॥ যজ্ঞ যাগ যোগ কিছু নাহিকে কলিত জানি হৰি নামক নেড়িবা কদাচিত॥ ১০৯॥ তপ ধৰ্ম্ম কৰিয়া স্বৰ্গত যাই নৰ। স্বৰ্গত পতন আছে দেখিয়ো সত্বৰ॥ জনম মৰণ নুগুছয় পুনুতাৰ। নামত নভজি ভুঞ্জে যাতনা নিকাৰ॥ ১১০॥ অবিনাশী নাম ধৰ্ম্ম জানিবা নিশ্চয়। এতেকেসে চাৰি বেদে নাম মাত্ৰ কয়॥ ব্ৰহ্মপদ বিনাশী মোক্ষকো নাহি আশ। তাক এড়ি হওঁ বোলা ভকতৰ দাস॥ ১১১॥ ইটো কথা এড়ি ভকতিত কৰা ৰতি। নামেসে দিবেক জানা পৰম মুকুতি॥ এড়া আলজাল তৰিবাৰ কৰা কাম॥ বৈকুণ্ঠক যাইবা ডাকি বোলা ৰাম ৰাম॥ ১১২॥