সমললৈ যাওক

পৃষ্ঠা:ভক্তি সাধন বা বৈষ্ণৱামৃত.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
বৈষ্ণৱামৃত।

পণ্ডিতে বুঝিবে শাস্ত্ৰ চাই॥ ৭৫॥ তপ জপ যজ্ঞ দান, কষ্টব্ৰত তীৰ্থস্নান, সবে পুণ্য নামৰ কিঙ্কৰ। নামতেসে আছে ৰহি, যত চৰাচৰ মহী, সুৰ সিদ্ধ ব্ৰহ্মা হৰি হৰ॥ নামৰ মহিমা পৰে, নজানিয়া পাপী নৰে, আন কৰ্ম্ম কৰি মৰে বৃথা। নাহিকে ধনৰ ব্যয়, গাৱে দুখ নলাগয়, জানি নাম নেড়িবা সৰ্ব্বথা॥ ৭৬॥ যত বন্ধু ধন জন, যাইবে একে তিলে প্ৰাণ, কোন হুইবে লগৰ সঙ্গতি। পিতা মাতা গুৰুজন, দেৱধৰ্ম্ম আৰাধন, নাম বিনে কোনে দিবে মুক্তি॥ জ্ঞানহীন কৰ্ম্মহীন, ভক্তিহীন মহাদীন, কৰোঁ হেৰা পদক প্ৰচাৰ। বুলিয়া মূৰ্খৰ পদ, নিনিন্দিবা সভাসদ, কৰো হেৰা কোটি নমস্কাৰ॥ ৭৭॥ কৈত শুনি আছে নৰে, জানিয়া নামত পৰে, কহে বেদ শাস্ত্ৰ যে পুৰাণ। মূলৰ অৰ্থক চাই, গুৰু মুখে তত্ত্ব পাই, ইটো পদ কৰিলোঁ ব্যাখ্যান॥ কৰযোড়ে বোলো হেৰা, আসুৰ স্বভাৱ এড়া, ক্ষণিতেকো নকৰাবিশ্ৰাম। আয়ু