পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈষ্ণৱামৃত।

হেন জানা বীৰবৰ॥ যথা তথা মোৰ ভক্ত জানা ধনঞ্জয়। তথাত আমাৰ সুখ জানা মহাশয়॥ ২৩॥ গঙ্গা আদি পৃথিবীত যত তীৰ্থগণ। ভকতৰ পাছে পাছে কৰয় গমন॥ মোহোৰ অমূল্য নাম মহাধৰ্ম্ম চয়। ইহাক জানিলে সুখে সংসাৰ তৰয়॥ ২৪॥ মোৰ নাম যিটো জনে অহৰ্ন্নিশি গাই। সদায়ে মঙ্গল তাৰ অমঙ্গল নাই॥ মোৰ নাম বিনে সখি ভকত সকল। আন নাম নগাৱয় জানা মহাবল॥ ২৫॥ মোহোৰ নামেসে ভকতৰ মহাধন। মঞি সে জানিবা সখি ভক্তৰ জীৱন॥ মোৰ ভকতক যিটো দেখয় আপোন। তাক মঞি দয়া কৰোঁ জানিবা অৰ্জ্জুন॥ ২৬॥ তাত পৰে সংসাৰত আন নাহি কেৱ। ভকতৰ ভকতি সেমোৰ প্ৰিয় সেৱ॥ মোৰ ভকতক নিন্দা কৰে যিটোজন। যদ্যপি মোহোত ভক্তি কৰে সিটো জন॥ ২৭॥ তথাপিতো তাত মোৰ কিছু স্পৃহা নাই। সত্যে সত্যে কহোঁ