পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৪
বৈষ্ণবামৃত।

বিপ্ৰে নজানয় মোক সখি। চাণ্ডালে জানিলে মোক হৃদয়ত দেখি॥ ১৪৬॥ যিহেতু ভকতি নিষ্ঠ ভৈল তাত পৰ। চাণ্ডালক জানিবা এতেকে শ্ৰেষ্ঠতৰ॥ মোক অভকত যদি হোৱয় ব্ৰাহ্মণ। চাণ্ডালো তাহাত কৰি শ্ৰেষ্ঠ দশ গুণ॥ ১৪৭॥ চাৰি বেদ পড়ে যিটো মোত নাই মতি। অমৃতক তাৰো হাতে নলৈবোঁ সম্প্ৰতি॥ চাণ্ডালৰ ফুল জল লৈবোঁ হাত পাতি। যিহেতু সুদৃঢ় মোত কৰিলে ভকতি॥ ১৪৮॥ যিসব ব্ৰাহ্মণে মোক ভজে এক মন। সেহিসে কুলীন জন জানিবা অৰ্জ্জুন॥ সেহিসে পণ্ডিত মোৰ নাই সৰি বৰি। সত্যে বোলোঁ মঞি সখি নোহোঁ তাক সৰি॥ ১৪৯॥ মোৰ নাম গাৱে যিটো জানা ধনঞ্জয়। মোহোৰ নামত যিটো ৰতিক কৰয়॥ পুনু পুনু তাকে মঞি কৰোঁ নমস্কাৰ॥ ভকতত পৰে মোৰ প্ৰিয় নাহি আৰ॥ ১৫০॥ মনক নিশ্চয় কৰি মোক ভজিয়োক। বেদ দেখি সুদৃঢ় বিশ্বাস কৰিয়োক॥