পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
বৈষ্ণৱামৃত।

সদাই। আন বাঞ্ছা নকৰোহোঁ দিয়োক উপাই॥ ১৫৬॥ মঞি মহা পাতকীৰ যত পাপচয়। তোমাক স্মৰণে নিৰন্তৰে হৌক ক্ষয়॥ নমস্কাৰ কৰোহোঁ ধৰোহোঁ চৰণত। বৈষ্ণৱ অমৃত এহিমানে সমাপত॥ ১৫৭॥ নমো নমো নাৰায়ণ দেৱ যদুপতি। তোমাৰ চৰণে মোৰ থাকোক ভকতি॥ হে নাথ অনাথক কৰা পৰিত্ৰাণ। তনুনাৱ বুড়ি আসে নাহিকে গিয়ান॥ ১৫৮॥ জানিয়া তোমাৰ পাৱে পশিলোঁ শৰণ। শৰণাগতক নছাড়িবা নাৰায়ণ॥ অনন্তকন্দলি কহে এড়া আন কাম। পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥ ১৫৯॥

ইতি বৈষ্ণৱামৃত পুথি সমাপ্ত।