সমললৈ যাওক

পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈষ্ণৱামৃত।

সখি তোমাত বুঝাই॥ মোৰ নাম লৱে যিটো কায়বাক্য মনে। মোহোৰ কৰ্ম্মত যাৰ ৰতি, সৰ্ব্বক্ষণে॥ ২৮॥ কদাচিতো নেদোঁ তাক মুকুতি পদক। ভকতি সে সৰ্ব্বদায়ে দেওঁ ভকতক॥ ভকতি সে কৰে জানা সংসাৰৰ পাৰ। শুনিয়োক সখি যেন ভকতি আমাৰ॥ ২৯॥ দশদিগপাল আদি যত দেৱচয়। সিসবো জানিবা সখি মোৰ অংশ হয়॥ তথাপিতো ভকতৰ সমান নোহয়। বহু সত্য কৰি কহোঁ তোমাত নিশ্চয়॥ ৩০॥ মোক ভজে যিটোজনে তেজি ধৰ্ম্ম আন। সেহি সে ভকত সখি মোৰ আত্মা প্ৰাণ॥ অৰ্জ্জুনক সম্বোধিয়া মাতন্ত শ্ৰীহৰি। কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি॥ ৩১॥ জগতৰে গুৰু ভক্ত জানিবা নিশ্চয়। ভকতৰ গুৰু মঞি জানা ধনঞ্জয়॥ মোৰগুৰু ভকতেসে স্বৰূপ স্বভাৱ। যেন বায়ু আকাশৰ নাহি ভিন্নভাৱ॥ ৩২॥ মোক ভকতক যিটো মানে ভিন্ন কৰি। মোৰ শৰী