পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈষ্ণৱামৃত।

নমো নমো বাসুদেৱ মুকুতিদায়ক॥ ২॥ নমো নিৰঞ্জন নিৰাকাৰ নাৰায়ণ। মোক্ষ সমস্তৰ তুমি প্ৰসন্ন কাৰণ॥ নাহি শত্ৰু মিত্ৰ জগততে উদাসীন। নাহি জাতি কুল প্ৰভু নাহি ভিন্না ভিন॥ ৩॥ পৰমাত্মাৰূপে তুমি হুয়া আছা স্থিতি। আপুনি সে প্ৰভু তুমি স্ৰজিলা প্ৰকৃতি॥ সৃষ্টিৰ কাৰণে স্থূলৰূপ নাৰায়ণ। নমো নিৰাকাৰ প্ৰভু তোমাৰ চৰণ॥ ৪॥ গুৰুৰ চৰণ মনে কৰোঁ নমস্কাৰ। যাৰ উপদেশে তৰে দুৰ্ঘোৰ সংসাৰ॥ গুৰু বিনে সংসাৰত আন নাহি কেৱ॥ আদি অন্ত মধ্যত গুৰুসে আদি দেৱ॥ ৫॥ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ। চৰাচৰ জগতৰ গুৰুসে ঈশ্বৰ॥ গুৰু পৰব্ৰহ্মক প্ৰণামোঁ বাৰম্বাৰ। হৌক পদ গুৰুপদ প্ৰসাদে প্ৰচাৰ॥ ৬॥ সবে সমজ্যাক কৰোঁ পড়িয়া প্ৰণতি। বঢ়া টুটা দোষ মোৰ ক্ষমিয়ো সম্প্ৰতি। মহামূৰ্খ হুয়া কৰোঁ শাস্ত্ৰৰ বিচাৰ। কৃষ্ণ কথা শুনি সবে হুয়োক নিস্তাৰ॥ ৭॥ কৰ