পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
বৈষ্ণৱামৃত।

গতি। অগেনিৰ কুম্ভীপাকনৰকক প্ৰতি॥ ৫৮॥ ষাঠিকল্প মানে তাত উপভোগ খাই। পুংনাম নৰক প্ৰতি পাছে লৈয়া যাই॥ ধৰি ধৰি টানি টানি তাৰ জিহ্বা কাটে। এহি মুখে গুৰুক নিন্দিলি হাটে বাটে॥ ৫৯॥ চতুৰ্ভিতি বোলে কাট মাৰ অধোগামী। তোৰ সম পাপী কৈতো নতু দেখোঁ আমি॥ এহি বুলি নানা বিকত্থনা কৰি মাৰে। গুৰুদ্ৰোহী ভৈলে নাথ নোবোলে সংসাৰে॥ ৬০॥ কাক গৃধ্ৰে টানি টানি চক্ষু জিহ্বা খাই। লোহাৰ মুদগৰ লৈয়া মাৰৱ কোবাই॥ তৈৰ পৰা শূকৰ যোনিক লাগি যাই। জোক পোক কুকুৰ শৃগাল জন্ম পাই॥ ৬১॥ চৌৰাশী নৰক ভুঞ্জে উপজিয়া মৰি। এহি মুখে আছে গুৰু দ্ৰোহক আচৰি॥ তেবে যদি ভাগ্যতে মনুষ্য জন্ম পাই। গুৰুত সুসেৱা কৰি তেবেসে তৰই॥ ৬২॥ গুৰু হৰি বিনে নৰ সংসাৰ নেড়ায়। হেন জানি গুৰুক নিন্দিবে নুযুৱায়॥ গুৰু তুষ্ট ভৈলে