পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ছবি।

 হেন শুনি অৰ্জ্জুনৰ, পুলকিত কলেৱৰ, সিহৰিল সমস্তে শৰীৰ। প্ৰেমৰ নাহিকে পাৰ, কৰিলন্ত নমস্কাৰ, কৃষ্ণৰ চৰণে থৈয়াশিৰ॥ প্ৰেমে গদ গদ বীৰে, মাতিলন্ত ধীৰে, ধীৰে, শুনা প্ৰভু ত্ৰিজগতপতি। তোমাক মনত স্মৰি, প্ৰাণ এড়ে যিটো হৰি, কৈয়ো তাৰ কেনে হৈবে গতি॥ ৬৮॥ কহিয়োক দয়াময়, ছেদিয়ো সংশয়চয়, দেৱৰো দেৱতা তুমি হৰি। তোমাৰ প্ৰসাদে বাপ, তৰোহোঁ সংসাৰ তাপ, প্ৰভু মোতকৈয়ো ভাল কৰি॥ ব্ৰহ্মা আদি দেৱঝাক, চিন্তিয়া নাপাৱে যাক, ধ্যানতো নাপাৱে যোগী লাগ। হেন জগতৰ স্বামী, তোমাক পাইলোহোঁ আমি, কিনো মোৰ আছে মহাভাগ॥ ৬৯॥ যদি মোত আছে দয়া, গুছায়ো সংসাৰ মায়া, কৈয়ো যিবা সুধি আছোঁ আমি। তৰোঁ মহা দুখ ক্লেশ, দিয়ো মোক