সমললৈ যাওক

পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
বৈষ্ণৱামৃত।

যায় আলে জালে, যাৱে নতুধৰে কালে, নিৰন্তৰে বোলা ৰাম ৰাম॥ ৭৮॥

পদ।

 শুনিয়া কৃষ্ণৰ হেন মধুৰ বচন। পৰম আনন্দ হৈল অৰ্জ্জুনৰ মন॥ অৰ্জ্জুনক সম্বুদ্ধি বোলন্ত জগন্নাথ। নিন্দকৰ কথা কহোঁস্বৰূপ তোমাত ৭৯॥ ভকত নিন্দক তাৰ হৈবে যেন গতি। তাক কহোঁ সখি আবে শুনিয়ো সম্প্ৰতি॥ মোৰ ভকতক নিন্দা কৰে যিটো জন। কদাচিতো তাৰ সেৱা নাই প্ৰয়োজন॥ ৮০॥ সৰ্ব্বনাশ ভৈল সিটো জানা ধনঞ্জয়। সত্যে সত্যে কহোঁ সখি তোমাত নিশ্চয়॥ ভকতৰ নিন্দা শুনি নাসহে পৰাণ। মোত কৰি সখি ভকতৰ নিন্দা টান॥ ৮১॥ হেন ভকতক নিন্দা অধোগতি যাই। নিন্দক জনৰ সখি একো গতি নাই॥ যদি তাৰ পিতা মাতা বৈকুণ্ঠত থাকে॥ ভক